Sunday, 8 March 2020

মই ভাবিছিলো

ভাবিছিলো মই জানানে
কোনোকালে নাহে মোৰ হেৰুৱা দিনৰ
সপোনবোৰ আকৌ এবাৰ ঘুৰি,
সেউজীয়া পথাৰ এৰি আহিলো
সন্ধিয়া নাযাওঁ বুলি৷
অচিনাকি মানুহৰ মাজত
দেখা পালো ক’ত যে চিনাকি মুখ
মোলৈ চাই হাঁহি থাকে মিচিকিয়াই!
দিনবোৰ যে কালৈকো নৰয়
ভাবিছিলো কোনোকালে নাহে কেতিয়াও
তোমাৰ লগত পাৰ কৰা দিনবোৰ মনত,
গুচি গ’লা তুমি কাষৰপৰা
বিষাদে প্ৰৱেশ কৰিলে জীৱনত!
মোৰ কাষত থাকিল অতীতৰ
দিনবোৰৰ মনোৰম কথাবোৰ
হঠাৎ চুৰমাৰ হ’ল মোৰ সপোনবোৰ৷
দুখী,দুখী মনেৰে থাকো অকলে
কৰবাত আমন জিমনকৈ বহি
হে নিয়তি,তোমাৰ কি লীলা
বিষাদ মনেৰে আছো
মৃত্যুৰ ক্ষণ গণি, গণি৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27