Saturday, 3 April 2021

অ’ মৰমৰ মাইনা

অ’ মৰমৰ মাইনা
পলুৱাই লৈ যাম চাইনা
দেখুৱাম গৈ চিংগাপুৰ
তোমাক পালে দিঠক হ’ব সপোনবোৰ৷
বাৰিষাৰ নদী পানী কোবাল
তোমাক দেখিবলৈ লাগে ভাল
মই একো নজনাকৈয়ে 
মাৰিলা কিহৰ জাল ?
কোৱা কোৱা
মৰম মোক দিম বুলি
থাকিবা সদায় 
মোৰ হিয়াত ফুলি৷
বিয়া পাতিম কামাখ্যাত
মৰমক সাক্ষী কৰি
তুমি বাৰু ৰাজীনে
কোৱানা লাহে কৰি৷
পখিলা উৰে ডালে ডালে
দেখি জান ঐ ভাল লাগে
মাইনা তুমি ধুনীয়া
তোমাক দেখিলে কলিটিয়ে পাহি মেলে৷
ৱেলিংটন,ভেটিকান চিটি
সকলো তোমাক দেখুৱাম
হিয়াত অংকিত হ’ল
মাইনা তোমাৰ নাম৷
ভোক পিয়াহ নলগা হ’ল
থাকো তোমাৰ কথা ভাবি
একেৰাহে সপোনত 
আহা দিন ৰাতি৷
ফাগুন - চ’তত ফুলে আম
ডালত লাগে কঠাল
ৰৈ যোৱা নদীখনৰ
সোঁত হয় যে কোবাল !
এসাঁজ খাই এসাঁজ নাখাই হলেও
বনাই দিম সোনৰ আঙুঠি
সজা নাই প্ৰতিমা
আঁকিলো তোমাৰ প্ৰতিছবি৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...