মোৰ কাষৰপৰা আতৰি
মিছাকৈয়ে মোক মৰম দেখুৱাই
আজি গ’লা পাহৰি !
এজনে মন খুলি আনন্দত মাৰিছে হাঁহি
মোৰ বিষাদৰ একোটি ছাঁ
দি থৈ গ’লা তুমি কিয়
তপত বতাহৰ বা ?
ইকাণে সিকাণে শুনিছো মই
তোমাৰ বিয়াৰ বাতৰী
প্ৰতিশ্ৰুতিৰ মৃত্যু হ’ল
বিষাদে ধৰিলেহি আৱৰি৷
তুমি যেন সুখী হোৱা
সেইজনৰ লগত থাকি
যি এজন ডাঙৰ মানুহ
বহুত ধন সম্পত্তিৰ অধিকাৰী৷
মইনো বাৰু কি দিম তোমাক
একো মোৰ দিবলৈ নাই হাতত
বলিয়া হৈ পৰিছিলোঁ মই
তোমাৰ প্ৰেমত ৷
কিন্তু আজি কি হ’ল বাৰু
মই একো বুজিব পৰা নাই
মনৰ মাজত বেদনাৰ ৰাজত্ব
আছো মৃত্যুলৈ বাটচাই !
আহিছো অকলশৰীয়া হৈ
যামগৈ এদিন অকলে
কোনেনে কান্দিব বাৰু
কোনো নাই মোৰ কাষতে !
No comments:
Post a Comment