Sunday, 28 March 2021

তুমি ক’ত আছা ?

যদিও নাজানো তুমি ক’ত আছা
তোমাক মই বিচাৰি যাম,
যদিও তুমি মোক পাহৰি গ’লা
তোমাক এবাৰ নয়ন জুৰাই চাম৷

ঠিকনাবিহীন যাত্ৰা কৰিম
মই তোমাক বিচাৰি,
ক’ত আছা কেনেদৰে আছা
কিয় গ’লা ঠিকনাবিহীন হৈ আতৰি৷

যদিও তুমি মোক একো বুলি নাভাবা
তথাপি তোমাক বিচাৰি যাম,
এখন্তেক যদি ভগৱানক পাহৰিছো
পাহৰা নাই তোমাৰ নাম !

তুমি বিহীন জীৱন অসহ্য যন্ত্ৰণা
সেইবুলি তোমাক আজুৰি নানো জীৱনলৈ,
কেনে আছা,কি কৰি আছা জানিব মন যায়
সেইবাবে যাম তোমাক চাবলৈ !

তুমি যদি পাহৰি গৈছা মোক
মোৰ ক’বলগীয়া একো নাই,
মোৰ হৃদয়ত তুমি মাথোঁ তুমি
তাৰ বাহিৰে একো নাই ৷

১৭/১১/২০১১

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...