মনে মনে নিৰৱে বহি,
দুখৰ সময় কটাওঁ নিসংগভাৱে
তপত দুধাৰি চকুলো টুকি৷
হৃদয়ৰ বেদনা উচুপনিক বুজাব
নোৱাৰিি অৱস হৈ পৰো
দুখৰ লগত যুঁজি যুঁজি
সুখৰ কেতিয়াও মুখ নেদেখো৷
নাই কোনো মোৰ সুখ দুখৰ সমভাগী
একবিংশ শতিকাৰ কৰ্মময় জীৱন
ব্যস্তময় সময়
যদি ধনী হলোহেতেন তেতিয়া
বহুত সুখ দুখৰ সমভাগী পালোহেঁতেন৷
নিশ্চয় নিবিচৰাকৈয়ে
কাষত নিজেই আহি হলহেঁতেন উপস্থিত৷
কিন্তু আজি বিচাৰিও কাষত
কাকো পোৱা নাই
বিফলতাৰ মনোৰথ লৈ
উভতি আহিছো বাৰে বাৰে
মোৰ ভগা পঁজালৈ৷
এদিন মোৰ হাতলৈ হয়তো টকা আহিব
কিন্তু সেইদিনা হয়তো মোৰ
কাষত কোনো নাথাকিব৷
বয়স নামৰ অসুৰটোৱে মোক
চুচৰাই লৈ গৈ আছে
মই ৰৈ যাব পৰা নাই
নি আছে গৈ আছোা৷
No comments:
Post a Comment