Sunday, 8 March 2020

দুদিন

কোন বাৰু কাৰ চিৰদিনৰ চিনাকি
দুদিনৰ চিনাকিহে আমাৰ,
আঘোণৰ ধান চপোৱাৰ পিছত
যেনেকৈ ৰৈ খালী পথাৰ৷
দুদিনৰ যাত্ৰী আমি
দুদিনৰ আলহী হৈ আহিছো,
জীৱন নাটক সামৰি এদিন
যাম বুলি প্ৰতিশ্ৰুতি দি আহিছো৷
চকুৰ চিনাকি দুদিনৰ
সকলো সময়ত নিজ বাটে যায়,
শলিতা জ্বলি শেষ হলে
চাকিটো লাহেকৈ নুমায়৷
কোন বাৰু আমাৰ মৰমৰ
সদায় জানো কাষতে পাওঁ,
জীৱন নাটৰ আমি ভাৱৰীয়া
অকলেই আহি অকলেই যাওঁ৷
বাধা দিব নোৱাৰো
সেই বাটৰ সকলো বাটৰুৱা,
লমগৈ এদিন চিৰশান্তি
আমি যে ভাগৰুৱা৷
দুখ-সুখ,হাঁহি-কান্দোন খেল ধেমালিৰ
মাজেৰে শেষ হ’ব দুদিনীয়া জীৱন
কাকো নিব নোৱাৰো লগত,
পোহৰ আৰু অন্ধকাৰৰ খেলা জগতত৷
এজন যায় দুদিনৰ আগত
আনজন যায় দুদিনৰ পাছত,
হেঙাৰ বাৰু আছেনে চাগৈ
সেই অন্ধকাৰ বাটত৷
কৰুণ-বেদনা, নিষ্ফলতাৰে পৰিপূৰ্ণ
আমাৰ জীৱনৰ অভিনয়,
ভাগি যায় মাথো বাৰে বাৰে
আমাৰ সুকোমল হৃদয়৷
এই বিশ্বত পাতিছো বাৰু
কিহৰ খেল নোৱাৰো ক’ব,
মানুহৰ জীৱনৰ জন্ম-মৃত্যু
সদায় হৈ থাকিব৷
জীৱন নাট ভাগিব এদিন
আমি সকলোৱে অভিনয় সামৰিম
এই জনমত কি ঘটিব
মনত জানো ৰখাব পাৰিম৷
পাহৰিম এই জনমৰ কথা
মৰমৰ আছিল কোন আপোনজন,
বাৰে বাৰে সকলোৱে ভাগে
সুকোমল হৃদয়খন৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...