Saturday, 18 July 2020

MX Player ৰ পৰা Image,Video,Audio,Apps কেনেকৈ Share কৰিব

ফাইল Share কৰা দুটা জনপ্ৰিয় চাইনিজ এপ Xender আৰু Share-it বন্ধ হোৱাৰ পৰা বহুতে হয়তো তেনে Fire sharing App প্লেষ্ট’ৰত বিচাৰি আছে৷

মই নিজেও বহু কেইটা File sharing app Download কৰি অলপ সময় ব্যৱহাৰ কৰি সন্তোষজনক নোহোৱাত Uninstall কৰিছো৷
এতিয়া অৱশ্যে সেই অসুবিধা নাই৷সকলোৰে Mobile ত MX Player এপটো install থাকেই৷এইটো এপৰ সহায়ত এতিয়া যিকোনো ফাইল ,image,audio,video,app ক্ষন্তেকতে ইজনে আনজনলৈ দিব পাৰিব৷
MX Player ৰ পৰা File Share কেনেকৈ কৰিব তাকে তলত Step by step লিখিছো যাতে সকলোৰে সহায় হয়৷

১/প্ৰথমে MX Player app ত যাওক ( যদি আপোনাৰ মবাইলত নাই play store ৰ পৰা Download কৰক)

২/বাওঁফালে থকা তিনিডাল আঁচত চুই দিয়ক৷

৩/Local ৰ তলতে File transfer option টো দেখিব তাত চুই দিয়ক৷

৪/যদি যিকোনো File Send কৰিব খুজে তেতিয়া Send ত চুই দিয়ক আৰু যদি Received কৰিব খুজে Receive ত চুই দিয়ক৷(ইয়াত যিহেতু file share কেনেকৈ কৰিব লিখিছো গতিকে Send কৰিব লাগিব)

৫/Send ত চুই দিয়াৰ পাছত যিটো Video,audio,image,Apps পঠাব বিচাৰে সেইটো select কৰক৷

৬/File select কৰাৰ পাছত Share Now ত চুই দিয়ক৷

৭/এতিয়া এখন নতুন Screen দেখা পাব তাত Enabled Bluetooth আৰু WLAN option দুটা দেখা পাব৷দুয়োটা Allow কৰি দিয়ক৷

৮/তাৰ পাছত যিজনে Receive কৰিব তেওঁৰ নামটোত touch কৰি দিয়ক নতুবা QR Code scan কৰি দিয়ক৷লগে লগে আপুনি পঠিওৱা File তেওঁ পাই যাব৷

Friday, 17 July 2020

জণ্ডিছ ৰোগৰ বন ঔষধ


জণ্ডিছ ৰোগ সাধাৰণতে পানী দূষিত
হোৱাৰ ফলত হয় । ইয়াৰ বাবে শৰীৰে
তেজ ভালদৰে বনাব নোৱাৰা হয় ।
যাৰ বাবে শৰীৰ , চকু আদি হালধীয়া
হয় । ভোক নলগা , খাদ্য দেখিলে
বমি ভাব হোৱা , মুখৰ ৰুচি নোহোৱা
হোৱা আদি লক্ষণ দেখা দিয়ে ।

১. প্ৰতিদিনে ২-৩গিলাচ কুঁহিয়াৰৰ
ৰসত গোল নেমুৰ ৰস মিহলাই খাওক
২. ১ গিলাচ কুঁহিয়াৰৰ ৰস লৈ তাত ১টা
বুটমাহৰ সমান চূণ ভালকৈ মিহলাই
দিনত ২বাৰ খাওক ।
৩. ট্ৰিফলা চূৰ্ণ ১চামুচ আৰু মৌ দুই
চামুচ মিহলাই দিনত দুই বাৰ খাওক ।।
৪. ১গিলাচ পানীত ১ চামুচ ট্ৰিফলা
চূৰ্ণ ভালকৈ
গৰম কৰি চাহৰ নিচিনা খাওক ।
৫. শিলিখা গুড়ি মৌৰ লগত মিহলাই
দৈনিক 2 চামুচ খাওক ।
৬. বেলৰ পাতৰ ৰস উলিয়াই তাত 1
চিমতা জালুকৰ গুড়ি মিহলাই আধা
কাপ কৰি দিনত ২ বাৰ খাওক ।
৭. শুকান আদাৰ গুড়ি আৰু মৌ সম
অনুপাতত মিহলাই দৈনিক ২চামুচ দুই
সময়ত খাওক ।
৮. ভৌথা শাকৰ গুটি গুড়ি কৰি
ৰাতিপুৱা আৰু গধূলি 1 চামুচ কৰি
খালে ভাল ফল পায় ।
৯. পিয়াজ সৰু সৰু কৈ কাটি তাত
নেমুৰ ৰস মিহলাই খাওক ।।।
১০. তৰমুজ খালেও জণ্ডিছ ভাল হয়৷
১১. কৰ্দৈ টেঙাৰ আঞ্জা বনাই খাব
পাৰে ৷

©Source: Internet

Wednesday, 15 July 2020

মাত্ৰ ৫৭৯৯ টকাত আইফোন

মাত্ৰ ৫৭৯৯ টকাত আপুনি এটা আইফোন কিনিব পাৰে৷
শুনিবলৈ অবিশ্বাস্য যদিও কথাটো সম্পূৰ্ণ সত্য৷
৫৭৯৯ টকাত Apple iphone কিনিবলৈ আপুনি প্ৰথমে 2gud.com নামৰ Website টোত যাব লাগিব৷

 2gud.com ত গৈ আপোনাৰ এটা একাউণ্ট সৃষ্টি কৰি লব৷
তাৰ পাছত Search Box ত iphone search কৰিলে তাত উপলব্ধ থকা আইফোনৰ তালিকা খন মূল্যৰ ( Price) সৈতে দেখা পাব৷
আপোনাৰ নিজৰ পছন্দ অনুসৰি iphone ক্ৰয় কৰিব পাৰিব৷
যদি ক্ৰয় কৰিব বিচাৰে Description ভালকৈ পঢ়ি চাব৷
আইফোন সমূহ কিন্তু New নহয় Refurbished হয়৷

ওপৰত দিয়া শিৰোনাম অনুসৰি ৫৭৯৯ টকাত এটা iphone 4s ( Refurbished) ক্ৰয় কৰিব পাৰিব৷

তলত দিয়া Link টোত গৈ চাব পাৰিব
link:https://www.2gud.com/search?q=iphones&marketplace=EMERALD

@ওপৰৰ ৰঙা আখৰ কেইটাত চুই দি Youtube ত Video টো চাব পাৰিব৷

Tuesday, 14 July 2020

Sony Liv App ত Game খেলি জিকক নগদ ধনৰাশি আৰু বহুতো আকৰ্ষণীয় উপহাৰ

Sony Liv App ত Game খেলি জিকক নগদ ধনৰাশি আৰু বহুতো আকৰ্ষণীয় উপহাৰSony Liv App ত Game খেলিবৰ বাবে প্ৰথমে Play store ৰ পৰা App টো ডাউনলড্ কৰি লওক৷

ডাউনলড্ কৰাৰ পাছত তাত এটা একাউণ্ট বনাই লওক৷

একাউণ্ট বনাই লোৱাৰ পাছত Sony Liv App Game Section ত যাওক আৰু আপোনাৰ নিজৰ পছন্দ অনুসৰি যি গেম খেলি ভালপায় সেইটো Game খেলক৷

সকলো Game তেই নগদ ধনৰাশিৰ লগত বহুতো আকৰ্ষণীয় উপহাৰ লাভ কৰিব৷

তলত Sony Liv App ত উপলব্ধ হোৱা গেম সমূহৰ Screenshots দিয়া আছে ৷
https://youtu.be/Y0zlQZPDK94

Friday, 10 July 2020

Flipcart ত Super Fan Game আৰু Fake or Not Game খেলি লাভ কৰক আকৰ্ষণীয় উপহাৰ

Flipcart App ত খেলিব পাৰিব Super Fan আৰু Fake Or Not গেম দুটা৷গেম দুটা খেলি লগে লগেই গম পাব আপুনি কি উপহাৰ লাভ কৰিছে৷


Super Fan গেম টোত এগৰাকী Film Star য়ে দহটা প্ৰশ্ন সুধিব৷সেই দহটা প্ৰশ্ন তেওঁ নিজৰ বিষয়ে সুধিব৷গোটেই কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতা সৌভাগ্যৱান এজনে তেওঁক লগ কৰাৰ সুযোগ লাভ কৰিব আৰু বাকী সকলে লাভ কৰিব Gift Voucher আৰু Super Coins


Fake or Not গেমটোত পাঁচটা প্ৰশ্ন সুধিব সেই কেইটা Fake নে Not Fake উত্তৰ দিব লাগে৷গোটেই কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতা সকলে উপহাৰ লাভ কৰে৷

Super Fan 
গেমটোত আজিৰ Flim star গৰাকী আছিল Kareena Kapoor Khan তেওঁ নিজৰ বিষয়ে কৰা দহটা প্ৰশ্নৰ উত্তৰ সমূহ তলত দিয়া হ’ল৷
Fake or Not গেমটোৰ আজিৰ প্ৰশ্নৰ উত্তৰ সমূহ তলত দিয়া হ’ল৷

Wednesday, 8 July 2020

মই আৰু তুমি

মই আৰু তুমি 
মংগল গ্ৰহৰ বাসিন্দা নহয় 
আমি বাস এই
বিনন্দীয়া পৃথিৱীতে
অথচ আমি দুয়ো দুয়োৰে লগত 
কন্দলত লিপ্ত 
আকাশ পাতাল সকলোতে ৷
আমি কোনেও কাকো 
ভাল নাপাওঁ 
কাৰো বিষয়ে এবাৰো ভাবি নাচাওঁ 
আমাৰ যদিও এটাই ঠিকনা 
তথাপিও আমি দুয়ো 
দুটা বেলেগ গ্ৰহৰ প্ৰাণীৰ আচৰণ 
কৰি থাকো!

Friday, 3 July 2020

Flipcart ত Quiz আৰু Game খেলি জিকক বহুতো আকৰ্ষণীয় উপহাৰ

আমি হয়তো সকলোৱে অনলাইন থাকো৷ইটো সিটো কৰি টাইমপাচ কৰি থাকো৷Video চাই ,গান শুনি ইটো সিটো Gossip পঢ়ি৷

Flipcart ত কেইবাদিনৰ পৰা Quiz আৰু Game অনুষ্ঠিত হৈ আছে৷
কুইজ দিনৰ 12.00 বজাত,ৰাতি 8.00 আৰু 10.00 বজাত অনুষ্ঠিত হয়৷
দহটা প্ৰশ্ন সুধা হয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 10 ছেকেণ্ড সময় দিয়া হয়৷ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম লগে লগে ঘোষণা কৰা হয়৷
Quiz ৰ উপৰিও তলত উল্লেখ কৰা Game সমূহ খেলি আকৰ্ষণীয় উপহাৰ জিকিব পাৰিব৷

1. Cricket Battleground
2.Snake Smash
3.Guess What
4.Crazy Cannon
5.Kya Bolti Public Session 2
Rewards উপহাৰ সমূূহ

প্ৰয়োজনীয় কিছুমান ইংৰাজী শব্দৰ বিপৰীত শব্দ Some Common Opposite Word

Bad (বেয়া) - Good ( ভাল)
Short ( চাপৰ ) - Tall ( ওখ)
Close ( বন্ধ ) - Open ( খোলা)
Man ( পুৰুষ ) - Woman ( মহিলা )
Dim ( অনুজ্জ্বল) - Bright ( উজ্জ্বল)
Melt - Freeze
Arrival ( প্ৰবেশ ) -Deparature ( প্ৰস্থান )
Sunny ( ফৰকাল )- Cloudy ( ডাৱৰীয়া)
Interesting ( ভাললগা ) - Boring ( বিৰক্তি)
Never ( কেতিয়াও নহয় ) - Always ( সদায় )
Tight ( টান ) - Loose ( ঢিলা )
Less ( কম) - More ( বেছি)
Male ( পুৰুষ ) - Female ( মহিলা)
Alive ( জীৱিত ) - Death ( মৃত )
Clever ( বুদ্ধিয়ক) - Stupid ( মূৰ্খ,বুৰ্বক)
Little ( তাকৰ ) - Much ( বেছি)
Stop ( ৰোৱা ) - Move ( গতি কৰা ,যোৱা)
King (ৰজা )- Queen ( ৰাণী )
God ( দেৱতা) - Goddess ( দেৱী )
Host - Hostess
Boy ( ল’ৰা) - Girl ( ছোৱালী )
Up ( ওপৰত ) - Down ( তলত )
Left ( বাওঁ )- Right ( সোঁ )
Rich ( ধনী ) - Poor ( দুখীয়া )
Love ( প্ৰেম ) - Hate ( ঘৃণা )
Inside ( ভিতৰত ) - Outside ( বাহিৰত )
All ( সকলো ) - None ( কোনো নহয় )
Cheap( সস্তীয়া ) - Expensive ( খৰছী,দামী)
Hug - Tiny
Normal ( সাধাৰণ ) - Strange ( অসাধাৰণ )
Happiness ( সুখ ) - Sadness ( দুখ )
Old ( বৃদ্ধ,বুঢ়া ) - Young ( ডেকা,যুৱক )
North ( উত্তৰ ) - South ( দক্ষিণ )
Sweet ( মিঠা )- Sour ( তিতা )
In ( ভিতৰ ) - Out ( বাহিৰ )
Hot ( গৰম ) - Cold ( ঠাণ্ডা )
Begin ( আৰম্ভ ) - Finish ( শেষ )
Brother ( দাদা,ভাই )- Sister ( বা,ভনী )
Father ( দেউতা ) - Mother ( মা )
Husband ( পতি ,গিৰিয়েক )- Wife ( পত্নী,ঘৈণীয়েক)
Uncle ( মামা,খুড়া)- Aunt ( মামী,খুড়ী )
Long ( দীঘল ) - Short ( চুটি )
Rear ( পাছফাল) - Front ( সন্মুখত)
Under ( তলত ) - Over ( ওপৰত )
Ignore ( লক্ষ্য নকৰা ) - Notice ( লক্ষ্য কৰা বা চকু দিয়া  )
Child ( শিশু ) - Adult ( যুৱ )
Thick (শকত )- Thin ( ক্ষীণ )
Wet ( ভিজা ) - Dry ( শুকান )
Total ( সৰ্বমুঠ )- Partial ( আংশিক )
Here ( ইয়াত ) - There ( তাত )
Enemy ( শত্ৰু ) - Friend ( বন্ধু )
Late ( পলম ) - Early ( সোনকালে )
Fast ( বেগী ) - Slow ( লেহেমীয়া )
Visible ( দৃশ্য ) - Invisible ( অদৃশ্য )
Before ( আগত)- After ( পাছত )
Increase ( বৃদ্ধি হোৱা,বাঢ়ি যোৱা ) - Reduce ( কমি যোৱা )
Soft ( কোমল ) - Hard ( টান )
Count ( গণনা কৰা ) - Countless ( গণনা নকৰা )
Hero ( নায়ক ) - Heroin ( নায়িকা )
Grandfather ( ককা ) - Grandmother ( আইতা )
Foreigner ( বিদেশী )- Native,Citizen ( দেশীয় )
East ( পূৱ ) - West ( পশ্চিম )
Owner ( মালিক ,গৃহস্থ ) - Customer ( গ্ৰাহক ) Guest ( অতিথি,আলহী) Employee ( কৰ্মচাৰী )
Wild ( বনৰীয়া ) - Domestic ( ঘৰচীয়া )
Sky ( আকাশ) - Hell ( পাতাল )

Thursday, 2 July 2020

অসমৰ ৰাজধানী নতুন দিল্লী

শিক্ষক : কোৱাচোন দিল্লীৰ ৰাজধানী কি?
ৰাজু:নতুন দিল্লী ছাৰ৷

শিক্ষক:শুদ্ধ উত্তৰ বহা৷বিশাল তুমি কোৱাচোন ভাৰতৰ ৰাজধানী কি?

বিশাল: নতুন দিল্লী ছাৰ৷
শিক্ষক : শুদ্ধ উত্তৰ বহা৷নিকু তুমি কোৱাছোন অসমৰ ৰাজধানী কি?

নিকু : ছাৰ নতুন দিল্লী৷
শিক্ষক : (আচৰিত হৈ খঙেৰে) বুৰ্বক কোনে ক’লে তোক নতুন দিল্লী বুলি?

নিকু : ছাৰ ৰাজু আৰু বিশালে উত্তৰ দিলে শুদ্ধ হয় একেটা উত্তৰ মই দিলে কিয় শুদ্ধ নহয়?

শিক্ষক : (নিজৰ কপালতে হাত দি ) কোন গ্ৰহৰ প্ৰাণী তই তোক আৰু পঢ়াব নোৱাৰো দেই মই৷

এইবুলি ছাৰ ক্লাছৰ পৰা ওলাই গুছি গ’ল৷

#কৌতুক হে এইটো৷
#অসমৰ ৰাজধানী দিছপুৰ হে৷

মই য’তে ত’তে গীত নাগাওঁ

এবাৰ গাওঁ ফুৰিবলৈ গৈছিলো বন্ধু এজনৰ লগত৷এনেই মই গান নাগাওঁ কিন্তু কেতিয়াবা গায়কৰ আত্মা আহি সোমাই যায়৷তাৰ লগত গৈ থাকোতে দেখিলো ছোৱালী এজনী,মানুহ এগৰাকী আৰু মানুহ এজনত পদূলিত ৰৈ আছে৷

ঠিক তেনেতে ভিতৰত থকা গায়ক জন জাগি উঠিল৷সকলোৱে শুনাকৈ আৰম্ভ কৰিলো
“জোন,বেলি,ত’ৰা সদায় ওলায়েই থাকিব
তুমি নাথাকিলেও ভালপোৱা থাকিব”

বছ সিমানকন গাবলৈহে পালো মানুহজনে হাতত থকা দা খন লৈ খেদি আহিল৷লগৰটোৱে পলা বুলি কোৱাৰ লগে লগে এবাৰ পাছফালে চাই ঢাপলি মেলিলো৷বহু দূৰলৈকে আমাক খেদিলে দৌৰি যাওঁতে দুয়োটাৰে পেন্টো অলপ ফাটিল৷বহু সময় দৌৰাৰ পাছত পাছলৈ চাই দেখিলো মানুহজন বহু আতৰত ৰৈ গ’ল৷

আমি মাটিতে বহি দিলো৷মই ফোপাই ফোপাইয়ে লগৰটোক সুধিলো মানুহটোৱে আমাক কিয় খেদিলে অ’ ৷মইতো গানহে গাইছিলোঁ৷

লগৰটোৱে অলপ খঙেৰে মোলৈ চাই ক’লে তই যিটোহে গান গাইছ’ নেখেদি কৰিব কি?

মই আচৰিত হৈ মইতো একো বেয়াকৈ গোৱা নাই৷

তই একো বেয়াকৈ গোৱা নাই কিন্তু খেদা দিলে গানটোৰ বাবে৷তই গাইছ’ জোন,বেলি ত’ৰা সদায় ওলাই থাকিব৷সেই মানুহজনৰ নাম সূৰ্য্য,ঘৈণীয়েকৰ নাম ত’ৰা আৰু জীয়েকৰ নাম জোন৷আমি সিহঁতক ইতিকিং কৰা বুলি ভাবি খেদিলে৷চা দোষ্ট য’তে ত’তে যিটি গান নাগাবি৷এইবুলি লগৰটোৱে মোক বুজালে৷

মই কথাটো শুনি মুৰে কপালে হাত দি বহু সময় বহি থাকিলো৷তেতিয়াৰ পৰাই য’তে ত’তে মই গান নাগাওঁ৷

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...