Sunday, 5 April 2020

ৰূপকোঁৱৰ হব নোৱাৰাৰ দুখ

আই,কেতিয়াবা বৰ বেজাৰ লাগে
মানুহৰ কথাবোৰে মনটো ভাঙে
কিয়,কিয় বাৰু মানুহবোৰেে মোক
আপচু মুৰীয়া বুলি হাঁহে৷

নকৰিবি দুখ সোন 
যিয়েই যি কয় কওক
নিজৰ কামতে মন দে
জীৱনত উন্নতি হওক৷

কিয় আই মানুহবোৰে 
চেহেৰা চাই মুখখন কোচাই
কিছুমানৰ কথাই জাননে আই
শৰে বিন্ধাদি বিন্ধে৷

যাৰ কাম নাই
সিহঁতে আনৰ কথাত সময় কৰে নষ্ট
আনৰ কথা শুনি তই
নিজকে নিদিবি কষ্ট৷

জাননে আই মানুহে বৰ
চকু,নাক,চুলি,গাৰ ৰং চাই
ধুনীয়া নোহোৱা মানুহবোৰৰ
একোটা জানো মন নাই৷


ৰূপে কি কৰে গুনে সংসাৰ তৰে
জ্ঞানীলোকে কয়
যাৰে তাৰে কথা শুনি থাকিলে
জীৱনত আগুৱাই যাব নোৱাৰিবি তই৷

জাননে আই মই একো নুবুজো
মোৰ ৰূপকোঁৱৰ হব মন যায়
ধুনীয়া হলেই জানো
একো নকৰিলে হয় আই?

ৰূপকোঁৱৰ হব নালাগে সোন
ভগৱানে যিটো দিছে সেইটোৱে হব
এদিন সকলোৰে দেহা 
মাটিত তলতে পোত যাব৷

জাননে আই চুলিক লৈ ধেমালি
গাৰ বৰণক লৈ ধেমালি কৰে
ৰূপকোঁৱৰ হব নোৱাৰাৰ দুখত মোৰ
টপটপ চকুলো সৰে৷

ধুনীয়াবোৰ ক্ষন্তেকীয়া
গুনবোৰ কিন্তু মৃত্যুৰ পাছতো থাকি যায়
মহান মনিষীৰ কথাবোৰচোন
কিতাপতে পায়৷

জাননে আই মানুহবোৰে
চাপৰ-ওখ,কলা-বগা সকলো বাচ বিচাৰ কৰে
এই কণা,অন্ধ,বোবা মানুহবোৰক লৈও
ৰগৰ কৰি হাঁহিব ধৰে৷

ভগৱানে সকলোকে ৰূপকোঁৱৰ কৰিব নোৱাৰে
সকলোকে দিয়ে কিবা এটা গুণ,
যাৰে তাৰে কথা শুনি
মন বেয়া নকৰিবি মোৰ সোন৷

আনৰ কথাত আৰু আজিৰ পৰা
লাগি নাথাকো মই
কৰ্ম কৰি যাম নিজৰ
বিফলতাবোৰ কৰিম জয়৷

ৰূপৰ কথা বাদ দি
গুনতে দে তই মন
তেহে পাবি সকলোবোৰ
মান-যশ- ধন৷

যিয়ে যি কয় কৈ থাকক
কামেৰে দিম পৰিচয়
ৰূপকোঁৱৰ হব নোৱাৰা বাবে
আজি দুখী নহয় মই৷


No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27