স্মৃতিত আহি আহি
ভুমূকি মাৰা কিয়
তুমিয়েই কৈছিলা ভাল লাগে তোমাক
তুমি মোৰ প্ৰিয়৷
এটা সৰু কথাতেই
দিলা দূৰলৈ দলিয়াই
দিব পাৰিলানে তুমি
মোক মনৰ পৰা উলিয়াই৷
মনত থাকিব মোৰ
তোমাৰ লগত পাৰ কৰা সোণালী সময়
ইমান দিনে মোক
তিলমানো নুবুজিলা নহয়৷
অতীতৰ কথা মনত পৰিলে
গোটেই নিশা নাহে টোপনি
মোৰ কাষলৈ কেতিয়াও নাহো বুলি
ক’ত ধৰিলা খোপনি?
যদি কেতিয়াবা বুজি পোৱা
বুজি পাবা জানো সোণ
তুমি থাকোতে পূৰ্ণিমাৰ আৰু
নাই বাবে আঁউসীৰ জোন৷
যদি কেতিয়াবা সময় হয়
মোৰ কথা ভাবি চাবা
মই একেই আছো
একেদৰেই পাবা৷
ভুলবোৰ দোষ বোৰ আতৰাই
আকৌ এবাৰ আহানা কাষত
স্মৃতি বোৰ আহি আহি
কৰিছে বিষ বুকত৷
No comments:
Post a Comment