Saturday, 21 November 2020

চেহেৰাৰ ভিতৰতো থাকে অন্য এটা চেহেৰা

চেহেৰাৰ ভিতৰতো থাকে অন্য এটা চেহেৰা৷ধুনীয়া,ভাল কথা কোৱা সকলো মানুহ ধুনীয়া আৰু ভাল নহবওঁ পাৰে ঠিক সেইদৰে দুটা বেয়া ( অশ্লীল ) শব্দ বা কথা কলেই মানুহজন বেয়া নহবওঁ পাৰে৷আমিবোৰ আৱেগ অনুভূতি থকা মানুহ৷তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ সফলতা বা উন্নতি কামনা নকৰে৷পৃথিৱীৰ আটাইতকৈ কঠিন কাম মানুহ চিনি পোৱাটো৷

যেতিয়া বিপদ আহে তেতিয়া গম পোৱা যায় আপোন কোন পৰ কোন? কেতিয়াবা ধুমুহা আহে সেই ধুমুহাই দেখুৱাই দিয়ে আপোনৰ মুখা পিন্ধি থকা অচিনাকি মুখ কেইখন৷হাতত ধৰি আগুৱাই নিয়া মানুহ হয়তো হাজাৰ জনৰ মাজত ২ জন ওলাব কিন্তু পিছফালৰ পৰা টানি ধৰা মানুহ বহুত ওলাব৷

চেহেৰাৰ মাজত লুকাই থকা চেহেৰাটো দেখা পোৱাৰ পাছত তেনেকুৱা মানুহৰ প্ৰতি আন্তৰিকতা কমি যায় বাঢ়ি যায় দূৰত্ব৷পৰা পক্ষত তেনে মানুহৰ পৰা দূৰত থকাই মংগল৷কথাৰে সহায় কৰা মানুহৰ অভাৱ নাই  কিন্তু হাতে কামে কৰি সহায় কৰা মানুহৰ সংখ্যা তেনেই নগণ্য৷ বহু মানুহ দিনত ৰাম হৈ থাকে আৰু ৰাতি ৰাৱণ হৈ যায় !দিনত এটা ৰূপ ৰাতি এটি ৰূপ দিন ৰাতিৰ ৰূপৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ 

আজিকালি প্ৰতি খোজতেই সাৱধানেৰে খোজ দিব লগা হয় নহলে বহুৰূপী বোৰৰ পৰা খোজ দিবলৈও ভয়৷তোমাৰ দুখৰ কথা শুনি হয়তো দুখী হৈ দেখুৱাব কিন্তু সেই কথাটো আনক হাঁহি হাঁহি কব৷কিছুমান মানুহে কাষচাপি সকলোবোৰ জানি লব আৰু যেতিয়াই মন যায় তেতিয়াই তেওঁ আঘাত কৰি আতৰি গুচি যাব !

যি কামেই নকৰা কিয় মানুহে প্ৰথমে আঙুলি টোৱাই কবই কিন্তু লক্ষ্যত উপনীত হলে সেইবোৰ মানুহে দহো আঙুলি একেলগে কৰি হাত চাপৰি বজাব৷চেহেৰাৰ ভিতৰতো থাকে অন্য এক চেহেৰা কথাষাৰ প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতেই খাতে৷আজিকালি ফাদাৰ্ছ দে,মাদাৰ্ছ দে এই দিৱস বোৰ যিমানেই বাঢ়িবলৈ লৈছে সিমানেই বৃদ্ধাশ্ৰম,Old Age Home ৰ সংখ্যা বৃদ্ধি পাবলৈ ললে৷ মাদাৰ্ছ দেত মাৰ বিষয়ে,ফাদাৰ্ছ দেত দেউতাৰ বিষয়ে একেলগে এখন চেলফি উঠি এগালমান কিবাকিবি লিখি বাকীবোৰ দিনত মা-দেউতাক কাম বনত সহায় কৰি দিয়ানে? তেওঁলোকৰ কথা মানি চলানে?

মানুহ ঘৰত থাকিলেও বেলেগ বাহিৰত ওলাই গলেও বেলেগ৷ঘৰত যিমানেই দুখ,চিন্তা,হতাশাত নাথাকো কিয় বাহিৰলৈ যোৱাৰ আগত কিন্তু হাঁহিৰ মুখাখন পিন্ধি লওঁ৷ কেতিয়াবা ভালপোৱা ,বিশ্বাস কৰা মানুহবোৰে মুখাখন খুলি চেহেৰাটো দেখুৱাই দিয়ে ঠিক তেতিয়াই অচিনাকি কোনোবা এজনে মুখাখন খুলি চেহেৰাটো দেখুৱাই আৰু আমি বুজি পোৱা হওঁ আপোন পৰৰ সংজ্ঞা৷ প্ৰকৃতিৰ পৰিবৰ্তনৰ দৰে মানুহৰ জীৱনলৈও পৰিৱৰ্তন আহে৷প্ৰকৃতি যিদৰে সলনি হয় ঠিক তেনেকৈয়ে মানুহো সলনি হয়৷ এটা কথা লক্ষ্য কৰিলে দেখা পোৱা যায় প্ৰকৃতিয়েও চেহেৰাৰ ভিতৰত অন্য এটা চেহেৰা লুকুৱাই ৰাখে৷মানুহ লগ পাওঁ কিছুমান কাষচাপি আহে,কিছুমান আতৰি যায় নিজৰ চেহেৰাটো দেখুৱাই যায় বিশেষ আচৰিত নহওঁ কাৰণ জানো “ চেহেৰাৰ ভিতৰতো থাকে অন্য এটা চেহৰা ”৷

নিকু বৰুৱা
২১/১১/২০২০

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...