হয়তো তুমি সৰু বুলি ভবা
বস্তু এটাই কেতিয়াবা দিব পাৰে
জয় আৰু সত্যৰ সন্ধান৷
কৰিলে কৰক তোমাক
মাথোঁ তুমি নকৰিবা
থাকিবা সহ্য কৰি
আত্মৰ শক্তিৰে আত্মৰক্ষা নকৰিলে
আন কোনে দিবহি তোমাক ৰক্ষা কৰি৷
এইয়া জীৱনৰ সংগ্ৰাম
পদে পদে থাকিব যে বাধা
আজিয়েই কৰি শেষ কৰা
কালিলৈ নথবা কাম আধা৷
মানুহ সদায় সুখী হ’বলৈ বিচাৰে
কোনো হ’ব নিবিচাৰে দুখী ৷
কোনে জানিব বাৰু ভাগ্যৰ লিখন
বিধাতাই কি পঠাইছে লিখি!
সুখে মানুহৰ দৈনিক আৱশ্যকীয়
সকলোৰে খোৰাক যোগায়
অসৎ চিন্তাই সকলো বেয়াৰ মূল
জানিবা সদায়৷
No comments:
Post a Comment