ভাবিছিলো লহপহাই উঠিব বুলি,
মোৰ আশাৰ কলিটি হঠাতে মৰহিল
নুঠিল আকৌ ঠন ধৰি৷
আহিল এচাটি অচিনা ধুমুহা
বৈ গল অতিকে বেগেৰে
হিয়াৰ নিকতাত্মীয় সকলো আতৰিল
আতৰি গ’ল অচিনাকি ভাৱেৰে৷
অচিনা ধুমুহা বতাহজাকে
চিঙি পেলালে আশাৰ কলিটি
তুমিয়েই মোৰ আছিলা প্ৰেয়সী
তুমিয়েই আছিলা হিয়াৰ লগৰী৷
যদিও এতিয়া আতৰিলা তুমি
মৰমত নাম দিছিলোঁ আৰাধনা বুলি
কৰিম আৰাধনা সদায় তোমাক
তুমিতো নাথাকা এপাহ ফুল হৈ ফুলি !
তোমাৰ প্ৰতাৰণাই মোৰ বাবে
সদায় প্ৰেৰণা হৈ ৰ’ব
মিছা মধুৰ কথাবোৰে
মোৰ হিয়াত বিন্ধি ৰ’ব !
No comments:
Post a Comment