Tuesday, 17 August 2021

আকৌ আহানা কাষত

স্মৃতিত আহি আহি
ভুমূকি মাৰা কিয়
তুমিয়েই কৈছিলা ভাল লাগে তোমাক
তুমি মোৰ প্ৰিয়৷

এটা সৰু কথাতেই
দিলা দূৰলৈ দলিয়াই
দিব পাৰিলানে তুমি
মোক মনৰ পৰা উলিয়াই৷

মনত থাকিব মোৰ
তোমাৰ লগত পাৰ কৰা সোণালী সময়
ইমান দিনে মোক
তিলমানো নুবুজিলা নহয়৷

অতীতৰ কথা মনত পৰিলে
গোটেই নিশা নাহে টোপনি
মোৰ কাষলৈ কেতিয়াও নাহো বুলি
ক’ত ধৰিলা খোপনি?

যদি কেতিয়াবা বুজি পোৱা
বুজি পাবা জানো সোণ
তুমি থাকোতে পূৰ্ণিমাৰ আৰু
নাই বাবে আঁউসীৰ জোন৷
যদি কেতিয়াবা সময় হয়
মোৰ কথা ভাবি চাবা
মই একেই আছো
একেদৰেই পাবা৷

ভুলবোৰ দোষ বোৰ আতৰাই
আকৌ এবাৰ আহানা কাষত
স্মৃতি বোৰ আহি আহি 
কৰিছে বিষ বুকত৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27