Tuesday, 10 August 2021

উপলব্ধি

বহুজনক কাষত পায়ো আজি
মই অকলশৰীয়া এজন পথিক
কোনোবাই যেন মোক কিবা
দিম বুলি আশা দেখুৱাই
চূড়ান্ত প্ৰতাৰণা কৰিছে ৷

আৰু কেতিয়াবা মই পাই
হেৰুৱাৰ বেদনাত আহত
একোটা পক্ষীৰ দৰে চটফটাই থাকো !

অমাৱস্যাৰ অন্ধকাৰ আকাশ
গোটেই মুছাফিৰ খানাটো আন্ধাৰে গিলি পেলাইছে
আহিছে এচাটি চেঁচা বতাহ
ৰাতিটো তাতে কটাম বুলি টোপোলাৰ পৰা
কাপোৰ পাৰিছো চকুত ভাহিছে
অসংখ্য চিনাকি ছবি
কিন্তু মইতো আজি অকলশৰীয়া
আছো মই ৰুগ্ন মুছাফিৰ খানাটোত !

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27