Wednesday, 23 October 2019

মোৰ জীৱনত নাই এটি বন্ধোৱা বাট

মোৰ জীৱনত নাই এটি বন্ধোৱা বাট
সেইবাবেই হয়তো খাইছো বহুত উজুটি
জীৱনত ঘাট-প্ৰতিঘাট৷
কেনেকৈ মই বাটটো বান্ধিম
তাকে ভাবিও একো পোৱা নাই
বাটটো নথকাৰ কাৰণেই মৰিছো
ক’ত কিমান তিতা টেঙা খাই৷
কেনেকৈনো বগাই যাম পাহাৰ পৰ্বত
কেনেকৈ কাটিম বাট
কেনেবাকৈ কিজানি পিছলি পৰিম
প্ৰাণ নাইকিয়া হব মোৰ গাত৷
শিৰত বাৰু কেনেকৈ উঠিম
ভয়ক জিনি কেনেকৈ আনিম জয়
যদি বান্ধি নলওঁ মোৰ জীৱনৰ বাট
তেতিয়া হব যে মোৰ বহুত ক্ষয়৷
জীৱনৰ সকলো বান্ধোন চিঙিম কেনেকৈ
কেনেকৈ চলাম জীৱনৰ মহাৰথ
বন্ধোৱা হোৱা নাই নতুন বাট
আছে এটা কণ্টকময় পথ৷
মোক কোনে দিব উৎসাহ বাণী
প্ৰেৰণা,সাহস,নিৰ্ভীকতাৰ এষাৰি সুৱলা মাত
তাক পাই মোৰ গাত বল পাম
বন্ধাব পাৰিম নতুন বাট৷
কিন্তু কোনো যে কাষচাপি আহোতা নোলাল
নিদিলে এষাৰি সুৱলা মাত
কিন্তু মই প্ৰতিজ্ঞাবদ্ধ আজি
বান্ধিমেই মই মোৰ জীৱনৰ বাট৷

ৰোমন্থন

আজি মই অনুতপ্ত
অতীতৰ স্মৃতি ৰোমন্থন কৰি
সময় যে পাখি লগা কাড়ৰ দৰে
অতি শীঘ্ৰেই গ’ল আতৰি৷
পাখি লগা কাড় এৰাৰ পাছত
জানো কেতিয়াবা ধৰিব পাৰি
সময় মাথোঁঁ আহে যায়
লাভ আছে জানো অতীতক সুৱৰি!
কাৰণ কল্পনা সদায় মধুৰ
বাস্তৱ ভাবিব নোৱাৰা কৈ গধুৰ৷
দুখৰ হলেও অতীত সদায় শুৱনি
ভৱিষ্যত হে অন্ধকাৰ
যেন একোটা লোহাৰ বন্ধ কাৰাগাৰ৷
জীৱনত সোণালী সময়কন
এনেয়েই যে দলিয়াই পেলালোঁ
কিন্তু আজি বুটলি ধৰিব খুজিছো
সময় হেৰাই গল কালৰ বুকুত৷
অতীতৰ কথা ভাৱি নলগাওঁ লেঠা
বৰ্তমান আৰু ভৱিষ্যতৰ কথাকে ভাৱো
এতিয়াৰ পৰাই সময়ৰ সদ ব্যৱহাৰ
কৰিবলৈ চেষ্টা কৰো৷

Sunday, 20 October 2019

টিউচন মাষ্টৰ

পুহৰ ঠেৰেঙা লগা জাৰত
ৰাতিপুৱাই ওলাই যাওঁ চাইকেল খনলৈ
কিয় মই জানো টিউচন মাষ্টৰ নহয়?
বহুতেই কয় মোৰ ল’ৰাটো
মোৰ ছোৱালীজনী চাই দিবা ৷
সময় মিলাই বহু কেই ঘৰলৈ যাওঁ
জাৰত কপি কপি  সদায় যাওঁ
সদায় গৃহস্থৰ এটাই প্ৰশ্ন
মোৰ ল’ৰাটোৱে ছোৱালীজনীয়ে পাৰিছেনে?”
কিন্তু এদিনো সোধা নাই মোৰ বিষয়ে
কেতিয়াবা কৰে টিউচন ফিজৰ কম বেছিৰ আলোচনা৷
পঢ়ি থাকোতে ভাবিছিলো এদিন ডাঙৰ মানুহ হম
ভবাই নাছিলো মোৰ এনে দশা হব!
পুৱাই স্পৰ্শ হয় বাঢ়নীবিহীন চোতাল
এঘণ্টাৰ মূৰত পাঁও একাপ চাহ
তেতিয়াহে দেহৰ কপনি কমে৷
স্কুলৰ নাম্বাৰ ওৱান হৈ পাছ কৰোতে
দেখিছিলো বহুত সপোন
সেই সপোনে আজি আমনি কৰে!
ৰাতিলৈকে কৰা কষ্টৰ পাছতো
দুখে পিছ নেৰে৷
কেতিয়াবা ভাবো মোৰ চাৰ্টিফিকেটৰ কিবা জানো মূল্য আছে?
আছে আছে নহলেনো মানুুুহে মোক
মাহৰ শেষত টিউচন ফিজ
আৰু সদায় একাপ চাহ কিয় যাচে?

আমাৰ উপায় নাই

আমিয়েই ভাঙো আমিয়েই পাতো
আমিয়েই বোলে সকলো
আমাৰ ওপৰতেই চলে শোষণ
আমাকেই কৰে শাসন
আমিয়েই শিৰ নত কৰি
পাতি দিওঁ আসন৷

প্ৰলোভন দি আমাক বহুতেই ঠগে
সমাধান বিচাৰি আমাৰ কাষলৈ আহে
দেশপ্ৰেমিকৰ বক্তৃতাত যেন মুকুতাহে সৰে
কেতিয়াবা এমুঠি এসাঁজ খাই
আমি দেখো ৰঙীন স্বপ্ন!

আমিয়েই বোলে ৰজা
আমিয়েই প্ৰজা
কথাষাৰ জানো সঁচা?
আমাক বাৰে বাৰে ঠগা টোৱেই
ভুৱা গান্ধী,নেহৰুৰ পেছা!

ক’ৰবাত বন্দুক বাৰুদৰ আঘাতত
আমাৰেই প্ৰাণ যায়
প্ৰকৃতিয়েও বাৰে বাৰে আমাক কন্দুৱাই
আমি দুখীয়া নিচলা জনসাধাৰণ
আমাৰ উপায় নাই
আমাৰ উপায় নাই৷

Friday, 30 August 2019

বেকেলাইট

মোৰ কবিতা পঢ়ি নপৰিবা প্ৰেমত
মোৰ প্ৰেমত পৰিবলৈ লাগে বহুত ভয়
জানোচা ভাগি যায় হৃদয়!

প্ৰথম দৰ্শনত উপজা প্ৰেম প্ৰায়েই নিটিকে
পানী বৰফ হয়
বৰফ গলি পানী হয়
দক্ষিণ মেৰুলৈ গলে পাবা বিশাল আইচবাৰ্গ
আকাশলৈ গলে পাবা উল্কাপিণ্ড লাখ লাখ ত’ৰা৷
মোৰ হিয়াখন প্লাষ্টিকৰ নহয়
হিয়াখন বেকেলাইটৰ
যি গঢ়িলে ভাঙিব পাৰি
কিন্তু ভাঙিলে গঢ়িব নোৱাৰি৷

কাঠ বাহত ঘূণে ধৰে
দাম্পত্যত লয় সন্দেহে বাহ
ভয় লাগে হয় যে
ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ!

জানা,মোক চলনা কৰি তাই
সকলো কাঢ়ি নিলে মন,হৃদয়
নদীৰ পানী যিদৰে একে ঠাইতে নাথাকে
তাইও গলগৈ তেনেদৰে
মই আকৌ পুখুৰীৰ পানীৰ দৰে স্হিৰ৷

মোৰ গল্প পঢ়ি চকুলো নুটুকিবা
মই তোমাক নায়ক বা নায়িকা লৈ
গল্প লিখা নাই
মোৰ কবিতাৰ প্ৰতিটো শব্দত এতিয়াও তাই৷

কুকুৰক টাঙোন দি মাতিলেও দৌৰি আহে
মইও যাম তেনেদৰে তাইৰ ওচৰলৈ
কাৰণ তাইক যে দিলো হৃদয়খন৷

প্ৰথম নিজেই কাষচাপি আহি আকৌ গলগৈ
তাই কি ভাৱিছে মই নাজানো?
তুমি কিন্তু মোক বন্ধু বুলি ভাৱিব পাৰা
হম দুখ সুখৰ সমভাগী৷
তেন্তে মোলৈ তুমি দিবা চিঠি
মই মাথোঁঁ দিম দৃঢ় প্ৰতিশ্ৰুতি
মনত ৰাখিবা মোৰ হৃদয়খন কিন্তু বেকেলাইটৰ
বিদ্যুতেও একো নকৰে
তোমালৈ বাট চাই ৰলো আশাৰে.........

Saturday, 24 August 2019

আকৌ তোমাক লগ পাম কেতিয়া?

আকৌ তোমাক লগ পাম কেতিয়া
তুমি আহিবানে ইয়ালৈ সদায়?
তুমি যাবা নেকি দূৰলৈ,বহুত দূৰলৈ
ছিংগাপুৰ,হংকং নাইবা ছিডনী,মেলবৰ্ণলৈ?

তুমি উৰি উৰি আহিবা
পৰিবা নাচি থকা ফুলৰ পাহিত
সঁচাকৈ আহিবানে কোৱা?

বিচ্ছেদৰ সাক্ষী যদি চকুলো হব পাৰে
তেন্তে মিলনৰ সাক্ষী হাঁহি
সেউজীয়া গছপাত সদায় সেউজ হৈ নাথাকে৷

মৌ চুহিবলৈ সদায় পখিলা,ভোমোৰা
ডালে ডালে উৰে
শদিয়া ধুবুৰী সকলো ঘুৰিলো
তোমাক বিচাৰি পালো মনে মনে!

লক্ষীমপুৰ জানাই পানীৰে পূৰ্ণ
ডিব্ৰুগড় চাহপাতেৰে সেউজীয়া
টিলিঙা মন্দিৰ টিলিঙাৰে পূৰ্ণ
সপোন ভাঙি কিয় হয় চূৰ্ণ-বিচুৰ্ণ!

আমাৰ তেজপুৰ পুৰাণ প্ৰসিদ্ধ
তোমাক লগ পাম বুলি মই দৃঢ়প্ৰতিজ্ঞ
চিনাকি হৈ ভাল লাগিল তোমাৰ লগত
আকৌ তোমাক লগ পাম কেতিয়া?

এতিয়াই সোণ এতিয়াই

বতাহ হয়তো কেতিয়াবা বৰ হোহোৱাই বলে
কোনে গম পায় বাৰু সেই বতাহজাকে
কি কৰিব পাৰে?

মোৰ হৃদয়ত সদায় বলে ধুমুহা
কেতিয়াবা কোবাল,কেতিয়াবা মৃদু বতাহ
হৃদয়ৰ ধুমুহাৰ মাজতেই তুমি আছা
আটকধুনীয়াকৈ আঁকিলো তোমাৰ প্ৰতিছবি

নাই,নাই মচিব নোৱাৰি
মই নোৱাৰো
তুমি কোৱা,সঁচা প্ৰতিশ্ৰুতি দিয়া
দিম বুলি সঁচা মৰম৷

বাটচাই আছো তোমালৈ মাথোঁ মই
তুমি মোৰ হবানে সঁচাই
নিয়তিৰ যদি মন যায় তেতিয়া
আমাৰ দুয়োকে নিশ্চয় মিলন কৰিবই৷

মই তাকে ভাৱো সদায়
কিন্তু তুমি কি ভাৱা
মোক তুমি কোৱা
এতিয়াই সোণ এতিয়াই৷

Tuesday, 30 July 2019

তোমাক লৈ মই কবিতা নিলিখো

মই কবিতা লিখিব জানো বুলিয়েই
তোমাক লৈ নিলিখো কবিতা
তুমি যদিও কাঢ়ি নিলা মোৰ জীৱনৰ ৰং
বিষময় কৰি দিলা জীৱন৷

প্ৰথমে সপোন ৰচাৰ প্ৰেৰণা দি
যদিও আতৰিলা চুনামী হৈ
তুমি তেনে কৰিলা যদিও তোমাক
ক’ব খোজা নাই চলনাময়ী
বুকুত যান্ত্ৰণা দিয়া মিছলীয়া প্ৰেয়সী বুলি
তোমাক লৈ কবিতা নিলিখো
তুমি ভয় খাব নালাগে৷

কাইটীয়া ডালেৰে কোবাই উলিয়াই দিলা
ৰঙা নদীৰ সোঁতৰ ধাৰ
সপোন ৰচিবলৈ সাহস নাইকিয়া হ’ল৷

তুমি হাতত হাতে ধৰি কৈছিলা
বহুতো কথা মিঠা লগা
এতিয়া সেইবোৰ মোৰ বাবে
একোটা ভয়ংকৰ মায়াৱী ৰাক্ষস৷

তুমি যদিও লগৰী হ’ম বুলি
হ’লা গৈ ডলাৰ বগৰী
তথাপিও নকওঁ তোমাক চঞ্চলা
বিশ্বাস ভংগ কৰিলা যদিও নকওঁ তোমাক
বিশ্বাসহীনা বা প্ৰতাৰণাৰ গৰাকী৷

তুমি তপত জুইত দলিয়াই গ’লা যদিও
তোমাক নিষ্ঠ বুলি নকওঁ
তুমি ভয় খাব নালাগে
তোমাক লৈ মই কবিতা নিলিখো৷
২৮/০৭/২০০৯

Monday, 29 July 2019

কাৰোবাক পাহৰিব খুজিও কিয়?

কাৰোবাক পাহৰিব খুজিও কিয়
পাহৰিব নোৱাৰি
কাৰোবাৰ ছবিখনি হিয়াৰ পৰা কিয়
আতৰাব নোৱাৰি?

কিন্তু কাৰোবাক তো
নজনাকৈয়ে পাহৰি যাওঁ
মচি দিওঁ প্ৰতিছবি
কাৰোবাক বাৰু কিয় ইমান
নজনাকৈয়ে ভাল লাগি যায়৷

সদায় বাৰু কাষতে
পাবলে মন মোৰ যায়
নজনাকৈয়ে কাৰোবাৰ প্ৰতি
কেতিয়াবা হৈ যায় মন বলিয়া৷

বুজি পায়নে সকলোৱে বাৰু
ভালপোৱা কাক কয়
চাৰি চকুৰ মিলন
দুখন হৃদয়ৰ মিলন হয়৷

কিন্তু সকলোৱে বুজি নাপায়
মৰম কিয় লাগে
নাজানো কিয় নুবুজে
মন বাৰে বাৰে উৰা মাৰে
মনে ভবা জনৰ কাষলৈ.....
০২/১২/২০০৬

মই ৰমণী গাভৰু

ছয় বছৰ বয়সতে এৰিলো মই
মোৰ পিতৃ মাতৃ, আত্মীয় স্ৰজনক
পিতাদেৱে পঠালে মোক
মোগল সম্ৰাটলৈ উপঢৌকন হিচাপে
সেইদিন ধৰি মই মোগলৰ অন্দৰ মহলত
থাকিবলৈ নাপালো পিতৃ মাতৃৰ লগ
জন্মভূমি সোণৰ অসমত৷

জীয়াই আছো নে নাই
তাৰ খবৰ লওতা মোৰ কোনো নাই
মোক গ’ল সকলোৱে পাহৰি
মই দুৰ্ভগীয়া আহোম ৰমণী
মই এজনে দুখুনী৷

যিখন ঘৰত জন্ম ললোঁ
তাত মই থাকিবলৈ নাপালো
যি দেশৰ মাটিত খোজ পেলাইছিলো
সেই ঠাই যেন এইয়া নহয়৷

মইতো বাজীকৰৰ সজাত বন্দী
এজনী বাঘিণী
কিন্তু কোনে জানিব
কোনে বা বুজিব মোৰ কথা
মই সঁচাই দুৰ্ভগীয়া৷

মোৰ পৰা যদি স্বদেশ আৰু স্বজাতিৰ
উপকাৰ হয় তেন্তে
মই মোৰ জনম সাৰ্থক কৰিম
মই মোৰ পূণ্যভূমিৰ বাবে
হাঁহি, হাঁহি মৃত্যুক সাৱটিম৷

যি দেশৰ ৰক্ত মাংসৰে
মোৰ এই দেহা
সেই দেশৰ মংগলৰ বাবে যেন
এই দেহাৰ ক্ষয় হয়৷

যি দেশৰ সাৰ বস্তুৰে সৈতে
মোৰ এই দেহৰ অস্থি চৰ্ম
সি যেন তাতেই লয় পায়
পশ্চিমীয়া বেলিৰ হেঙুলী ৰহন অসমতেই
যেন মাৰ যায়৷

মইয়ে ৰমণী গাভৰু
জয় ধ্বজৰ জীয়াৰী
অসমতেই যাহ যায় যেন
মোৰ কোমল দেহাটি৷
জয় মোৰ দেশৰ জয়
মোৰ জন্মভূমি স্বৰ্গ তুল্য হয়

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...