ছাৰ,ৰাজুৱে সদায় স্কুলৰ ইউনিফৰ্ম ঘৰত পিন্ধি থাকে৷ শ্ৰেণীৰে ল’ৰা এটাই ক’লে৷শ্ৰেণীৰ শেষৰ বেঞ্চত তলমূৰ কৰি বহি থকা ৰাজুলৈ চালো৷খং উঠিল স্কুলৰ সাজপাৰ ঘৰত কিয় পিন্ধে বুলি৷ পিছে খংটো নেদেখুৱালো৷মই তাক মাতিলো,“ৰাজু, এইফালে আহা”৷সি মোলৈ চালে৷চাই আকৌ তলমূৰ কৰিলে৷ শ্ৰেণীৰ আন দুটামানে তাক কিবাকিবি কৈ জুকালে৷ মই মনে মনে থাকিবলৈ কলো সিহঁতক৷ তাক আকৌ মাতিলো সি চালে কিন্তু মোৰ কাষলৈ নাহিল৷তলমূৰ কৰি কিতাপ বহীকে খুচৰি আছে৷ মোৰ খং উঠি গ’ল৷কি অসভ্য অ’ মাতি আছো অথনিৰে পৰা অহা নাই কিয়?মই কিন্তু উঠি গ’লে কথা বেয়া হ’ব৷মোৰ ওচৰত অসভ্যালি কৰি নাথাকিবা৷কথা কলে শুনিব লাগে কথাকেইটা খুউব খঙেৰেই কলো৷মোৰ ধমক খাই সি উঠি আহিল৷টেবুলৰ ওচৰত ৰৈ চলচলীয়া চকুৰে তলমূৰকৈ চাই ৰল৷
কিয় ইমান দেৰিলৈকে উঠি অহা নাই দিনক দিনে অসভ্য হৈছা ন’ মই কলো৷ কোৱাচোন স্কুলৰ ইউনিফৰ্ম ঘৰত কিয় পিন্ধি থাকা? তাক প্ৰশ্ন কৰিলো সি কিবা কব খুজোতেই তাৰ চকুলো ওলাই গ’ল৷ মোলৈ চাই সি ভয়ে ভয়ে কলে-ছাৰ, মোৰ আৰু বেলেগ কাপোৰ নাই৷সেইবাবেই মই ঘৰতো ইউনিফৰ্ম পিন্ধাে৷কাপোৰ নিপিন্ধিলে মানুহে মোক অসভ্য বুলি কয়৷ মই একো ক’ব নোৱাৰিলো ইংগিতেৰে তাক বহিবলৈ কলো৷ মনতে ভাবিলো ইউনিফৰ্ম ঘৰত পিন্ধা বাবেই মই তাক অসভ্য বুলি কলো আৰু কাপোৰ নিপিন্ধিলে মানুহে তাক অসভ্য বুলি কয়৷সি বেচেৰাই কি কৰিব৷এইবাৰ মই সকলোৱে শুনাকৈ কলো ৰাজু,তুমি দেওবাৰে মোৰ লগত বজাৰলৈ ওলাবা৷সকলোৱে মোলৈ প্ৰশ্নবোধক চাৱনিৰে চালে৷
২৩/৯/২০১৭
No comments:
Post a Comment