Friday, 10 July 2020

Flipcart ত Super Fan Game আৰু Fake or Not Game খেলি লাভ কৰক আকৰ্ষণীয় উপহাৰ

Flipcart App ত খেলিব পাৰিব Super Fan আৰু Fake Or Not গেম দুটা৷গেম দুটা খেলি লগে লগেই গম পাব আপুনি কি উপহাৰ লাভ কৰিছে৷


Super Fan গেম টোত এগৰাকী Film Star য়ে দহটা প্ৰশ্ন সুধিব৷সেই দহটা প্ৰশ্ন তেওঁ নিজৰ বিষয়ে সুধিব৷গোটেই কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতা সৌভাগ্যৱান এজনে তেওঁক লগ কৰাৰ সুযোগ লাভ কৰিব আৰু বাকী সকলে লাভ কৰিব Gift Voucher আৰু Super Coins


Fake or Not গেমটোত পাঁচটা প্ৰশ্ন সুধিব সেই কেইটা Fake নে Not Fake উত্তৰ দিব লাগে৷গোটেই কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতা সকলে উপহাৰ লাভ কৰে৷

Super Fan 
গেমটোত আজিৰ Flim star গৰাকী আছিল Kareena Kapoor Khan তেওঁ নিজৰ বিষয়ে কৰা দহটা প্ৰশ্নৰ উত্তৰ সমূহ তলত দিয়া হ’ল৷
Fake or Not গেমটোৰ আজিৰ প্ৰশ্নৰ উত্তৰ সমূহ তলত দিয়া হ’ল৷

Wednesday, 8 July 2020

মই আৰু তুমি

মই আৰু তুমি 
মংগল গ্ৰহৰ বাসিন্দা নহয় 
আমি বাস এই
বিনন্দীয়া পৃথিৱীতে
অথচ আমি দুয়ো দুয়োৰে লগত 
কন্দলত লিপ্ত 
আকাশ পাতাল সকলোতে ৷
আমি কোনেও কাকো 
ভাল নাপাওঁ 
কাৰো বিষয়ে এবাৰো ভাবি নাচাওঁ 
আমাৰ যদিও এটাই ঠিকনা 
তথাপিও আমি দুয়ো 
দুটা বেলেগ গ্ৰহৰ প্ৰাণীৰ আচৰণ 
কৰি থাকো!

Friday, 3 July 2020

Flipcart ত Quiz আৰু Game খেলি জিকক বহুতো আকৰ্ষণীয় উপহাৰ

আমি হয়তো সকলোৱে অনলাইন থাকো৷ইটো সিটো কৰি টাইমপাচ কৰি থাকো৷Video চাই ,গান শুনি ইটো সিটো Gossip পঢ়ি৷

Flipcart ত কেইবাদিনৰ পৰা Quiz আৰু Game অনুষ্ঠিত হৈ আছে৷
কুইজ দিনৰ 12.00 বজাত,ৰাতি 8.00 আৰু 10.00 বজাত অনুষ্ঠিত হয়৷
দহটা প্ৰশ্ন সুধা হয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 10 ছেকেণ্ড সময় দিয়া হয়৷ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম লগে লগে ঘোষণা কৰা হয়৷
Quiz ৰ উপৰিও তলত উল্লেখ কৰা Game সমূহ খেলি আকৰ্ষণীয় উপহাৰ জিকিব পাৰিব৷

1. Cricket Battleground
2.Snake Smash
3.Guess What
4.Crazy Cannon
5.Kya Bolti Public Session 2
Rewards উপহাৰ সমূূহ

প্ৰয়োজনীয় কিছুমান ইংৰাজী শব্দৰ বিপৰীত শব্দ Some Common Opposite Word

Bad (বেয়া) - Good ( ভাল)
Short ( চাপৰ ) - Tall ( ওখ)
Close ( বন্ধ ) - Open ( খোলা)
Man ( পুৰুষ ) - Woman ( মহিলা )
Dim ( অনুজ্জ্বল) - Bright ( উজ্জ্বল)
Melt - Freeze
Arrival ( প্ৰবেশ ) -Deparature ( প্ৰস্থান )
Sunny ( ফৰকাল )- Cloudy ( ডাৱৰীয়া)
Interesting ( ভাললগা ) - Boring ( বিৰক্তি)
Never ( কেতিয়াও নহয় ) - Always ( সদায় )
Tight ( টান ) - Loose ( ঢিলা )
Less ( কম) - More ( বেছি)
Male ( পুৰুষ ) - Female ( মহিলা)
Alive ( জীৱিত ) - Death ( মৃত )
Clever ( বুদ্ধিয়ক) - Stupid ( মূৰ্খ,বুৰ্বক)
Little ( তাকৰ ) - Much ( বেছি)
Stop ( ৰোৱা ) - Move ( গতি কৰা ,যোৱা)
King (ৰজা )- Queen ( ৰাণী )
God ( দেৱতা) - Goddess ( দেৱী )
Host - Hostess
Boy ( ল’ৰা) - Girl ( ছোৱালী )
Up ( ওপৰত ) - Down ( তলত )
Left ( বাওঁ )- Right ( সোঁ )
Rich ( ধনী ) - Poor ( দুখীয়া )
Love ( প্ৰেম ) - Hate ( ঘৃণা )
Inside ( ভিতৰত ) - Outside ( বাহিৰত )
All ( সকলো ) - None ( কোনো নহয় )
Cheap( সস্তীয়া ) - Expensive ( খৰছী,দামী)
Hug - Tiny
Normal ( সাধাৰণ ) - Strange ( অসাধাৰণ )
Happiness ( সুখ ) - Sadness ( দুখ )
Old ( বৃদ্ধ,বুঢ়া ) - Young ( ডেকা,যুৱক )
North ( উত্তৰ ) - South ( দক্ষিণ )
Sweet ( মিঠা )- Sour ( তিতা )
In ( ভিতৰ ) - Out ( বাহিৰ )
Hot ( গৰম ) - Cold ( ঠাণ্ডা )
Begin ( আৰম্ভ ) - Finish ( শেষ )
Brother ( দাদা,ভাই )- Sister ( বা,ভনী )
Father ( দেউতা ) - Mother ( মা )
Husband ( পতি ,গিৰিয়েক )- Wife ( পত্নী,ঘৈণীয়েক)
Uncle ( মামা,খুড়া)- Aunt ( মামী,খুড়ী )
Long ( দীঘল ) - Short ( চুটি )
Rear ( পাছফাল) - Front ( সন্মুখত)
Under ( তলত ) - Over ( ওপৰত )
Ignore ( লক্ষ্য নকৰা ) - Notice ( লক্ষ্য কৰা বা চকু দিয়া  )
Child ( শিশু ) - Adult ( যুৱ )
Thick (শকত )- Thin ( ক্ষীণ )
Wet ( ভিজা ) - Dry ( শুকান )
Total ( সৰ্বমুঠ )- Partial ( আংশিক )
Here ( ইয়াত ) - There ( তাত )
Enemy ( শত্ৰু ) - Friend ( বন্ধু )
Late ( পলম ) - Early ( সোনকালে )
Fast ( বেগী ) - Slow ( লেহেমীয়া )
Visible ( দৃশ্য ) - Invisible ( অদৃশ্য )
Before ( আগত)- After ( পাছত )
Increase ( বৃদ্ধি হোৱা,বাঢ়ি যোৱা ) - Reduce ( কমি যোৱা )
Soft ( কোমল ) - Hard ( টান )
Count ( গণনা কৰা ) - Countless ( গণনা নকৰা )
Hero ( নায়ক ) - Heroin ( নায়িকা )
Grandfather ( ককা ) - Grandmother ( আইতা )
Foreigner ( বিদেশী )- Native,Citizen ( দেশীয় )
East ( পূৱ ) - West ( পশ্চিম )
Owner ( মালিক ,গৃহস্থ ) - Customer ( গ্ৰাহক ) Guest ( অতিথি,আলহী) Employee ( কৰ্মচাৰী )
Wild ( বনৰীয়া ) - Domestic ( ঘৰচীয়া )
Sky ( আকাশ) - Hell ( পাতাল )

Thursday, 2 July 2020

অসমৰ ৰাজধানী নতুন দিল্লী

শিক্ষক : কোৱাচোন দিল্লীৰ ৰাজধানী কি?
ৰাজু:নতুন দিল্লী ছাৰ৷

শিক্ষক:শুদ্ধ উত্তৰ বহা৷বিশাল তুমি কোৱাচোন ভাৰতৰ ৰাজধানী কি?

বিশাল: নতুন দিল্লী ছাৰ৷
শিক্ষক : শুদ্ধ উত্তৰ বহা৷নিকু তুমি কোৱাছোন অসমৰ ৰাজধানী কি?

নিকু : ছাৰ নতুন দিল্লী৷
শিক্ষক : (আচৰিত হৈ খঙেৰে) বুৰ্বক কোনে ক’লে তোক নতুন দিল্লী বুলি?

নিকু : ছাৰ ৰাজু আৰু বিশালে উত্তৰ দিলে শুদ্ধ হয় একেটা উত্তৰ মই দিলে কিয় শুদ্ধ নহয়?

শিক্ষক : (নিজৰ কপালতে হাত দি ) কোন গ্ৰহৰ প্ৰাণী তই তোক আৰু পঢ়াব নোৱাৰো দেই মই৷

এইবুলি ছাৰ ক্লাছৰ পৰা ওলাই গুছি গ’ল৷

#কৌতুক হে এইটো৷
#অসমৰ ৰাজধানী দিছপুৰ হে৷

মই য’তে ত’তে গীত নাগাওঁ

এবাৰ গাওঁ ফুৰিবলৈ গৈছিলো বন্ধু এজনৰ লগত৷এনেই মই গান নাগাওঁ কিন্তু কেতিয়াবা গায়কৰ আত্মা আহি সোমাই যায়৷তাৰ লগত গৈ থাকোতে দেখিলো ছোৱালী এজনী,মানুহ এগৰাকী আৰু মানুহ এজনত পদূলিত ৰৈ আছে৷

ঠিক তেনেতে ভিতৰত থকা গায়ক জন জাগি উঠিল৷সকলোৱে শুনাকৈ আৰম্ভ কৰিলো
“জোন,বেলি,ত’ৰা সদায় ওলায়েই থাকিব
তুমি নাথাকিলেও ভালপোৱা থাকিব”

বছ সিমানকন গাবলৈহে পালো মানুহজনে হাতত থকা দা খন লৈ খেদি আহিল৷লগৰটোৱে পলা বুলি কোৱাৰ লগে লগে এবাৰ পাছফালে চাই ঢাপলি মেলিলো৷বহু দূৰলৈকে আমাক খেদিলে দৌৰি যাওঁতে দুয়োটাৰে পেন্টো অলপ ফাটিল৷বহু সময় দৌৰাৰ পাছত পাছলৈ চাই দেখিলো মানুহজন বহু আতৰত ৰৈ গ’ল৷

আমি মাটিতে বহি দিলো৷মই ফোপাই ফোপাইয়ে লগৰটোক সুধিলো মানুহটোৱে আমাক কিয় খেদিলে অ’ ৷মইতো গানহে গাইছিলোঁ৷

লগৰটোৱে অলপ খঙেৰে মোলৈ চাই ক’লে তই যিটোহে গান গাইছ’ নেখেদি কৰিব কি?

মই আচৰিত হৈ মইতো একো বেয়াকৈ গোৱা নাই৷

তই একো বেয়াকৈ গোৱা নাই কিন্তু খেদা দিলে গানটোৰ বাবে৷তই গাইছ’ জোন,বেলি ত’ৰা সদায় ওলাই থাকিব৷সেই মানুহজনৰ নাম সূৰ্য্য,ঘৈণীয়েকৰ নাম ত’ৰা আৰু জীয়েকৰ নাম জোন৷আমি সিহঁতক ইতিকিং কৰা বুলি ভাবি খেদিলে৷চা দোষ্ট য’তে ত’তে যিটি গান নাগাবি৷এইবুলি লগৰটোৱে মোক বুজালে৷

মই কথাটো শুনি মুৰে কপালে হাত দি বহু সময় বহি থাকিলো৷তেতিয়াৰ পৰাই য’তে ত’তে মই গান নাগাওঁ৷

Wednesday, 1 July 2020

How to Apply for Driving Licence Offline in Assam

  • Step 1: Get an application form from the nearest RTO

  • Step 2: The form can be even downloaded from the official website and the printed copy needs to be submitted to the RTO.

  • Step 3: Fill the following details:
    • Full Name
    • Father’s Name
    • Residential Address
    • Educational Qualification
    • Date of Birth
    • Place of Birth
    • Blood Group
    • Identification Mark

  • Step 4: Provide the RTO with the address and age proofs and passport-size photos.

  • Step 5: Get an appointment for the first round of the test. In this, your knowledge of traffic rules is tested.

  • Step 6: On passing the test, you’ll be issued a learner’s licence. You can apply for a permanent DL after holding a learner’s licence for at least 30 days but not more than 180 days.

Monday, 29 June 2020

দংগল চিনেমাখনৰ চৰিত্ৰসমূহ ৰীল আৰু ৰিয়েলত Dangal Movies Character Reel & Real

Real & Reel
Dangal Movies Character
1.Mahavir Singh Phogat's Family
মহাবীৰ সিং ফোগাটৰ পৰিয়ালটো
2.Mahavir Singh Phogat মহাবীৰ সিং ফোগাট

3.Daya Kaur দয়া কৌৰ
4.Geeta Phogat গীতা ফোগাট
5.Babita Kumari ববিতা কুমাৰী
6. Omkar ওমকাৰ
7.Pramod Kadam প্ৰমোদ কদম


Saturday, 27 June 2020

ইংৰাজীত ৰঙৰ নাম Colours Name in English

Blue (ব্লু ) নীলা
Black ( ব্লেক ) ক’লা
Brown ( ব্ৰাউন ) মুগা
Golden ( গ’ল্ডেন ) সোণালী
Gray ( গ্ৰে ) ছাইবৰণীয়া
Green ( গ্ৰীণ ) সেউজীয়া
Indigo ( ইনডিগো ) ঘননীলা
Maroon ( মেৰুণ ) ক’লাৰ আভাস থকা ঘন ৰঙা
Orange ( অৰেঞ্জ ) কমলা,সুমথিৰা
Purple ( পাৰ্পল ) কজলা
Pink ( পিঙ্ক ) গুলপীয়া
Red ( ৰেদ) ৰঙা
Saffron ( ছেফ্ৰন ) অনুজ্জ্বল ৰঙা হালধীয়া
Scarlet ( স্কাৰলেট ) টিকটিকিয়া ৰঙা
Violet ( ভায়’লেট ) বেঙুনীয়া
Vermilion ( ভাৰমিলিয়ন ) সেন্দুৰীয়া
White ( হোৱাইট ) বগা
Yellow ( ইয়েল্ল’) হালধীয়া

Friday, 26 June 2020

মাছৰ নাম সমূহ ইংৰাজীত জানো আহক Fish Name in English

পুঠি - Pool Barb / Olive Barb
গৰৈ- Spotted Snakehead
কাৱৈ - Climbing Perch
শিঙৰা - Stripped Dwarf Catfish
চেঙেলী- Ceylon Snakehead
দৰিকণা- Flying Barb
মোৱা -Indian Carplet
খলিহনা - Banded Colisa
বৰদোৱা - Indian Potasi
ভেচেলি - Sunset Gourami
চেনিপুঠি - Olive Barb
লাওপুঠি - Zebra Danio Minnow
শ’ল - Stripped Snakehead
শাল - Giant Snakehead
চেঙা - Spotted Snakehead
মাগুৰ - Walking Catfish
টুৰা - Stripped Spiny Eel
বটিয়া - Loach
শিঙিৰ - Stinging Catfish
কলিয়াজৰা - Calbasu
আৰি - Giant River Catfish
পাভ - Indian Butter Catfish
ৰৌ - Rohu
বাহু - Catla
ভাঙন - Labeo Bata
কান্ধুলী - Bronze Feather back
বামীমাছ - Zigzag Eel
কুচিয়া - Freshwater Eels
বৰালি - Freshwater Shark
চন্দা - Elomgate Glassy Perchlet
কুঢ়ি - Kuria Labeo
চিতল - Humped Feather Back
মালি - Black Rohu
গ্ৰাৰ্ছ কাৰ্প - Grass Carp
কমন কাৰ্প - Common Carp
বালিচন্দা - Barna Baril
গেদগেদী - Bekti
ককিলা - Cancila
ইলিছ - Ilish
বিগহেড - Big Head Carp
পাটীমূতুৰা - Tang Gobi
বৰলীয়া - Aspo Diparia
চেলকণা - Boopis Razorbelly Minnow
গঙ্গাটোপ - Ocellated Puffer

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...