Monday, 20 April 2020

পানেই জংকী

তোমাৰ নাম পানেই থলো
মোৰ নাম জংকী ল’লো
আৰু কি কৰিলো জানা
দিম তোমাক জীৱনেে মৰণে নেৰাৰ প্ৰতিশ্ৰুতি
যদি দিয়া মৰম সঁচা!
মিৰিজীয়ৰী পানেইৰ দৰে
মোক হিয়া দিবানে?
জীৱন মৰণৰ লগৰী
তুমি বাৰু হবানে?
সোৱণশিৰী বৈ যায় বহু দূৰলৈ
মনত পৰা নাইনে তোমাৰ
সৰু কালৰ খেল-ধেমালি বোৰলৈ?
মই জংকী হৈ ফুৰিম তোমাক বিচাৰি
তুমি যদি থাকা ক’ৰবাত পলাই
মানুহে মৰমক নুবুজে কিয়নো
হিয়াখন যে ভাঙি চিঙি যায়!
এই জনমত মিলনত নহলেও
হ’ম গৈ পিছৰ জনমত
তথাপিও ঘুণ লাগিব নিদিবা
আমাৰ সঁচা মৰমত৷
একেলগেই জীয়াই থাকিম
লাগিলে মৰিম একেলগে
পিছৰ জনমতো ভগৱানে
আমাক শান্তি নিদিবনে চাগে!
ঘৰখনে মিলনত বাধা দিলেও
আমি দুয়ো থাকিম একেলগে
আমি আতৰি গলে
সকলোৱে মৰম বুজিব চাগে৷
অ’ মোৰ পানেইজনী মোৰ
তোমাৰ বাবেই দিম সকলো
সোৱনশিৰিত ধুম গৈ দুধাৰি চকুলো৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27