Monday, 20 April 2020

নদীৰ পাৰৰ গাঁও

নদীৰ পাৰৰ এইখন আমাৰ গাওঁ
প্ৰবল বানপানী,গৰাখহনীয়াই আমাক
সদায় জুৰুলা কৰে
নহয় বাৰিষা কেতিয়াও খেতিবাতি
দুখ কষ্ট আমাৰ উভৈনদী
বানপানীত সকলো তল যায়
সকলো শেষ হৈ যায়
দুখীয়াৰ জীয়াই থকাৰ উপায় নাই!
ক’ত দিন অনাহাৰে
ক’ত দিন আধাপেটী থাকো
আমি মৰি মৰিয়েই জীয়াই থাকো৷
বালিৰ মথাউৰি বৰষুণতে ভাঙে
উন্নয়নৰ ধন সোমায় কাৰোবাৰ জেপত
শোষণ কৰিবলৈকে ভগৱানৰ ওচৰত
লয় তেওঁলোকে শপত৷
বাৰীৰ শাক পাচলি,পথাৰৰ ধান
গোহালিৰ গৰু,মহ,ছাগলী
মোৰ কোলাৰ সৰু পোনাটি হেৰাল
বানৰ বুকুত
আজি মই নিঠৰুৱা
কোনোবাই কৰিবনে আমাৰ সমস্যা সমাধান
গঢ়িবনে সোণালী গাওঁ৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27