Wednesday, 1 January 2020

তুমি কোৱা হলে

তুমি কোৱা হলে
মই সকলো বুজিলো হেতেন
প্ৰতি মূহূৰ্ততে ৰাজি আছিলো
যি কোৱা তাকে কৰিবলৈ৷
অথচ তুমি একোৱেই নকলা
ব্ৰহ্মপুত্ৰ অথবা এভাৰেষ্ট
নতুবা বাৰমুডা ট্ৰাইংগল
সকলো একাকাৰ কৰিলোঁ হেতেন!
তুমি কোৱা হলে
কি বেয়া পোৱা
মই হলো হেতেন পৰিৱৰ্তন!
তুমি বেয়া পোৱাটো কৰিলো হেতেন
দূৰতে বিদূৰ
কপালৰ ঘাম মাটিত পেলাই
আনি দিলো হেতেন তুমি 
যি বিচাৰা সকলো
এতিয়াওঁ যদি বিচাৰা
প্ৰাণটো দিম তোমাৰ হাতত তুলি
কোৱানা এবাৰ কিনো বিচাৰা তুমি…………
১৫ মে ২০১০ চন
শনিবাৰ

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27