Sunday, 11 April 2021

ধোঁৱা

মোৰ দুচকুৰ অশ্ৰুৱে তোমাক
নোৱাব ধোৱাব মাহ হালধিৰ সৈতে
আয়তীয়ে দিব উৰুলী
জ্বলিব কেচা আম কাঠৰ জুই
মোৰ হিয়াত এটি ধপধপনি আৰু
এক বিৰহ যান্ত্ৰণা !

হ’ব তাত অতীতৰ মধুৰ স্মৃতিয়েই সান্তনা
মোৰ সপোনে পিন্ধাব তোমাক বহু সাজপাৰ
আৰু নানা আ অলংকাৰ
মোৰ নিগৰি আহিব এটি তপত হুমুনিয়াহ
হিয়াৰ তাজমহলত বন্দী তুমি
নহয় মইহে বন্দী তোমাৰ কাৰাগাৰত
তুমি তাৰ জেইলৰ ৷

জুই জ্বলিলে কিন্তু ধোঁৱা নাই
তপত পানী কিন্তু উতলোৱা নাই
কণী মাটিত পৰিল ঠেকেঁচা খাই
ঢেঁকীৰ ঢেংকুৰুচ ঢেংকুৰুচ শব্দ৷

উশাহ বন্ধ হৈ যায় 
গুচি যায় এটি ৰাতি
পিছদিনা সকলো নতুন !

এভাৰেষ্টত উঠি নামিবলৈ বৰ টান
আমুণ্ডছেনে দক্ষিণ মেৰু জয় কৰিলে
পৰাজিত হ’ল স্কট ৷

মোৰ থানবান সপোনে তোমাক
অট্টালিকা সজাই দিব
মই হ’ম ৰোমিঅ বা মাৰছিলা
দুকুৰা জুই দুঠাইত জ্বলিব
কিন্তু একে ধোঁৱাই ওলাব ৷

No comments:

Post a Comment

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷