Wednesday, 8 April 2020

প্ৰেমত নপৰা ছোৱালীজনী

প্ৰেমত নপৰা ছোৱালীজনীয়ে জানেনে
মৰমৰ সংজ্ঞা কাৰোবাৰ হিয়াৰ ঠিকনা
বুজি পাইনে চাগৈ অভিমানবোৰ
আৰু অনুভৱ কৰিব পাৰেনে
প্ৰেমৰ তৃপ্তি-অতৃপ্তিৰ সুবাস৷
তাই হয়তো মৰুভূমিত
মৰিচীকা দেখা নাই
সজায়নে নাই হিয়াত আশাৰ বালিঘৰ!
তাই তন্ময় হৈ থাকেনে
শকুন্তলাৰ দৰে ভাবুক হৈ?
প্ৰেমৰ নামত হা-হুমুনিয়াহ কঢ়া নাই
আমনি লাগেনে কাৰোবাৰ অপেক্ষাত ৰৈ!
তাই মাজৰাতি সাৰপাই নে চাগৈ
কেতিয়াবা ডুব যায়নে চাগৈ অজান অনুভূতিত!
কাকো জানো তাইৰ ভাল নালাগে
কবলৈ মন নাযায়নে
মনৰ মিঠা লগা কথাবোৰ
হিয়াই নিবিচাৰেনে এজন প্ৰিয় মানুহ?
দুচকুৱে দেখেনে সপোন
প্ৰেমত নপৰা ছোৱালীজনীয়ে?
ভাবেনে কেতিয়াবা তাজমহল বিষয়ে
অথবা জুলিয়েট,পাৰু,আনাৰকলিৰ
লেইলাৰ কথা!
২৮/০৫/২০১০

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27