Friday, 10 April 2020

এটি স্বপ্ন এটা সাধুকথা

সেইদিন মোৰ এটি স্বপ্ন
আইতাৰ মুখৰ এটি সাধুকথা
যাত্ৰী মই কণ্টকময় পথৰ
সেইদিনা আশাই বাট দেখুৱাইছিল
আৰু আজি ভাঙি গল বালিঘক!
ফুল হালিজালি আছিল বতাহত
সুগন্ধই সকলোৰে মন হৰণ কৰিছিল
কাইটীয়া গছৰ ফুল হল এতিয়া৷
খাল,নৰ্দমাক নদী বুলি মই ভুল কৰিছিলোঁ
সেইদিন মোৰ এটি স্বপ্ন৷
নামিছিল তেতিয়া দুধাৰি শীতল চকুলো
ভাবি ভাল লাগিছিল আজিৰ কথা
সকলো বুজিব খুজিছিলোঁ সপোনৰ মাজেৰে৷
চোৱা ফুটপাথৰ এজন ভিক্ষাৰীক
তেওঁৰ একো নাই হাতত
ভবা কথাবোৰত খেলিমেলি লগাই কিহে
আজি দেখা পাওঁ চিনাকিজনৰ অচিনাকি চাৱনি!
মোৰ কোঠা কাঁইটেৰে শুৱনি
চক্ খাই যাওঁ মই
হিয়াত সপোন ফুলাৰ সেইদিনাৰ কথা ভাবি!
নভবাবোৰ কিয় হয় বাৰু
বিস্মৃতি মোৰ লগৰী হোৱা হলে!
মই অনুৰোধ কৰো
নয়ন তুমি দুনাই স্বপ্ন নেদেখিবা
পুৰণি পাতত মচি যোৱা এটি ছবি
ইমান আন্ধাৰ পোহৰৰ মাথো চকামকা
অন্তৰত এটি শব্দ দুৰু দুৰু
ৰক্তত জুবুৰিয়াই দিলো হাত
সেইদিন মোৰ মাথোঁ এটি স্বপ্ন
আইতাৰ মুখৰ এটি সাধুকথা
১২/০৮/২০০৯

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27