Friday, 31 March 2017

কবানে কথাটি

কাঁইটীয়া মৰুময় পথত মোক
অকলে এৰি থৈ
আতৰত ৰৈ চাই আছা ৰং
তুমি মোৰ অৱস্থা দেখি
জুৰকৈ হাঁহিছা
হাঁহা যিমান পাৰা
বেদনাৰ জুইকুৰা মোৰ হিয়াত
দপদপাই জ্বলিছে
মাঘৰ বিহুৰ মেজি জ্বলা দৰে
কাঁইটিয়া বাটেৰে মই যাব পৰা
নাই আগুৱাই
কিয়,তুমি মোক এনে কৰিলা
মই বুজিব পৰা নাই
নাজানো মোৰ কিয়
এনে হল
তুমি কবানে কথাটো
কিয় ভংগ কৰিলা প্ৰতিশ্ৰুতি ???
✍✍✍✍✍ নিকু বৰুৱা

মনাকাশ

তুমি আহিবানে আবেলি পৰত
মোক লগ কৰিবলৈ
কোৱা তুমি আহিবা জানো ?
সদায় নিসংগতাৰ সৈতে মই
মিতিৰালি পাতিছো
তুমি জানো মোৰ নিসংগতাক উপলব্ধি কৰিছা !
দুচকুৰে চকুলো বাগৰে
বাধা দিব নোৱাৰো মই
স্মৃতিৰ মানস পটত সদায়
পুৰণি কথাবোৰ ভাহি উঠে
আহত চৰাইৰ দৰে থাকো মই
ধৰফৰাই চটফটাই !!
মোৰ মনাকাশত জোন বেলি তৰা
নোহোৱা হল।
আন্ধাৰে সদায় আৱৰি ধৰে
তুমি পোহৰাই তুলিবলৈ
কোৱা আহিবানে আবেলি পৰত?
তুমি অহাৰ বাতৰি পালেই মোৰ
ফুলিব জানানে গোলাপৰ কলিটি
আকৌ মেলিব পাহি
তুমি প্ৰেৰণা দিয়া যদি
মোৰ মৰহা হৃদয় সজীৱ হৈ উঠিব
মোৰ মনাকাশত জোন বেলি তৰা
আকৌ ওলাব!!
মোৰ মনৰ বাগিচাত
ফুলিব নানা ৰং বিৰঙৰ ফুল
উৰিব তাত ফুটুকীয়া পখিলাৰ জাক
মৌ- মাখিয়ে গুণ গুণাবহি তাত
কোৱা তুমি আহিবা
ফৰকাল কৰিবানে তুমি
মোৰ মনাকাশ??

✍✍✍✍✍নিকু বৰুৱা

Saturday, 25 March 2017

মই, বীৰু আৰু বাসন্তী

ফেচবুক , হোৱাটচ্ আপ সকলো বাদ দিম
বাসন্তী, তোমাক মই বিয়া কৰাই নিম
বীৰু উঠিল জাপ মাৰি উত্তৰ দিলে মোক
কৰ পৰা আহিলি তই ফালি দিম মই তোক
বাসন্তীয়ে ভয়ত দুয়োৰে মুখলৈ চালে
মই কলো সুখী হম বাসন্তী তোমাক কাষত পালে
বীৰুয়ে কলে কোন বে তই,
কি নাম তোৰ ?
মই কলো বেছি নকৰিবি নিকু নাম মোৰ
আহ লাগ যদি মোৰ লগত দিম তোক ঘোচা
কৰ তই আবাৰা পাগল দিবানা, মোচা
ফাইট আৰম্ভ হোৱাৰ আগতে তিনিও
খুলিলো টুইটাৰ,
তোমালোকে ভাবাচোন বাসন্তী হব কাৰ ??
✍✍✍✍✍ নিকু বৰুৱা

জীৱন

জীৱন সজাব খুজি হেৰুৱাই পেলালো স্বপ্ন
থমকি ৰওঁ বাৰে বাৰে এই কথা জানিও
সময় এক অমূল্য ৰত্ন
সৰুতে শুনা সাধুকথা আৰু
এতিয়াৰ বাস্তৱৰ মাজত পাৰ্থক্য যে
আকাশ - পাতাল
যদি মনত শান্তি নাথাকে
থাকি কি লাভ বিশাল অট্টালিকাত
কবি বুলি বহুজনে মোক উপহাস কৰে
কবিতাৰে কিনিব যে নোৱাৰি বিলাসী গাড়ী
বঢ়াব নোৱাৰি বেংক বেলেন্চ
যাক দিছিলো হৃদয়
তেওঁ আতৰি গল
দি গল মাথোঁ মোক এৰি সুখী হোৱাৰ চেলেঞ্জ
নিসংগ কবিৰ সংগী হল শব্দ
আমি বোৰে বুজি নাপাওঁ নেকি বাৰু
আধুনিকতাৰ অৰ্থ ??
    ✍✍✍✍নিকু বৰুৱা

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27