Wednesday, 9 June 2021

নিৰাশাবোৰ হ’ব আশাৰ কিৰণ

নিৰাশাবোৰ হ’ব আশাৰ কিৰণ
আৰম্ভ হ’ব নতুন জীৱন
সুখ দুখ জীৱনত থাকিবই
হাঁহিবোৰ এদিন কাষলৈ আহিবই৷

সময় যাব আগুৱাই
সপ্তাহ,মাহ বছৰ কৰি
যোৱাবোৰ যাবলৈ দিয়া
নালাগে ৰাখিব ধৰি৷

এই ধৰণীত চোৱা হ’ব পাৰি
প্ৰকৃতিৰ প্ৰেমত বিলীন
নতুন কিবা পিন্ধি লোৱা
মন নকৰিবা মলিন৷

ল’গ পাবা চিনি পাবা
বুজিবা ক্ষন্তেকীয়া সকলোবোৰ
হাঁহিৰো দাম আছে
মূল্য আছে চকুলোৰ৷

সপোনৰ পম খেদি
দৌৰ মাৰা বাস্তৱৰ পাছত
দেখিবা এদিন সকলোবোৰ আছে
তোমাৰ কাষত ৷

০৯/০৬/২০২১

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...