একো নজনাকৈ একো নুবুজাকৈ প্ৰথম দেখাতে কাৰোবাক ভাল লাগিব পাৰে সেইটো ডাঙৰ কথা নহয়৷সেই প্ৰথম দেখাতেই চিনাকি নোহোৱাকৈয়ে তেওঁ আমাৰ সপোনত মন মগজুত আহিব পাৰে৷যদি প্ৰতি মুহূৰ্ততে সেই সময়ৰ বা নিৰ্দিষ্ট ব্যক্তিজনৰ কথাই ভাবি থকা হয় তেওঁৰ ছবিখনে মন মগজুত থিতাপি লোৱাটো স্বাভাৱিক কথা৷সপোনত দিঠকত প্ৰতিপল তেওঁৰ কথাই আহি আমনি কৰিব তেওঁক লৈ নানা কথাভাবি ভাল লাগিব !ভাবি ভাবি কথাবোৰ নতুনকৈ ভাবি ভাল লাগিব আৰু লাহে লাহে সেই ব্যক্তিগৰাকীয়ে আমাৰ হৃদয়খনত বহি ল’ব৷এনেকৈ এদিন দুদিনৰ বা সেই প্ৰথম দেখা মুহূৰ্ততে সেই ভাললগা বোৰকে ভালপোৱা ভাবি প্ৰেমত পৰি যাওঁ৷
তেওঁৰ বিষয়ে জানিবলৈ , তেওঁক দেখা পাবলৈ হাবাথুৰি খাওঁ৷লাহে লাহে যেতিয়া তেওঁৰ বা ব্যক্তিগৰাকীৰ বিষয়ে সকলো জনা হয় হয়তো তেওঁক আগতকৈ বেছি ভাল লগা হয় বা একেবাৰে ভাল নলগা হয়৷কিন্তু সেই নিৰ্দিষ্ট ব্যক্তিজনৰ আমাৰ প্ৰতি যদি তেনে কোনো ভাৱ আৱেগ অনুভূতি নাথাকে তেন্তে সেইটো কোনো ডাঙৰ কথা নহয় ৷ কাৰণ সকলো মানুহৰে চিন্তাধাৰা বেলেগ,ভাব ভংগী বেলেগ আৰু তেওঁ নিজৰ বিচাৰ বিবেক বুদ্ধিৰেই সকলো কথা ভাবিব৷সেইবাবেই কাৰো বিষয়ে একো নজনাকৈ হোৱা ভাললগা বোৰক ভালপোৱা বুলি ভাবিব নালাগে৷
৩০ জুলাই ২০২১
No comments:
Post a Comment