Sunday, 7 July 2019

জোন ত’ৰা

জোনাকী নিশা সুদূৰত দেখিছো মই
সেইটো জোন,
কাষে কাষে সকলোতে যে আছে ত’ৰা
সিহঁতনো বাৰু কোন?
জোনৰ সেইয়া ক’লাদাগ
বুঢ়ালোকে তুলসী বুলি কয়
জোনটো সদায় নাথাকে আকাশত
মাজে মাজে বিদায় লয়৷
অমাৱস্যাৰ ৰাতি নিৰ্জন অন্ধকাৰ
নমনি চকুৰে একো
আকাশত জোনটো যে নাই
কেৱল ত’ৰাবোৰেহে মাতি আছে
চকু টিপিয়াই টিপিয়াই৷
আকাশত আছে অসংখ্য ত’ৰা
কেৱল মাত্ৰ এটা জোন
কেতিয়াবা সৰু, কেতিয়াবা ডাঙৰ
ভাবিচানে তুমি সোণ?
চিৰদিন থাকিবনে এই আকাশত
এতিয়াৰ জোন,বেলি,ত’ৰা
সদায় থাকিবনে বাৰু
এই সেউজী ধৰা?
০৮/০৯/২০০৬

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27