Saturday, 27 June 2020

ইংৰাজীত ৰঙৰ নাম Colours Name in English

Blue (ব্লু ) নীলা
Black ( ব্লেক ) ক’লা
Brown ( ব্ৰাউন ) মুগা
Golden ( গ’ল্ডেন ) সোণালী
Gray ( গ্ৰে ) ছাইবৰণীয়া
Green ( গ্ৰীণ ) সেউজীয়া
Indigo ( ইনডিগো ) ঘননীলা
Maroon ( মেৰুণ ) ক’লাৰ আভাস থকা ঘন ৰঙা
Orange ( অৰেঞ্জ ) কমলা,সুমথিৰা
Purple ( পাৰ্পল ) কজলা
Pink ( পিঙ্ক ) গুলপীয়া
Red ( ৰেদ) ৰঙা
Saffron ( ছেফ্ৰন ) অনুজ্জ্বল ৰঙা হালধীয়া
Scarlet ( স্কাৰলেট ) টিকটিকিয়া ৰঙা
Violet ( ভায়’লেট ) বেঙুনীয়া
Vermilion ( ভাৰমিলিয়ন ) সেন্দুৰীয়া
White ( হোৱাইট ) বগা
Yellow ( ইয়েল্ল’) হালধীয়া

Friday, 26 June 2020

মাছৰ নাম সমূহ ইংৰাজীত জানো আহক Fish Name in English

পুঠি - Pool Barb / Olive Barb
গৰৈ- Spotted Snakehead
কাৱৈ - Climbing Perch
শিঙৰা - Stripped Dwarf Catfish
চেঙেলী- Ceylon Snakehead
দৰিকণা- Flying Barb
মোৱা -Indian Carplet
খলিহনা - Banded Colisa
বৰদোৱা - Indian Potasi
ভেচেলি - Sunset Gourami
চেনিপুঠি - Olive Barb
লাওপুঠি - Zebra Danio Minnow
শ’ল - Stripped Snakehead
শাল - Giant Snakehead
চেঙা - Spotted Snakehead
মাগুৰ - Walking Catfish
টুৰা - Stripped Spiny Eel
বটিয়া - Loach
শিঙিৰ - Stinging Catfish
কলিয়াজৰা - Calbasu
আৰি - Giant River Catfish
পাভ - Indian Butter Catfish
ৰৌ - Rohu
বাহু - Catla
ভাঙন - Labeo Bata
কান্ধুলী - Bronze Feather back
বামীমাছ - Zigzag Eel
কুচিয়া - Freshwater Eels
বৰালি - Freshwater Shark
চন্দা - Elomgate Glassy Perchlet
কুঢ়ি - Kuria Labeo
চিতল - Humped Feather Back
মালি - Black Rohu
গ্ৰাৰ্ছ কাৰ্প - Grass Carp
কমন কাৰ্প - Common Carp
বালিচন্দা - Barna Baril
গেদগেদী - Bekti
ককিলা - Cancila
ইলিছ - Ilish
বিগহেড - Big Head Carp
পাটীমূতুৰা - Tang Gobi
বৰলীয়া - Aspo Diparia
চেলকণা - Boopis Razorbelly Minnow
গঙ্গাটোপ - Ocellated Puffer

Monday, 22 June 2020

World's First Movie

1. World First Movie :- Roundhay Garden Scene ( 1888)

2.World First Movie Actor's Name :- Florence Lawrence

3.World's First Movie Director :- Louis Le Prince

4.World's First Film Studio :- The Black Maria

5.World's First Movie with Sound :- The Jazz Singer

6.World's First Movie Theatre :- Nickelodeon

7.World's First Movie Star :- Florence Lawrence

8.World's First Full Length Movie :- The Story of The Kelly Gang

9.World's First Colour Movie :- Cupid Angling

10.World's First Cartoon/ Animated Movie :- Fantasmagorie

11.World's First Fully Painted Movie :- Loving Vincent

12.First Oscar Winner Movie in  The World :-Wings

13.World's First Big Budget Movie :- Pirates of the Caribbean:On Stranger Tides

14.First Filmmaker in the World :-Marie Georges Jean Melies

15.World's First Romantic Movie :- The May Irwin Kiss

16.World's First Action Movie :- The Great Train Robbery

17.World First Horror Movie :- The House Of the Devil

18.World's First Science Fiction Movie :- Le Voyage dans la Lune

19.World's First Comedy Movie :-The Sprinkler Sprinkled (also known as L'Arroseur Arrosé and The Waterer Watered)

20.World's First Thriller Movie :- The Lodger:A Story of the London Fog (1926)

Source: Internet

শূন্য

কোৱা শুনিছো মই 
একে একে দুই হয়
দুই যোগ দুই সমান চাৰি
সকলোৱেই জানে এইবোৰ কথা
কিন্তু মোৰতো এক টোও নাই
আছে মাথো শূন্যতো
কেইটা শূন্য দিলে বাৰু এক হ’ব ?
শূন্য সদায় মূল্যহীন !

ইয়াক মূল্য দিব জানিলেই
এক হ’ব,দুইৰ পৰা চাৰি
দহ,বাৰ তেনেকৈয়ে হৈ থাকিব৷
শেষত গৈ এটা শূন্যৰো বহুত 
মূল্য হ’ব যদি সোঁহাতলৈ
তাক আনিব পাৰি৷

বাওঁহাতৰ শূন্যৰ মূল্য নাই
আনিবা সোহাঁতলৈ
ভালদৰে মনত ৰাখিবা 
জীয়াই থকাৰ কাললৈ৷

Sunday, 21 June 2020

Top Ten Richest Person in The World 2020 বিশ্বৰ শীৰ্ষ দহ গৰাকী ধনী ব্যক্তিৰ তালিকা ২০২০

1. Jeff Bezos ( Amazon ) $160.1 Billion 
জেফ বেজছ ( এমাজন ) $ ১৬০.১ বিলিয়ন

2. Bill Gates ( Microsoft ) $ 108.6 Billion
বিল গেটছ্ ( মাইক্ৰছফ্ট ) $ ১০৮.৬ বিলিয়ন

3. Bernard Arnault & Family ( LVMH )  $102.8 Billion
বাৰ্ণাড আৰ্ণল্ট আৰু পৰিয়াল ( এল ভি এম এইছ ) ১০২.৮ বিলিয়ন

4. Mark Zuckerberg ( FACEBOOK )  $87.9 Billion
মাৰ্ক জুকাৰবাৰ্গ ( ফেচবুক ) $ ৮৭.৯ বিলিয়ন

5. Warren Buffett ( Berkshire Hathaway ) $ 71.4 Billion
ৱাৰেন বাফেট ( বাৰ্কশ্বায়াৰ হাথৱে ) $ ৭১.৪ বিলিয়ন

6. Steve Ballmer ( Microsoft ) $ 68.9 Billion
ষ্টিভ্ বালমাৰ ( মাইক্ৰছফ্ট ) $ ৬৮.৯ বিলিয়ন

7. Larry Ellison ( Software ) $ 68.9 Billion
লেৰী এল্লিছন ( ছফটৱেৰ ) $ ৬৮.৯ বিলিয়ন

8. Amancio Ortega ( Zara ) $ 65.6 Billion
আমানচিও অৰ্টেগা ( জাৰা ) $ ৬৫.৬ বিলিয়ন

9. Mukesh Ambani ( Pretrochemicals,Oil & Gas ) $ 64.6 Billion
মুকেশ আম্বানি ( পেট্ৰ’কেমিকেলছ,তেল আৰু গেছ ) $ ৬৪.৬ বিলিয়ন

10. Larry Page ( Google ) $ 64.3 Billion
লেৰী পেজ ( গুগল ) $ ৬৪.৩ বিলিয়ন

Source: Internet
উৎস : ইন্টাৰনেট

Saturday, 20 June 2020

ইংৰাজীত চৰাইৰ নাম Birds Name in English

Birds ( বাৰ্ডছ ) চৰাই
Bat ( বেট ) বাদুলি
Canary ( কেনৰি ) মইনা
Chicken ( চিকেন ) কুকুৰা পোৱালি
Cock ( কক ) মতা কুকুৰা
Common myna ( কমন মাইনা ) শালিকা
Crane ( ক্ৰেণ ) বগলী
Crow ( ক্ৰ’)কাউৰী
Cuckoo ( কাকু ) কুলি
Dove ( ডভ ) কপৌ
Duck ( ডাক ) হাঁহ
Eagle ( ঈগল ) ঈগল
Hawk ( হক ) শেন 
Hen ( হেন ) মাইকী কুকুৰা
Kite ( কাইট ) চিলনী
Nightingale ( নাইটিংগেল ) বুলবুলি
Owl ( অউল ) ফেঁচা
Parrot ( পেৰট ) ভাটৌ
Peacock ( পিক’ক ) ম’ৰা চৰাই
Pigeon ( পিজন ) পাৰ
Sparrow ( স্পেৰ’ ) ঘনচিৰিকা
Swallow ( ছোৱাল’ ) চাকৈচকোৱা
Swan ( ছোৱান ) ৰাজহাঁহ
Vulture ( ভালছাৰ ) শগুন

Thursday, 18 June 2020

ইংৰাজীত জীৱ-জন্তু সমূহৰ নাম ( Animals Name in English)

জীৱজন্তু সমূহৰ নাম

Ape ( এপ) বনমানুহ
Ass ( এছ) গাধ
Bear ( বিয়েৰ ) ভালুক
Blue Bull ( ব্লু বুল) নীল বৃষ
Bull ( বুল) ষাঁড় গৰু
Buffalo ( বাফেল’ ) ম’হ
Calf ( কাফ ) গৰু পোৱালি
Camel ( কেমেল ) উট
Chimpanzee ( চিম্পাঞ্জী ) চিম্পাঞ্জী
Colt ( কল্ট ) ঘোঁৰাৰ পোৱালি
Cow ( কাও ) গাইগৰু
Crocodile ( ক্ৰক’ডাইল ) ঘঁৰিয়াল
Deer ( ডিয়েৰ ) পহু
Dog ( ডগ ) কুকুৰ
Donkey ( ডংকি ) গাধ
Elephant ( এলিফেণ্ট ) হাতী
Fawn ( ফৱন্ ) পহু পোৱালি
Fox ( ফক্স ) শিয়াল
Giraffe ( জিৰাফ ) জিৰাফ
Goat ( গ’ট ) ছাগলী
Hare ( হেয়াৰ ) শহা
Horse ( হৰ্ছ ) ঘোৰা
Jackal ( জেকল ) কুকুৰ নেচীয়া বাঘ
Kangaroo ( কেঙ্গেৰু )কেঙ্গেৰু
Kid ( কিড ) ছাগলী পোৱালি
Kitten ( কিটেন ) মেকুৰী পোৱালি
Lamb ( লেম ) ভেড়া পোৱালি
Leopard ( লিঅ’পাৰ্ড ) নাহৰফুটুকী
Lion ( লায়ন ) সিংহ
Mare ( মেৰ ) মাইকী ঘোঁৰা
Mongoose ( মনগুছ ) নেউল
Monkey ( মংকী ) বান্দৰ
Mule ( মূল ) খচ্চৰ
Muskdeer ( মাস্ক ডিয়েৰ ) কস্তুৰী হৰিণা
Ox ( অক্স ) বলদ গৰু
Panther ( পেন্থাৰ ) নাহৰফুটুকী
Pig ( পিগ ) গাহৰি
Pony ( পনি ) সৰু প্ৰজাতিৰ ঘোঁৰা
Porcupine ( পৰকুপাইন ) কেটেলা পহু
Puppy ( পাপী ) কুকুৰ পোৱালি
Rhinoceros ( ৰাইনোচেৰাছ ) গঁড়
Sheep ( ছিপ ) ভেড়া
Squirrel ( স্কুইৰেল ) কেৰ্কেটুৱা
Swine ( ছোৱাইন ) গাহৰি
Tiger ( টাইগাৰ ) বাঘ
Wolf ( উল্ফ্ ) কুকুৰনেচিয়া
Yak ( য়াক ) মেথোন
Zebra ( জেব্ৰা ) জেব্ৰা

Wednesday, 17 June 2020

মই ভালপাওঁ

তোমাক ভালপাওঁ সঁচাকৈ
জানানে নাজানা তুমি,
বুজাব নোৱাৰো মই তোমাক
হনুমানৰ দৰে হিয়া ফালি৷

সকলো বস্তুকেই মৰম লাগে
কিন্তু তোমাতকৈ হলে কম,
কাষতে বিচিৰো আজীৱন তোমাকে
কথাষাৰ পাইছানে তুমি গম !

মই নানা সপোন ৰচো
যেতিয়াই তেতিয়াই তোমাকে লৈ,
আহিবা তুমি এদিন মোৰ জীৱনলৈ
এপাহি ৰঙা গোলাপ হৈ৷

দেশমাতৃৰ সেউজী দূবৰিবন
বহিচানে কেতিয়াবা দেশমাতৃৰ কোলাত,
অঁকা আছে তোমাৰ প্ৰতিছবি
মোৰ কোমল হিয়াত৷

দেশত কত কিমান আছে
কিন্তু তোমাতকৈ মোৰ ভাল নালাগে,
পৃথিৱীৰ বিভিন্ন ঠাইত আছে নানা দেশ
তথাপি মোৰ দেশকহে ভাল লাগে৷

এই দেশৰ বুকুতেই বাৰু
হবনে তোমাৰ মোৰে মিলন,
গঢ়িব পাৰিমনে আমি দুয়ো
সফল সুন্দৰ জীৱন  !

দেশৰ বুকুতেই লীন যাব
আমাৰ ক্ষন্তেকীয়া দেহা
তুমি মোৰ কথা ভাবানে মই ভবাৰ দৰে,
মৰম সদায় বিচাৰে মৰম
যি একো বিচাৰ নকৰে৷

Tuesday, 16 June 2020

ম’হৰ কামোৰৰ পৰা ৰক্ষা কেনেকৈ পাব ?

ম’হৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ এটা সহজ উপায় আছে৷

প্ৰথমে এটা কাজি নেমু বা গোল নেমু কাটি লওক৷

তাৰ পাছত কেইটুকুৰামান লং টুকুৰা কৰি কাটি লোৱা নেমুৰ টুকুৰাত গুজি দিয়ক৷

ক্ষন্তেক সময় অপেক্ষা কৰক লাহে লাহে ম’হবোৰ নিৰ্দিষ্ট কোঠাটোৰ পৰা আতৰি যাব৷

Monday, 15 June 2020

কৌতুক পঢ়ি হাঁহো আহক

কৌতুক ১

শিক্ষক : পাপু তোমাৰ পৰীক্ষাৰ বহীখনত দেউতাৰ Signature লৈ আহিবা ৷
পাপু : ছাৰ,আমাৰ ওচৰৰ দোকানখনত Signature শেষ হৈ গ’ল OC আনিলে হবনে?


কৌতুক ২

চান্টা : সোনকালে ল’ৰা অলপ গাড়ী ভৰ্তি কৰি লৈ আহ৷

বান্টা : কি হ’ল ভাই পাৰ্টি আছে নেকি?

চান্টা : আৰে ভাই সোনকালে আহ মোৰ ইয়াত কাজিয়া হৈ গ’ল৷

বান্টা : Sorry ভাই মই আজি যাব নোৱাৰিম৷

চান্টা : ( আচৰিত হৈ ) কিয়?

বান্টা : মোৰ গাড়ীৰ নম্বৰ Even হয় আজিটো Odd নম্বৰৰ গাড়ী চলোৱা দিন৷

চান্টা : তেন্তে কি কৰো মই এতিয়া?

বান্টা : দুটা কাম কৰিব পাৰ তই৷ হয় তই সেই ঠাইৰপৰা প’লা নহয় আজি পিতন খা কাইলৈ গৈ আমি পিতিম৷


কৌতুক ৩

পুৰণা গান শুনিলে পত্নীয়ে কয় কাৰ কথা ভাবি ৰোমাণ্টিক হৈ গানৰ মজা লৈ আছে আৰু নতুন গান শুনিলে কয় এই বয়সত পুৰা চেঙেলীয়া তেজ গাত আহি গৈছে ন’ তেল ফাটিছে৷

বেচেৰা গিৰিয়েক নিৰুপায় ৷

কৌতুক ৪

শিক্ষক : তোমালোকে ক’ব পাৰিবানে ভগৱানে নাৰী কিয় সৃষ্টি কৰিলে?

শ্ৰেণীৰ সকলো ছাত্ৰই একেলগে উত্তৰ দিলে “ছাৰ আমাৰ ল’ৰাবোৰৰ জীৱন বৰ্বাদ কৰিবলৈ”


কৌতুক ৫

পত্নী : মই যদি মৰি যাওঁ তেতিয়া তুমি বিয়া কৰাবানে?

পতি:(কিছুসময় ভাবি) নাই নকৰাওঁ কিয় সুধিলা?

পত্নী : মই ভাবিছিলো যদি কেতিয়াবা হঠাতে মৰি যাওঁ তেতিয়া তুমি অকলে থকাতকৈ বিয়াখন পাতি ল’বা তেতিয়া ল’গ এটা পাবা৷

পতি : উম ঠিক আছে 

পত্নী : পিছে বিয়াখন কাৰ লগত পাতিবা?

পতি : ( অলপ সময় ভাবি হাঁহি মাৰি ) তোমাৰ ভন্তিৰ লগত৷

ঘৈণীয়েকে আচৰিত হৈ গিৰিয়েকলৈ চালে কিন্তু একো নকলে৷

পতি : তোমাকো কথা এটা সুধো যদি মই হঠাতে মৰি যাওঁ তেতিয়া তুমি কি কৰিবা?

পত্নী : (হাঁহি ) মইও তোমাৰ ভাইটিৰ লগত মানে তোমাৰ মামাৰ ল’ৰাটোৰ লগত বিয়া হম৷

কৌতুক ৬

আপুনি জানেনে NEWSPAPER ৰ সম্পূৰ্ণ ৰূপটো কি?

NEWSPAPER ৰ সম্পূৰ্ণ ৰূপটো হ’ল
North East West South Past And Present Every Report.


কৌতুক ৭

ল’ৰাই বিয়া নপতাকৈ খুড়া হব পাৰে কিন্তু ছোৱালী খুড়ী হ’ব নোৱাৰে৷

ল’ৰাই বিয়া নপতাকৈ মামা হ’ব পাৰে কিন্তু ছোৱালী মামী হব নোৱাৰে৷

ছোৱালী বিয়া নোহোৱাকৈ জেঠাই হব পাৰে কিন্তু ল’ৰা জেঠপেহা হ’ব নোৱাৰে৷

ছোৱালী বিয়া নোহোৱাকৈ মাহী হ’ব পাৰে কিন্তু ল’ৰা মহা হ’ব নোৱাৰে৷

কৌতুক ৮

পুলিচ : ( চোৰলৈ চাই ধমকি সুৰেৰে ) তই এখন দোকানতে তিনিদিন চুৰি কৰিলি?

চোৰ : ছাৰ মই এদিনেই গৈছিলো চুৰ কৰিবলৈ বাকী দুদিন Colour Change কৰিবলৈ গৈছিলো৷


কৌতুক ৯

এবাৰ এজন মাছ বেপাৰীয়ে এটা ডাঙৰ মাছ পালে ৷তাৰ মনত এটা বুদ্ধি খেলালে যাতে সি মাছৰ দামটো পায় কিন্তু মাছটো বিক্ৰী নকৰাকৈ গোটেইটো ঘৰতে খাবলৈ পায়৷বহুসময় ভবাৰ পাছত বুদ্ধি পাঙি মাছটো লৈ তিনিআলিলৈ গ’ল৷ মাছটো সকলোৱে দেখাকৈ থলে আৰু মাছটোৰ কাষতে এখন পষ্টাৰ আৰি দিলে৷পষ্টাৰ খনত লিখা আছিল
“ডাঙৰ মাছটোৰ সৈতে একপি চেলফি লওঁক মাত্ৰ ১০ টকাত”৷

১০ কৌতুক

শিক্ষক : নিকু,তোমাক মই বাক্য দুশাৰী দিম ৷তুমি সেই বাক্য দুশাৰীৰ পাৰ্থক্য ক’ব লাগে ৷
১/সি বাচন ধুলে৷
২/সি বাচন ধুব লগা হ’ল৷

নিকু : ছাৰ,প্ৰথম বাক্যশাৰীত কৰ্তা জন অবিবাহিত আৰু দ্বিতীয় বাক্যশাৰীত কৰ্তা জন বিবাহিত৷
 
নিকুৰ উত্তৰ শুনি শিক্ষকজন শ্ৰেণীকোঠাত লগে লগে ঢলি পৰিল৷



থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...