Friday, 10 April 2020

সপোনত বাস্তৱত

ব্ৰিটিছ আছিল খেদি দিলো
ধুনীয়া দেখি তাইক পলুৱাই নিলো৷
নিজকে ভাৱে ঝাণ্সীৰ ৰাণী
মোৰ চকুত চকুপানী৷
প্ৰথম কেইদিনমান মৰম দিলে
আজি ৰাতিপুৱাই ঘটং দিলে৷
লগৰ বোৰক দেখুৱাব নোৱাৰো মুখ
তাইক নিয়াৰ পৰাই বহু দুখ!
ধুনীয়া দেখি নিলো হৰণ কৰি 
এতিয়া কথাই কথাই ভাঙে ভৰি৷
কৰিব লাগে মই ঘৰৰ কাম
মাজে মাজে পাহৰো নিজৰেই নাম!
তাইক লাগে দামী শাৰী
বুজা নাছিলো তাই চলনাময়ী নাৰী৷
ভাবিলো তাইৰ বিপক্ষে আন্দোলন কৰিম
লগৰ দুটামানক মাতি অনশন কৰিম৷
তাই আহিল কালী মা হৈ
তই এইবোৰ কি কৰিছ’ ঐ?
ভয়ে ভয়ে জপিয়াই দিলো
তেতিয়াই আচল কথাটো গম পালো
সকলো ঘটিছিল সপোনত
বিয়া পতা নাই বাস্তৱত!😊

No comments:

Post a Comment

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷