Wednesday, 29 April 2020

আধৰুৱা সপোনৰ মালিক

তোক কইনা সাজত চোৱাৰ হেপাঁহ
থাকি গ’ল মোৰ
বহুদিনৰ মূৰত আজি
তোৰ ফেচবুকত প্ৰফাইলটো চালো
হেই,তই আগৰদৰেই ধুনীয়াজনী হৈ আছ’৷

বহুদিন হৈ গল
মই ভালদৰে খাব শুব নোৱাৰা হলো
তোৰ বিয়াৰ দিনাৰ পৰাই
হয়তো মোৰ সুখৰ ঠিকনাবোৰ হেৰাই গ’ল!

তই জাননে মই এতিয়াও
যেতিয়াই তেতিয়াই তই দিয়া মেছেজবোৰ পঢ়ো
পাহৰি যাওঁ মই সেইবোৰ
অতীতৰ নে বৰ্তমানৰ

সকলোকে ফাঁকি দিলেও
নিজৰ গাৰুটোক ফাঁকি দিয়াটো বৰ কঠিন অ’
সিয়েই একমাত্ৰ জানে
সুখী কোন দুখী কোন?

এতিয়াও মই নষ্টালজিয়াৰ সাগৰত
মন গলেই  সাতুৰি ফুৰো
হেৰাই যোৱা সপোনবোৰৰ আত বিচাৰি ফুৰো

ক’তনো কি ভুল হৈ গ’ল
একোকে আজিলৈকে বুজি নাপালো
যোৱাৰ আগটো শিকাই থৈ নগলি
সুখী হোৱাৰ মন্ত্ৰ !

তোক কইনা সাজত চোৱাৰ হেপাঁহটো
মোৰ আধৰুৱা হৈ ৰ’ল
তই আনৰ হোৱাৰ দিনাৰে পৰা
আৰু এজন আধৰুৱা সপোনৰ মালিক হ’ল !

২৯/০৪/২০২০

Sunday, 26 April 2020

এইখন আমাৰ দেশ

সোণেৰে গঢ়া এইখন আমাৰ দেশ
সোণোৱালী শস্যৰ দেশ
মানুহৰ উজ্জ্বল একোটি মনৰ দেশ৷
সূৰ্য্যৰ সোণালী কিৰণে আৱৰা
এইখন মোৰ দেশ
মইতো নাজানো মোৰ দেশখন
কোনে স্ৰৰজিলে 
কোনে নাম দিলে
আইৰ বুকুৰ সম্পদবোৰ 
আজি কোনে কাঢ়ি নিলে?
নাজানো মই এই দেশৰ
আকাশ,বতাহ,পানী,জীৱজন্তু
কোনে স্ৰৰজিলে ইয়ালৈ আহি
দেশৰ বাগিছাত চোৱা
ফুলিছে নানা ফুলৰ পাহি৷
এই দেশৰ মাটি 
এই দেশৰেই সকলো
থিয় হৈ আছে পৰ্বত-পাহাৰ
এইদেশ মোৰ অতি মৰমৰ
ক’তজনে এইদেশৰ মাটিত দিলে দেহা
তাৰ যে হিচাপ একো নাই
কিমানজনে ল’লে জনম
মোৰ আই সকলোৰে পালক
আই আছেহি কি যে বেশত৷
এইখন আমাৰ দেশ
কাৰো লগত তুলনা নাই
দিনক দিনে আমাৰ দেশ 
যায় যেন আগুৱাই৷

বতাহ আৰু ত’ৰা

ভাল লাগে দেহ মন
জুৰোৱা বতাহত বহি
নানা তৰহৰ কথা ভাবি,
ৰাতিৰ আকাশৰ তলত বহি
বৰ ভাল লাগে
আকাশৰ ত’ৰা লেখি৷
নানা প্ৰশ্নই জুমুৰি দি ধৰে
বহু কথাই আহে মনলৈ,
মন নাযায়নে বাৰু
ত’ৰাৰ লগত লুকাভাকু খেলিবলৈ৷
কিন্তু ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি!
কৰি যোৱা কাম চেষ্টাৰ অসাধ্য একো নাই
নেওচি আগুৱাই যোৱা
জীৱন বাটৰ বিপদ বিঘিণি৷
অলপতে নহ’বা হতাশ
মনত লোৱা নতুন উদ্যম প্ৰেৰণা,
ভাবিলেই হব জানো পূৰণ
মনৰ বাসনা৷
বতাহৰ হো-হোৱনি
ত’ৰাৰ জিকমিক
সদায় আমি দেখিছো,
কিন্তু তাৰ আচল অৰ্থ আমি
কেতিয়াবা জানো ভাবি চাইছো?

তোমাক বিচাৰি যাওঁ

বহুত দিন ভাবি আছো
তোমাৰ কথা মোৰ মনত
তোমাকে বিচাৰো মৰমী কাষতে
মোৰ দুদিনীয়া জীৱনত৷
সদায় কল্পনা কৰো
মধুৰ মধুৰ সপোন ৰচো
হঠাতে কল্পনাৰ কাৰেং সাজি
হঠাতে ভাঙি চুৰমাৰ কৰো৷
নাজানো তোমাৰ প্ৰতি কিয় মোৰ
ইমান মৰম চেনেহ ভালপোৱা
তুমিয়েই হৈছা একমাত্ৰ নাৰী
হৃদয়ত আলফুলকৈ গুজি বহা!
কথাৰে প্ৰকাশ কৰিব নোৱাৰো
মোৰ মনৰ কথা তোমাৰ আগত
ভগৱানৰ কি যে মনোৰম সৃষ্টি
আতৰি নাযাবা তুমি লাজত৷
এটি মৌ মিঠা মাত দি
মোৰ অন্তৰ নিয়া শাঁত পেলাই
মোৰ এই অবুজ ভালপোৱাই
তোমাক মাথো বিচাৰি যায়৷
বহাগ অহাৰ বাতৰি লৈ
কুলিয়ে বিনাই কুউ কুউ কৈ
শয়নে সপোনে বিচাৰো তোমাকে
মনে সদায় বিচাৰে কাষত
তোমাৰ প্ৰতিছবি আঁকিলো সংগোপনে
মোৰ হিয়াৰ ভাজত৷
মচিব নোৱাৰো সেই প্ৰতিছবি
মোৰ হিয়াৰ পৰা
তুমি হবা মোৰ বিয়াৰ কইনা
মই হম তোমাৰ দৰা৷
দুয়ো বিয়া পাতি
সুখৰ সংসাৰ গঢ়িম
এই বিনন্দীয়া পৃথিৱীত
তোমাকে আপোন কৰিম৷

Thursday, 23 April 2020

চকুৰ চিনাকি

চকুৰ চিনাকি হলেই নহব
যদি নোহোৱা হৃদয়ৰ আপোন
দেখিলেই জান নহব
যদি দিঠক নহয় সপোন৷
ক্ষন্তেক কাষত থাকিলেই নহব
যদি লগৰী নোহোৱা জীৱনৰ
বুজামনো মই কেনেকৈ
তুমি মোৰ কিমান মৰমৰ৷

লগৰী হলেই জানো হব কোৱা
যদি সঁচা মৰম নিদিয়া
তাতোকৈ দূৰত থকাই ভাল
যদি মোৰ আপোন নোহোৱা৷

আহি থাকিবা কাষত সদায়
আপোনমনে মনৰ কথা পাতিম
তুমি মোক মৰম দিলে
মইও তোমাক মৰম দিম
মন মিলিলে আপোন কৰিম৷
সঁচা মৰমৰ প্ৰতিশ্ৰুতিৰে
দুয়ো মিলি এক হম
চিৰসংগী জীৱনৰে
বুকুত সজাই থম৷

৩০ আগষ্ট ২০০৯

এটা কবিতা

আজি মোৰ এটা কবিতা লিখিব মন গৈছে
মই বৰকৈ আৱেগিক হৈ পৰিছো নেকি
কবিতাৰ কিছুমান ভাষাই আজি বৰ আমনি কৰিছে
নিলিখো বুলিও থাকিব পৰা নাই মই
কি হৈছে মোৰ আজি?
মই জানিব খুজিছো শীতৰ অত্যাচাৰত
নঙঠা হৈ থকা কাঞ্চন জোপাক
দূবৰিত লাগি থকা নিয়ৰৰ টোপালক আৰু
ডাৱৰ,ডাৱৰ লগা কুৱলীজাকক!
সিহঁতে জানে নেকি মোৰ কথা কিবা
প্ৰস্তৰ যুগৰ পৰা আজিলৈকে একে থকা
মাটি চপৰাটোক সুধিব মন গৈছে
মোক যদি বুজাই দিলেহেঁতেন!
সেইয়া চোৱা পাহাৰৰ খোৰোং বোৰত মেঘ
আৰু কুৱলীৰ ধোঁৱা বৰণীয়া অন্ধকাৰত
ৰ’দালিয়ে ধেমালি খেলা
উৰণীয়া ডাৱৰৰ পৰা মুক্ত হোৱা জোনটো
আৰু তিৰবিৰাই থকা ত’ৰাবোৰ৷
মই ফুলপাহক সুধিছো
হে,গোলাপ তোমাৰ পাহিৰ ৰং আৰু কোমলতাবোৰ কোনে দিলে
মোক অলপ দিবা নেকি
হে,আজলী হৰিণীজনী তোমাৰ দুচকুৰ নীলাবোৰ
বিলাই দিবা নেকি চাৰিওফালে৷
মোৰ চোন আজি ইমান ঠাণ্ডাতো
বৰ গৰম লাগিছে
বুকুখন ঢিপিং ঢিপিং কৰিছে
দুগালৰ চকুলো ও ইমান তপল!
ফুলনিত ফুলি থকা ফুল
বতাহত উৰি থকা পখিলাৰ আনন্দকণ
মই পোৱা হলে!
হে,কপৌপাহি তোমাক এটি কথা কওঁ
আজিৰ মানুহৰ হিয়াখন শিলৰ নেকি
কিয় অন্তৰৰ কথাবোৰ যে নুবুজে
হে,কেকটাছ তুমি হবলা দান দিলা
তোমাৰ কাইটবোৰ বিন্ধিবলৈ৷
তোমাৰ ঠুনুকাবোৰ মোক দিলা
হিয়া চূৰ্ণ বিচূৰ্ণ হ’ল
মৰুভূমিৰ মৰিচীকা আজি
সকলোলৈ বিয়পি আহিল
আইচবাৰ্গ অলপ গাত বান্ধি লওঁ নেকি
বাৰিষাৰ নৈৰ গড়া
খৰালিৰ খৰাংবোৰ কিয় মোৰ বুকুত?

Wednesday, 22 April 2020

জীয়াই থাকিম কেনেকৈ

হেৰাল ভাষা
হেৰাল আশা,
সঘনাই উচুপো
নিৰ্জন নিশা৷
সূদূৰ আকাশৰ জোন
বহুতে সোধে মই কোন?
কোন ক’ত আছা
অলপ সহায় কৰাচোন!
জীৱনটো বৰ আহুকাল হ’ল
সুখৰ দিন নিমিষতে মাৰ গ’ল
যাৰ চকুত চকু থৈ সপোন দেখো
তেওঁ যে দূৰলৈ আতৰি গ’ল৷
সঘনাই মন খেলিমেলি
কোনেও নাচায় মোক চকুমেলি
হে বিধাতা তুমি কপালত
কিনো দিলা লিখি?
সকলো ডুব যায়
সপোনৰ সুকোমল কোলাত,
মইহে উচুপি কটাও উজাগৰী ৰাতি
অকলশৰীয়া নিৰ্জন নিশাত৷
তুমিও গ’লা গুচি দূৰলৈ
মোৰ মৰম দলিয়াই থৈ,
যোৱাৰ আগত নকলা কিয়
জীয়াই থাকিম কেনেকৈ?

Monday, 20 April 2020

নদীৰ পাৰৰ গাঁও

নদীৰ পাৰৰ এইখন আমাৰ গাওঁ
প্ৰবল বানপানী,গৰাখহনীয়াই আমাক
সদায় জুৰুলা কৰে
নহয় বাৰিষা কেতিয়াও খেতিবাতি
দুখ কষ্ট আমাৰ উভৈনদী
বানপানীত সকলো তল যায়
সকলো শেষ হৈ যায়
দুখীয়াৰ জীয়াই থকাৰ উপায় নাই!
ক’ত দিন অনাহাৰে
ক’ত দিন আধাপেটী থাকো
আমি মৰি মৰিয়েই জীয়াই থাকো৷
বালিৰ মথাউৰি বৰষুণতে ভাঙে
উন্নয়নৰ ধন সোমায় কাৰোবাৰ জেপত
শোষণ কৰিবলৈকে ভগৱানৰ ওচৰত
লয় তেওঁলোকে শপত৷
বাৰীৰ শাক পাচলি,পথাৰৰ ধান
গোহালিৰ গৰু,মহ,ছাগলী
মোৰ কোলাৰ সৰু পোনাটি হেৰাল
বানৰ বুকুত
আজি মই নিঠৰুৱা
কোনোবাই কৰিবনে আমাৰ সমস্যা সমাধান
গঢ়িবনে সোণালী গাওঁ৷

প্ৰাৰ্থনা

মানুহৰ ভিতৰত নতুন সৃষ্টিশীল
বিচাৰ শক্তি উৎপন্ন কৰা
তোমাৰ মাত্ৰ কাম,
সফল জীৱন যাপনৰ বাবে
মানুহক তুমি সজাই তোলা
প্ৰাৰ্থনা তোমাৰ নাম৷
সকলো সম্পদ মনৰ মাজত
মানুহৰ নিহিত হৈ থাকে,
প্ৰাৰ্থনা এক পৰম শক্তি
মানুহৰ মন নিকা কৰে৷
মানুহৰ চেতনাৰ মাজতে বিদ্যমান
নানান বিচাৰধাৰা
এই সকলোবোৰক মুক্তি দি
দিয়া বিকাশ আৰু প্ৰকাশৰ সুবিধা৷
সফলভাৱে কাম কৰাত
নিয়া আমাক সকলোকে আগুৱাই,
প্ৰাৰ্থনাৰ মহত্ত্ব বুজাব নোৱাৰি
নানে আমালৈ বিপদ চপাই৷
ঈশ্বৰে আমাৰ মন আৰু ব্যক্তিত্বত
ভাবিব নোৱাৰা শক্তি,সামৰ্থ দিছে,
প্ৰাৰ্থনাই আমাৰ সকলোৰে বাবে
এখন মহান জগত ৰচিছে৷
প্ৰাৰ্থনাৰ জৰিয়তে আমি শক্তি সামৰ্থ্য
বিকাশ সাধন কৰিব পাৰো,
আহা আমি সকলোৱে মিলিজুলি
সদায় প্ৰাৰ্থনা কৰো৷


পানেই জংকী

তোমাৰ নাম পানেই থলো
মোৰ নাম জংকী ল’লো
আৰু কি কৰিলো জানা
দিম তোমাক জীৱনেে মৰণে নেৰাৰ প্ৰতিশ্ৰুতি
যদি দিয়া মৰম সঁচা!
মিৰিজীয়ৰী পানেইৰ দৰে
মোক হিয়া দিবানে?
জীৱন মৰণৰ লগৰী
তুমি বাৰু হবানে?
সোৱণশিৰী বৈ যায় বহু দূৰলৈ
মনত পৰা নাইনে তোমাৰ
সৰু কালৰ খেল-ধেমালি বোৰলৈ?
মই জংকী হৈ ফুৰিম তোমাক বিচাৰি
তুমি যদি থাকা ক’ৰবাত পলাই
মানুহে মৰমক নুবুজে কিয়নো
হিয়াখন যে ভাঙি চিঙি যায়!
এই জনমত মিলনত নহলেও
হ’ম গৈ পিছৰ জনমত
তথাপিও ঘুণ লাগিব নিদিবা
আমাৰ সঁচা মৰমত৷
একেলগেই জীয়াই থাকিম
লাগিলে মৰিম একেলগে
পিছৰ জনমতো ভগৱানে
আমাক শান্তি নিদিবনে চাগে!
ঘৰখনে মিলনত বাধা দিলেও
আমি দুয়ো থাকিম একেলগে
আমি আতৰি গলে
সকলোৱে মৰম বুজিব চাগে৷
অ’ মোৰ পানেইজনী মোৰ
তোমাৰ বাবেই দিম সকলো
সোৱনশিৰিত ধুম গৈ দুধাৰি চকুলো৷

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...