Wednesday, 5 April 2017

প্ৰেমৰ প্ৰস্তাৱ

তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিওঁতে
মই অকণমানো ভবা নাছিলোঁ তেনেকৈ
তুমিতো জানা প্ৰেম কৰো বুলি
কৰা নাযায় হৈ যায়
তথাপি সকলো জানিও তুমি .........
তোমাৰ কথা শুনি ভাল লাগে সেইবাবেই
সদায় তোমাৰ লগত চুপতি কৰিছিলো
আৰু নভবাকৈয়ে মই তোমাৰ প্ৰেমত পৰিলো
যিটো তোমাৰ ভাষাত অৰ্থ হীন
ভিন্সিৰ মনালিছাৰ হাঁহিটো তকৈ
তোমাৰ দুই ওঁঠৰ হাঁহিটো ধুনীয়া
ছেকছ্পীয়েৰৰ জুলিয়েটকৈও তুমি ধুনীয়া
কিমান কথা ভাবিলো
হঠাতে হৈ পৰিল মোৰ হৃদয় খন হিৰোচিমা-নাগাচাকি।
প্ৰথম চিনাকিৰ দিনা মই এটি কবিতা লিখিছিলো
"মোৰ ফুলনিলৈ এজনী বৰ ধুনীয়া পখিলা আহিছে
নাজানোঁ তাই থাকে কত
কৰে কি ?
হয়তো তাই সোমাই আহিব নতুন সাজ পিন্ধি
খুলিব হৃদয়ৰ দুৱাৰ "
মোৰ অনুভৱ বোৰ গছকি গলা
তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিওঁতে
মই ভবা নাছিলো সেই সময়েই
হব মোৰ অভিশপ্ত সময় , কালসন্ধ্যা ।
✍✍✍✍✍নিকু বৰুৱা
১৫/০৩/২০১০

স্মৃতি

স্মৃতি মোৰ অপ্ৰিয় শব্দ
কিয়নো তাতেই যে আছা লুকাই তুমি
অতীতলৈ উভতি চালেই মনলৈ আহে
তুমি কৰা ব্যৱহাৰ আৰু প্ৰতাৰণা!
কেতিয়াবা ভাবো মই স্মৃতি হীন হোৱা হলে
কিন্তু মইতো মোৰ পৰিচয়েই নাজানিম তেতিয়া
মই হাঁহিব খুজিও থমকি ৰও
সপোন দেখিব খুজিও ভাবুক হৈ ৰও
কিয়নো তুমিয়েই যে মোক চিন্তা কৰিবলৈ শিকালা
মই নিবিচাৰিলেও সজীৱ হৈ
থাকিব তোমাৰ স্মৃতি ।
✍✍✍✍✍নিকু বৰুৱা
০৩/০৪/২০১০

Tuesday, 4 April 2017

শেষ কবিতা

তুমি আতৰি যোৱাৰে পৰা
মই এটাও কবিতা লিখা নাই
কি দৰে লিখোনো মই
শব্দবোৰ হেৰাই গ'লচোন
ছন্দ বিচাৰি হাবাথুৰি খাওঁ
তুমিয়েতো আছিলা মোৰ কবিতাৰ প্ৰথম পাঠক
তোমাৰ হাঁহিটোত
তোমাৰ দুনয়নৰ প্ৰেমত পৰিয়েইতো
মই কবিতা লিখিব আৰম্ভ কৰিছিলো
সেইযে তোমাৰ জন্মদিনত লিখিছিলো
সেইটোৱেই আছিল মোৰ
শেষ কবিতা !

✍✍✍✍✍নিকু বৰুৱা
১৮/০১/২০১৭

Friday, 31 March 2017

কবানে কথাটি

কাঁইটীয়া মৰুময় পথত মোক
অকলে এৰি থৈ
আতৰত ৰৈ চাই আছা ৰং
তুমি মোৰ অৱস্থা দেখি
জুৰকৈ হাঁহিছা
হাঁহা যিমান পাৰা
বেদনাৰ জুইকুৰা মোৰ হিয়াত
দপদপাই জ্বলিছে
মাঘৰ বিহুৰ মেজি জ্বলা দৰে
কাঁইটিয়া বাটেৰে মই যাব পৰা
নাই আগুৱাই
কিয়,তুমি মোক এনে কৰিলা
মই বুজিব পৰা নাই
নাজানো মোৰ কিয়
এনে হল
তুমি কবানে কথাটো
কিয় ভংগ কৰিলা প্ৰতিশ্ৰুতি ???
✍✍✍✍✍ নিকু বৰুৱা

মনাকাশ

তুমি আহিবানে আবেলি পৰত
মোক লগ কৰিবলৈ
কোৱা তুমি আহিবা জানো ?
সদায় নিসংগতাৰ সৈতে মই
মিতিৰালি পাতিছো
তুমি জানো মোৰ নিসংগতাক উপলব্ধি কৰিছা !
দুচকুৰে চকুলো বাগৰে
বাধা দিব নোৱাৰো মই
স্মৃতিৰ মানস পটত সদায়
পুৰণি কথাবোৰ ভাহি উঠে
আহত চৰাইৰ দৰে থাকো মই
ধৰফৰাই চটফটাই !!
মোৰ মনাকাশত জোন বেলি তৰা
নোহোৱা হল।
আন্ধাৰে সদায় আৱৰি ধৰে
তুমি পোহৰাই তুলিবলৈ
কোৱা আহিবানে আবেলি পৰত?
তুমি অহাৰ বাতৰি পালেই মোৰ
ফুলিব জানানে গোলাপৰ কলিটি
আকৌ মেলিব পাহি
তুমি প্ৰেৰণা দিয়া যদি
মোৰ মৰহা হৃদয় সজীৱ হৈ উঠিব
মোৰ মনাকাশত জোন বেলি তৰা
আকৌ ওলাব!!
মোৰ মনৰ বাগিচাত
ফুলিব নানা ৰং বিৰঙৰ ফুল
উৰিব তাত ফুটুকীয়া পখিলাৰ জাক
মৌ- মাখিয়ে গুণ গুণাবহি তাত
কোৱা তুমি আহিবা
ফৰকাল কৰিবানে তুমি
মোৰ মনাকাশ??

✍✍✍✍✍নিকু বৰুৱা

Saturday, 25 March 2017

মই, বীৰু আৰু বাসন্তী

ফেচবুক , হোৱাটচ্ আপ সকলো বাদ দিম
বাসন্তী, তোমাক মই বিয়া কৰাই নিম
বীৰু উঠিল জাপ মাৰি উত্তৰ দিলে মোক
কৰ পৰা আহিলি তই ফালি দিম মই তোক
বাসন্তীয়ে ভয়ত দুয়োৰে মুখলৈ চালে
মই কলো সুখী হম বাসন্তী তোমাক কাষত পালে
বীৰুয়ে কলে কোন বে তই,
কি নাম তোৰ ?
মই কলো বেছি নকৰিবি নিকু নাম মোৰ
আহ লাগ যদি মোৰ লগত দিম তোক ঘোচা
কৰ তই আবাৰা পাগল দিবানা, মোচা
ফাইট আৰম্ভ হোৱাৰ আগতে তিনিও
খুলিলো টুইটাৰ,
তোমালোকে ভাবাচোন বাসন্তী হব কাৰ ??
✍✍✍✍✍ নিকু বৰুৱা

জীৱন

জীৱন সজাব খুজি হেৰুৱাই পেলালো স্বপ্ন
থমকি ৰওঁ বাৰে বাৰে এই কথা জানিও
সময় এক অমূল্য ৰত্ন
সৰুতে শুনা সাধুকথা আৰু
এতিয়াৰ বাস্তৱৰ মাজত পাৰ্থক্য যে
আকাশ - পাতাল
যদি মনত শান্তি নাথাকে
থাকি কি লাভ বিশাল অট্টালিকাত
কবি বুলি বহুজনে মোক উপহাস কৰে
কবিতাৰে কিনিব যে নোৱাৰি বিলাসী গাড়ী
বঢ়াব নোৱাৰি বেংক বেলেন্চ
যাক দিছিলো হৃদয়
তেওঁ আতৰি গল
দি গল মাথোঁ মোক এৰি সুখী হোৱাৰ চেলেঞ্জ
নিসংগ কবিৰ সংগী হল শব্দ
আমি বোৰে বুজি নাপাওঁ নেকি বাৰু
আধুনিকতাৰ অৰ্থ ??
    ✍✍✍✍নিকু বৰুৱা

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...