Monday, 23 March 2020

বাৰিষা

টুপটুপকৈ আকাশৰ বৰষুণ পৰিল,
আমাৰ সেউজী ধৰাৰ বুকু তিতিল৷
গছ গছনি,তৃণ -বৃক্ষই পানী পালে,
নদ-নদী, খাল বিল পানীৰে ভৰে৷
মাছবোৰে ৰং পাই উলাহতে নাছে,
গছ গছনিবোৰ জীপাল হৈ উঠে৷
শালি খেলিৰ কাম বাৰিষাকালত,
পানীৰে পৰিপূৰ্ণ হয় দ-স্হল ভাগত৷
প্ৰতিবাৰে আহে বাৰিষা বৰষুণক লৈ,
মানুহক সহায় কৰে খেতিবাতি কৰিবলৈ৷
নালাগে আমাক বাৰিষাৰ বানপানী,
জীৱ-জন্তুৰ হয় নানা বিপদ বিঘিণি৷
বাৰিষাৰ পাছত আহে খৰালি,
শুকাই যায় পথাৰ,খাল,বিল নদীৰ পানী৷

মোৰ শৈশৱ

গুচি গল সোণালী শৈশৱ সময়ৰ সোঁতত
এটি দুটিকৈ শব্দ হল
মোৰ দুই ওঁঠত৷
মাৰ গাখীৰ খাই দেহত বল পাই
হলো এদিন দুদিনকৈ ডাঙৰ,
এখোজ দুখোজকৈ খোজ দিছিলোঁ
জনাতো নাছিলো এতিয়াৰ ভাগৰ৷
সময় সঁচাকৈ বৰ নিষ্ঠুৰ
কাঢ়ি নিয়ে সোণালী সময়,
কোনে জানে বাৰু কাৰ কথা
কাৰ ভাগ্যৰ বঠা কেনি বয়?
থুপুকথাপাক কৰি 
খোজ দিছিলোঁ যিদিনা,
হয়তো হাঁহি বিৰিঙিছিল মোৰ ওঁঠত
জীৱনৰ সেই প্ৰথম দিনা৷
এদিন মুখৰ পৰা জীৱনৰ প্ৰথম শব্দ
মা বুলি ওলাই গল,
ধূলি বালিৰ শৈশৱ কাল
আজি অতীত হল৷
যিমান বিচাৰিলেও কিয়
নাপাওঁ আকৌ শৈশৱকাল,
ভগৱানে কেনেকৈ স্ৰজন কৰিলে
মানুহৰ মায়া জাল৷
এতিয়া হয়তো আমি নিজক লৈয়ে
অনেক সপোন দেখো,
সকলোৱে হয়তো নিশ্চয় এসময়ত
নিজৰ শৈশৱৰ কথা ভাৱো৷
লৰি গৈ মাৰ বুকুত সোমাওঁ
দেউতাই কোলাত দাঙি লয়,
সকলোৱে মৰমতে মাইনা বুলি
আকোঁৱালি লয়৷
হেৰাই গল মোৰ সোণালী শৈশৱ
নাপাওঁ আকৌ ঘুৰাই,
সময় মাথো আহে যায়
বাধা দিব পাৰেনে কোনোবাই?

Sunday, 22 March 2020

জানিবলগীয়া কথা ৭

১/অসমত প্ৰকাশিত প্ৰথম স্কুলীয়া পাঠ্যপুথিখনৰ নাম কি?
উত্তৰ:গ্ৰামাৰ অফ আচামীচ লেংগুৱেজ
Grammar of Assamese Language
২/গ্ৰামাৰ অফ আচামীচ লেংগুৱেজ কিতাপখনৰ লেখক কোন আছিল?
উত্তৰ:মিষ্টাৰ উইলিয়াম ৰবিনচন
৩/ভাৰতীয় শিক্ষাৰ ইতিহাসত “শ্ৰীৰামপুৰ ত্ৰয়ী” বুলি কাক জনা যায়?
উত্তৰ:কেৰী,মাৰ্চমেন আৰু ৱাৰ্ড
৪/পলিটিক্স শব্দটো কৰপৰা আহিছে?
উত্তৰ:গ্ৰীক শব্দ পলিচৰ পৰা
৫/পলিচ শব্দৰ অৰ্থ কি?
উত্তৰ:নগৰ বা ৰাষ্ট্ৰ
৬/ৰাজন শব্দৰ অৰ্থ কি?
উত্তৰ:ৰজা
৭/ৰাজনীতি বিজ্ঞান শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰ:জ্যা বঁদাই
৮/ৰাজনীতিৰ ভাগ দুটা কি কি?
উত্তৰ:তাত্ত্বিক ৰাজনীতি আৰু ব্যৱহাৰিক ৰাজনীতি
৯/পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম কি?
উত্তৰ:ভাৰত
১০/ৰাজনীতি হল শ্ৰেষ্ঠতম বিজ্ঞান কথাষাৰ কোনে কৈছিল?
উত্তৰ:এৰিষ্টটল
১১/ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নাম কি?
উত্তৰ:ভাৰতীয় জাতীয় কংগ্ৰেছ
১২/মেথদ Method কি?
উত্তৰ:মেথদ হল কোনো এটা বিশেষ টেকনিক বা পদ্ধতি
১৩/অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি?
উত্তৰ:অসম গণ পৰিষদ
১৪/পৃথিৱীৰ আটাইতকৈ বৃহৎ সংবিধান থকা দেশখনৰ নাম কি?
উত্তৰ:ভাৰতবৰ্ষ
১৫/ৰাষ্ট্ৰক গ্ৰীকসকলে কি বুলি কয়?
উত্তৰ:পলিচ
১৬/ৰোমানসকলে ৰাষ্ট্ৰ বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰ:চিভিটাছ Civitus
১৭/সাহিত্য একাডেমি পুৰস্কাৰ দ্বাৰা পুৰস্কৃত প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
উত্তৰ:বনফুল
১৮/“চন অফ্ ৰিভল্যুশ্বন” অৰ্থাৎ “বিপ্লৱৰ সন্তান” নামেৰে অভিহিত কৰা বীৰজনৰ নাম কি?
উত্তৰ:নেপোলিয়ন বোনাপাৰ্ট
১৯/ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ লেখক কোন?
উত্তৰ:কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
২০/ভাৰতৰ মচলা উদ্যান হিচাপে পৰিচিত ৰাজ্যখনৰ নাম কি?
উত্তৰ:কেৰেলা

জানিবলগীয়া কথা ৬

১/“জীৱনদাতা পিতৃ মাতৃতকৈও শিক্ষকসকলহে আমাৰ বেছি শ্ৰদ্ধাৰ প্ৰাত্ৰ” কথাষাৰ কোনে কৈছিল?
উত্তৰ:দাৰ্শনিক এৰিষ্টটল
২/প্ৰথমে কোনে মনোবিদ্যা প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:দাৰ্শনিক এৰিষ্টটল
৩/ মানসিক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণেই কি?
উত্তৰ:মনোবিজ্ঞান
৪/উডৰ নিৰ্দেশনামা কেতিয়া প্ৰকাশিত হৈছিল?
উত্তৰ:১৮৪৫ চনত
৫/অসমৰ প্ৰথমখন কলেজৰ নাম কি?
উত্তৰ:কটন কলেজ
৬/অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি?
উত্তৰ:গুৱাহাটী বিশ্ববিদ্যালয়
৭/ভাৰতৰ প্ৰথম শিক্ষা আয়োগ কেতিয়া কোনে গঠন কৰিছিল?
উত্তৰ:১৮৮২ চনত লৰ্ড ৰিপনেে
৮/ভাৰতৰ প্ৰথম শিক্ষা আয়োগৰ সভাপতি কোন আছিল?
উত্তৰ:ছাৰ উইলিয়াম হান্টাৰ
৯/কেতিয়া ভাৰত শাসন আইন পাছ হৈছিল?
উত্তৰ:১৯১৯ চনত
১০/অসমত কেতিয়া প্ৰথমখন শিক্ষা আইন পাছ হৈছিল?
উত্তৰ:১৯২৬ চনত
১১/জাতীয় শিক্ষা ব্যৱস্থাৰ সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ পৰিকল্পনা কোনখন?
উত্তৰ:ছাৰ্জেণ্ট কমিটিৰ প্ৰতিবেদন
১২/উপনয়নৰ অৰ্থ কি?
উত্তৰ:দ্বিতীয় জন্ম
১৩/বৌদ্ধ ধৰ্মৰ প্ৰৱতক কোন?
উত্তৰ:গৌতম বুদ্ধ 
১৪/বৌদ্ধধৰ্মৰ মূলমন্ত্ৰ কি?
উত্তৰ: নিৰ্বান বা আত্মাৰ মুক্তি
১৫/সংঘৰ শিক্ষাত কি দুইপ্ৰকাৰৰ শিক্ষক থাকে?
উত্তৰ:উপাধ্যায় আৰু কৰ্মাচাৰ্য
১৬/মনিটৰিয়েল প্ৰথা কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:মিছনেৰীসকলে
১৭/নামঘৰক “অসমীয়া সংস্কৃতিৰ যাদুঘৰ”বুলি কোনে কৈছিল?
উত্তৰ:ড° বিৰিঞ্চি কুমাৰ বৰুৱা
১৮/১৪৯৮ চনত ভাস্ক’ ডা গামাই কি আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ভাৰতবৰ্ষ আৰু ইউৰোপৰ মাজত জলপথ
১৯/অসমত প্ৰথমে ছপাশাল কোনে স্থাপন কৰিছিল?
উত্তৰ:অ' টি' কট্তৰে
২০/অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰ:১৮৬৪ চনত

সজাগ হোৱা,সচেতন হোৱা

ঘৰতেই থাকিম
ঘৰতেই থাকিবা
যিদিনা আমি জয়ী হম
একেলগে হাঁহিম আহিবা৷
সজাগ হোৱা,সচেতন হোৱা
হৈ থাকিবা পৰিষ্কাৰ,
আতৰতেই থাকি সন্মান জনাবা
কৰিবা নমস্কাৰ৷
বুজি পালা যদি বুজাই দিবা
যিসকলে পোৱা নাই বুজি,
জয়ী হম আমি
ভাইৰাছৰ লগত যুঁজি৷
সকলোৱে কল্যাণ হওঁক
এইয়ে কৰিছো আশা,
সতৰ্ক হৈ থাকিবা সকলো
পুৱা গধূলি নিশা৷

Saturday, 21 March 2020

জানিবলগীয়া কথা ৫

১/আমাৰ শৰীৰৰ স্নায়ুমণ্ডলৰ কেন্দ্ৰীয় বিভাগ কি?
উত্তৰ:মস্তিস্ক
২/মস্তিস্কৰ ভাগ কেইটা?
উত্তৰ:১০টা
৩/এজন প্ৰাপ্ত বয়স্ক ব্যক্তিৰ মস্তিস্কৰ ওজন কিমান হব?
উত্তৰ:প্ৰায় ৩ পাউণ্ড
৪/কাৰ্য ক্ষমতা অনুযায়ী মস্তিস্কৰ ভাগ কেইটা কি কি?
উত্তৰ:৪টা 
(১)গুৰু মস্তিস্ক
(২)লঘু মস্তিস্ক
(৩)মধ্য মস্তিস্ক
(৪)অধঃ মস্তিস্ক
৫/মস্তিস্কৰ ধোঁৱাবৰণীয়া অংশক কি বোলে?
উত্তৰ:কৰ্টেক্স
৬/গুৰু মস্তিস্কৰ ভাগ দুটা কি?
উত্তৰ: সোঁ ভাগ আৰু বাওঁ ভাগ
৭/গুৰু মস্তিস্কৰ ফাঁট দুটাৰ নাম কি?
উত্তৰ: ৰোলাণ্ডো ফাঁট আৰু চিলভিয়াছ ফাঁট
৮/মধ্য মস্তিস্কৰ মূল ভাগ দুটা কি?
উত্তৰ:থ্যালামাছ আৰু হাইপো থ্যালামাছ
৯/মস্তিস্কৰ সকলোতকৈ বৃহত্তম,জটিল আৰু গুৰুত্বপূৰ্ণ অংশটোৰ নাম কি?
উত্তৰ:প্ৰমস্তিষ্ক
১০/চিন্তা,অনুভূতিৰ স্মৃতি,বিচাৰ বিবেচনা,ইচ্ছা আদি বিভিন্ন ক্ৰিয়া কিহে পৰিচালনা কৰে?
উত্তৰ:বৃহৎ মস্তিস্কই
১১/বৃহৎ মস্তিস্ক সমগ্ৰ স্নায়ুতন্ত্ৰৰ কি?
উত্তৰ: একচ্ছত্ৰী সম্ৰাট
১২/স্বয়ংচালিত স্নায়ুুতন্ত্ৰৰ ভাগ কেইটা?
উত্তৰ:৩টা
১৩/সমস্ত ইন্দ্ৰিয়ৰ ভিতৰত শ্ৰেষ্ঠ কাক কয়?
উত্তৰ:চকুক
১৪/চকুৰ কেইটা অংশ আছে?
উত্তৰ:১৩টা
১৫/কাণৰ ভাগ কেইটা আৰু কি কি?
উত্তৰ:৩টা
(১)বাহিৰ কাণ
(২)মাজ কাণ
(৩)ভিতৰ কাণ
১৬/স্বাদবাহী কোষ কাক বোলে?
উত্তৰ:জিভাৰ উপৰিভাগত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ দানাৰ দৰে উন্নত বিন্দু আছে এইবোৰক স্বাদবাহী কোষ বোলা হয়৷
১৭/স্বাদযুক্ত বস্তুক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?
উত্তৰ:৪ টা ভাগত
(১)মিঠা
(২)লুণীয়া
(৩)তিতা
(৪)টেঙা
১৮/ছালে সৃষ্টি কৰা চাৰি প্ৰকাৰৰ সংবেদন কি?
উত্তৰ:(১)প্ৰকৃত স্পৰ্শ বা চাপৰ সংবেদন
(২)তাপৰ সংবেদন
(৩)শীতৰ সংবেদন
(৪)দুখ-সুখৰ সংবেদন
১৯/ছালৰ স্তৰ তিনিটা কি?
উত্তৰ:(১)উপছাল বা মাখি ছাল
(২)ত্বক
(৩)ছালৰ একেবাৰে তলত চৰ্বিৰে গঠিত স্তৰ
২০/সংবেদন কি?
উত্তৰ: মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ৷

জানিবলগীয়া কথা ৪

১/চন্দ্ৰ চেঁচা নে গৰম?
উত্তৰ:চন্দ্ৰৰ যিটো অংশ সূৰ্য্যৰ ফালে থাকে সেই অংশ ভীষণ গৰম আৰু যি অংশ সূৰ্য্যৰ বিপৰীত ফালে থাকে সেই অংশ অতি চেঁচা৷
২/চৰাইৰ ভিতৰত কাৰ দৃষ্টিশক্তি বেছি?
উত্তৰ: ঈগল আৰু শগুন
৩/আটাইতকৈ ডাঙৰ ফুলবিধৰ নাম কি?
উত্তৰ: আমাৰ্কো কোলাছ টিটেনাম৷
৪/ফুলৰ গোন্ধ কেনেকৈ পোৱা যায়?
উত্তৰ:গছৰ গাৰ পৰা কিছুমান ৰস আহি ফুলত গোট খায়৷এই ৰস তেলেতীয়া আৰু বতাহত উৰি যায়৷সেই গোন্ধ বতাহে গ্ৰহণ কৰে৷
৫/দবা কোন দেশৰ ৰাষ্ট্ৰীয় খেল?
উত্তৰ:ৰাছিয়াৰ
৬/বিশ্বৰ প্ৰথমখন আন্তৰাষ্ট্ৰীয় দবা খেল কেতিয়া ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:১৮৫১ চনত লণ্ডনত
৭/ভিটামিন শব্দৰ অৰ্থ কি?
উত্তৰ:জীৱন
৮/ভাৰতত নিৰ্মিত প্ৰথমখন জাহাজৰ নাম কি?
উত্তৰ:জলঊষা
৯/আটাইতকৈ শক্তিশালী জীৱটোৰ নাম কি?
উত্তৰ:পিপৰা
১০/প্ৰথমগৰাকী অসমীয়া সাহিত্যিক ৰূপে জ্ঞানপীঠ বটা লাভ কৰা ব্যক্তিজনৰ নাম কি?
উত্তৰ:ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১১/ইংৰাজী Education শব্দটো কোনটো মূল লেটিন শব্দৰ পৰা অনা হৈছে?
উত্তৰ:Educare শব্দৰ পৰা
১২/জীৱ বিজ্ঞানৰ জনক কোন?
উত্তৰ:লেমাৰ্ক
১৩/শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ কথা প্ৰথমে কোনে কৈছিল?
উত্তৰ:মনীষী ৰুছোই
১৪/ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল?
উত্তৰ:১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে
১৫/সৰ্বপ্ৰাণবাদিতা কাক বোলে?
উত্তৰ:শিশুৱে তাৰ চাৰিওফালে দেখা নিৰ্জীৱ বস্তুবোৰত প্ৰাণ আৰোপ কৰি সেইমতে সেইবোৰ ব্যৱহাৰ কৰা দেখা যায় ইয়াকে শৈশৱৰ সৰ্বপ্ৰাণবাদিতা বোলা হয়৷
১৬/প্ৰথম অৱস্থাত শিশু আত্মকেন্দ্ৰিক হৈ থাকে এই স্তৰক কি বোলে?
উত্তৰ:স্বৰতিমূলক স্তৰ
১৭/মাক,দেউতাক বা অন্য কোনো ব্যক্তিৰ প্ৰতি শিশু আসক্ত হোৱা স্তৰক কি বোলে?
উত্তৰ:ইদিপাছ কমপ্লেক্স স্তৰ
১৮/নাৰ্ছাৰী স্কুল প্ৰথমেে কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:আমেৰিকাৰ মেকমিলান ভগ্নীদ্বয়ে
১৯/কম্পিউটাৰৰ মনিটৰৰ অন্যটো নাম কি?
উত্তৰ:ভি-দি-ইউ অৰ্থাৎ ভিচুৱেল দিচপ্লে ইউনিট
২০/মনৰ প্ৰধান ধৰ্ম কি?
উত্তৰ:চেতনা

কেইটামান ভাললগা কথা

১/পৃথিৱীৰ আটাইতকৈ সহজ কাম হল আনক উপদেশ দিয়া আৰু আটাইতকৈ টান কাম হল বাস্তৱ জীৱনত সেই কথাবোৰ নিজে মানি চলা৷
২/আৰ্থিকভাৱে দুখীয়াজন ভৱিষ্যতে ধনী হব পাৰে কিন্তু মানসিকভাৱে যি দুখীয়া তেওঁ কেতিয়াও সুখী হব নোৱাৰে৷
৩/জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হল নিজকে জ্ঞানী,চতুৰ,সৰবজান বুলি ভবাটো৷
৪/আপোনাৰ চিন্তাধাৰাই আপোনাক আগুৱাই নিব,আপোনাৰ চিন্তাধাৰাই আপোনাক পিছুৱাই নিব৷আপুনি নিজেই সিধান্ত লব লাগিব আপুনি আগুৱাই যাব নে পিছুৱাই যাব৷
৫/জয়ী বা কৃতকাৰ্য হোৱাৰ এটাই নিয়ম কৃতকাৰ্য বা জয় নোহোৱালৈকে কামটোত লাগি থাকা৷
৬/আপোনাৰ চাৰিওপিনে থকা মানুহবোৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক কাৰণ সময়ৰ লগে সকলো সলনি হয়৷
৭/যদি কোনো কাম আজি নকৰো কাইলৈ কৰিম,কাইলৈ নকৰো পৰহিলৈ কৰিম বুলি ভাবি থাকে তেন্তে এটা কথা জানি লব যে আপুনি পিছুৱাই গৈ আছে৷
৮/সকলো মানুহে আপুনি সফল হোৱাটো নিবিচাৰে গতিকে সকলোকে আপোনাৰ নিৰ্দিষ্ট পৰিকল্পনাৰ বিষয়ে নকব৷
৯/জীৱনত সফল হলে সকলোৱে প্ৰশংসা কৰিব আৰু জীৱনত সফল নহলে মাত্ৰ দুই তিনিজনৰ বাহিৰে সকলোৱে নিন্দা কৰিব৷
১০/এবাৰ জয়ী হম বুলি ভাবি সংকল্প লওক তাৰ পাছত কাৰো সাধ্য নাই আপোনাক পৰাস্ত কৰিবলৈ৷

Friday, 20 March 2020

জানিবলগীয়া কথা ৩

১/ভৱেন্দ্ৰনাথ শইকীয়াই মৃত্যু পৰ্যন্ত সম্পাদনা কৰা আলোচনী খনৰ নাম কি?
উত্তৰ:প্ৰান্তিক
২/প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:অৰুনোদয়
৩/জোনাকী পৰুৱাৰ গাত থকা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি?
উত্তৰ: লুচী ফেৰিণ
৪/চেকাৰিন কিহৰ পৰা বনায়?
উত্তৰ:আলকতৰাৰ পৰা
৫/ফাদাৰ অফ দা কম্পিউটাৰ বুলি কাক কোৱা হয়?
উত্তৰ: চাৰ্লছ বেবেজ
৬/সাহিত্য অকাডেমী বটা পোৱা প্ৰথম সাহিত্যিক জনৰ নাম কি?
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰা
৭/দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিভৱনৰ নাম কি?
উত্তৰ:ব্লু হাউচ
৮/অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত আছে?
উত্তৰ:যোৰহাটত
৯/অৰুনোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:ড. নাথান ব্ৰাউন
১০/PIN ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ:Postal Index Number
১১/জয়মতী কথাছবিত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল?
উত্তৰ:আইদেউ সন্দিকৈয়ে
১২/বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কি?
উত্তৰ:মাজুলী
১৩/মাইকী এন’ফিলিছ মহে কামুৰিলে কি বেমাৰ হয়?
উত্তৰ:মেলেৰিয়া
১৪/সম্পূৰ্ণ এদিনত কিমান সময় থাকে?
উত্তৰ:২৩ ঘণ্টা ৫৬ মিনিট ০.৪ চেকেণ্ড
১৫/পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি?
উত্তৰ:মাউণ্ট এভাৰেষ্ট
১৬/ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?
উত্তৰ:ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া
১৭/দবা খেলৰ উৎপত্তি ক’ত হৈছিল?
উত্তৰ:ভাৰতত
১৮/আটাইতকৈ বেছি জনসংখ্যা থকা দেশ দুখনৰ নাম কি কি?
উত্তৰ:১/চীন দেশ
২/ভাৰতবৰ্ষ
১৯/আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:কলম্বাছে
২০/ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়?
উত্তৰ:চৰ্দাৰ বল্লভ ভাই পেটেলক

জানিবলগীয়া কথা ২

১/FAO বা খাদ্য আৰু কৃষি সংস্থাৰ প্ৰধান কাৰ্যালয় ক’ত?
উত্তৰ:ইটালীৰ ৰোম চহৰত
২/জাতিসংঘৰ সদস্যপদ ত্যাগ কৰা দুখন দেশৰ নাম কি?
উত্তৰ:জাপান আৰু জাৰ্মানী
৩/কোনখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ গঠনৰ সিধান্তত একমত হোৱা নাছিল?
উত্তৰ:ফ্ৰান্স
৪/প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:১৯১৪ চনত
৫/কোনখন যুদ্ধত বেছিকৈ ধন জন ক্ষতি হৈছিল?
উত্তৰ:দ্বিতীয় বিশ্বযুদ্ধত
৬/হিটলাৰৰ আত্মজীৱনী খনৰ নাম কি?
উত্তৰ:মেইন কেম্প 
৭/জয়মতী কথাছবিত গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল?
উত্তৰ: ফুনু বৰুৱা
৮/টেংকৰ উদ্ভাৱন প্ৰথমে ক’ত হৈছিল?
উত্তৰ:ইংলেণ্ডত
৯/ক্ৰিকেটৰ প্ৰথম বিশ্বকাপ কোন দেশে পাইছিল?
উত্তৰ:ৱেষ্ট ইণ্ডিজে
১০/বিশ্বকাপত প্ৰথম হেইট্ৰিক কাৰী বলাৰজন কোন?
উত্তৰ: চেতন শৰ্মা
১১/প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰ:জয়মতী
১২/অসমৰ পুৰণি নাম দুটা কি?
উত্তৰ:প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ
১৩/ভাৰতৰ বৃহত্তম জিলাখনৰ নাম কি?
উত্তৰ:বিশাখাপট্টনম
১৪/ভাৰতলৈ অহা প্ৰথম বিদেশী নাবিক জনৰ নাম কি?
উত্তৰ:ভাস্ক’ ডা গামা
১৫/শূন্যৰ আৱিষ্কাৰ কোন দেশত হৈছিল?
উত্তৰ:ভাৰতবৰ্ষত
১৬/শূন্য আৱিষ্কাৰক কোন?
উত্তৰ:আৰ্যভট্ট
১৭/আধুনিক ভাৰতৰ পিতৃস্বৰূপ মনীষী জন কোন?
উত্তৰ:ৰাজা ৰামমোহন ৰায়
১৮/ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম বাণিজ্য কেন্দ্ৰ ক’ত স্থাপন কৰিছিল?
উত্তৰ: চুৰাটত
১৯/কলিকতা মহানগৰী প্ৰতিষ্ঠা কিমান চনত হৈছিল?
উত্তৰ:১৬৯০ চনত
২০/গান্ধীজীয়ে বুনিয়াদী শিক্ষা কিমান চনত আৰম্ভ কৰিছিল?
উত্তৰ:১৯৩৮ চনত

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...