Monday, 16 March 2020

অচিনা দেশত

বিষাদেই জানো কাৰোবাৰ একান্ত লগৰী,
হৰ্ষও আহিব এদিন
হৈ বিষাদৰ বিৰোধী৷
বিষাদক লগৰী কৰি
ঘুৰি ফুৰিছো মই
হৰ্ষ আছে ক’ত বিচাৰি,
তপত মৰু,চেচা বতাহত থাকিব নোৱাৰো
নোৱাৰো যাব অতীতক পাহৰি৷
অচিনা দেশৰ মাজেৰে যাওঁতে
মোৰ বুকুত খুন্দিয়াই চিনাকি মুখবোৰে,
কান্দো বহি অচিনাদেশৰ মুছাফিৰ খানাত
যেতিয়া মনত পৰে মিঠা মিছা কথাবোৰলে৷
হয়তো মোক কোনোবাই চাইছে
দেখিছে চকুলো টোকা
কিন্তু সোধা নাই একো মই যে অচিনা,
আছে বাৰু কিমান মানুহ
মোক স্বপ্নভংগ কৰা মানুহবোৰৰ নিচিনা৷
এই দুই চকুৰেই দেখিছো
কতজনৰ মিলন,
কোনো নোলাল মোক ভালপোৱা
কি এই মোৰ জীৱন!
পথে পথে ফুৰিছো মই
আমনি লাগিছে তপত চকুলো মোহাৰি,
মই ক’ত, কেনে আছো খবৰ লবলৈ
কাৰো নাই চাগৈ আজৰি!
জীৱনৰ কুসুম বনত সাৰ পাইছিলো
শুৱলা কেতেকীৰ মাতত,
মৰম মই ক’তো নাপালো
হিয়াৰ আমঠু বিচ্ছেদ হল নাই মোৰ লগত৷
মনত পৰে সেইদিনাৰ সেই দৃশ্যটিলৈ
জীয়াই থকালৈকে মনত থাকিব,
আভৰণ পিন্ধি হৰ্ষ এদিন
মোৰ কাষলৈ কেতিয়া আহিব?
অহৰহ ভৱনদীত দুখক বোকোচা বান্ধি
ফুৰিছো মই সাতুৰি,
আজি যিমান,কাইলৈও সিমানেই থাকিব
মৰাৰ পাছতনো জীৱৰ অস্তিত্ব কি?
মোক কৰক বিশ্বাস ঘাতকটা
কিন্তু মই নকৰো 
এইয়া মোৰ সৰলতা৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...