Friday, 15 July 2022

ৰজা ৰাণী

বহুদিনৰ আগৰ কথা
এক আছিল ডাঙৰ ৰজা
কওঁ শুনা বৰ মজা
ৰজাই খাই ভাল পাইছিল
লেটা আৰু গাহৰি ভজা৷

ৰাণী আছিল দুজনী
ৰজাই কৰে বহুত মৰম
নেমু চৰ্বত,কুহিঁয়াৰ ৰস খাই
যেতিয়া হয় গৰম৷

সেই ৰজাৰ লগত এদিন মোৰ
হ’ল দেখাদেখি
মই এলেহুৱা ৰজা বুলি কওঁতে
আহিল মোক খেদি৷

ৰজাৰ সৈন্যই খেদি অহা দেখি
প্ৰাণটাকি দৌৰিলো
থতমত খাই দেখিলো
বিচনাৰ পৰাহে পৰিলো৷

এতিয়া বিষত থাকিব নোৱাৰি
লগাই আছো মলম
বাটেৰে এজনে কৈ গ’ল বিয়া পাতি ল’
হৈছে কিন্তু পলম৷

তই দিবি কাপোৰ কানি
তাই দিব ভাত পানী
তই হবি তোৰ ৰাজ্যৰ ৰজা
তাই হ’ব তোৰ ৰাণী৷

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...