Tuesday, 29 September 2020

ভোক আৰু সুখ

এবাৰ ভাবি চালেই দেখা পোৱা যায়
খাবলৈ আমাৰ আজি এমুঠি নাই
হৃদয়ত ভাহি থাকে অসংখ্য সপোন
ভোকত নাপাওঁ ভাত এমুঠি
নাপাওঁ পিন্ধিবলৈ ভাল কাপোৰ !

মনে বিচৰা এটা বস্তু
আমি তাকো নাপাওঁ
দুখীয়াৰ জন্ম লৈ 
আমি ৰসাতলে যাওঁ !

এমুঠি ভাতৰ বাবে আমি
কিমান যে সংগ্ৰাম কৰিব লাগে
তাৰো কোনো হিচাপ নাই
কোন দিনা সুখ দিব আমাক
জগতৰ অধিপতি বিধাতাই !

No comments:

Post a Comment

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷