কেতিয়াবা আহিবি
কথা পাতিম সুখ দুখৰ
বহুদিন হৈ গ’ল
হাঁহিটো দেখা নাই তোৰ মুখৰ৷
আগতে তয়েই সদায়
ৰাখিছিলি মোৰ খবৰ
তই যে নাই কাষত
জীৱন যেন ডাৱৰীয়া বতৰ !
মনত পৰে তোলৈ সঘনাই
মনত ভাহে প্ৰতিছবি
মনত বাৰু আছেনে তোৰ
আমি একেলগে লোৱা প্ৰতিশ্ৰুতি৷
একোকে ভাল নলগা হ’ল
কাকো একো ক’ব নোৱাৰো
তই ল’গ পালে কবিচোন মোক
অতীতক কেনেকৈ পাহৰো৷
কেতিয়াবা যদি সময় পাৱ’ আহিবি
তোৰ মাতটো বহুদিন শুনা নাই
ভিজা ভিজা গাৰুটো
আজিও শুকোৱা নাই৷
তোক কাষৰ পৰা এপলক চাই
হৈ যাম সুখী মই
কেনেকৈ পাহৰিম অতীতক
বুজাই কিন্তু দিবি তই!
No comments:
Post a Comment