Thursday, 2 April 2020

তুমি পাৰিবা জানো?

তুমি পাৰিবানে কোৱা
সাতুঁৰিব সাগৰৰ বিশাল বুকুত
উৰিব পাৰিবানে তুমি
এই সুবিশাল আকাশত?
লেখিব পাৰিবানে তুমি
আকাশত থকা ত’ৰাৰ সংখ্যা
খেলিব পাৰিবা জানো
জোন বেলি ত’ৰাৰ সৈতে?
আগ্নেয়গিৰিৰ বুকুত বহি
তপস্যা কৰিব পাৰিবানে
পাৰিবানে তুমি উদ্ধাৰ কৰিব
বাৰমুডাৰ গোপন ৰহস্য?
ধুমকেতুৰ নেজত ধৰি যাব পাৰিবানে
এই সুবিশাল পৃথিৱী গোটেইখন
খোজকাঢ়ি চলাথ কৰিব?
অগ্নিৰ বুকুত শুই
সাগৰ,মহাসাগৰ সিঁচি
আহিব পাৰিবানে হৈ
তুমি বিশ্ববিজয়ী?
হ’ব পাৰিবা জানো 
গোটেই পৃথিৱীৰ অধীশ্বৰ
অমৰ হৈ জীয়াই থাকিবানে তুমি?
পাৰিবানে যাবলৈ সূৰ্য্যৰ বুকুলৈ
দিনক পাৰিবা জানো ৰাতি কৰিব
কোৱা তুমি সকলো পাৰিবানে
দিয়া চোন মোক তোমাৰ উত্তৰ?

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27