Wednesday, 8 April 2020

মিলিজুলি

কেতিয়াবা কোনোবাই দেখে জানো নিজৰ দোষ,
দোষৰ কথা কলে এপাচি যেন কৰে মুখ৷
হে প্ৰভু,মোৰ ভুল দেখুৱাই দি
শুধৰাই দিবা
মোৰ মনত থাকিব সদায়
দেশমাতৃৰ সকলো কথা৷
নিজেই নিজক সদায় সকলোৰে আগত
বৰ ভাল বুলি কওঁ,
নিজৰ যশ নিজেই মিছাতে কৈ
পাপৰ ভাৰ গোটাই লওঁ৷
লোকৰ চৰিত্ৰ সদায় আমি
বাৰে বাৰে বেয়া দেখো
ভগৱানৰ নাম এৰি কিয়
লোকৰ দোষৰ আলোচনা কৰো!
নিজে বাৰে বাৰে দোষ কৰিলেও
সেইয়া একোৱেই যে নহয়,
নিজৰ ভুল লুকুৱাই ৰাখো
কোনেনো স্বীকাৰ কৰি কয়?
নিজৰ মনত সদায় নিজে ভাল
কৰো বাৰে বাৰে অহংকাৰ,
ভগৱানৰ নাম এৰি লোকৰ চৰ্চা কৰি
মুক্তি বাৰু আছেনে কাৰোবাৰ?
লোকে ভুলটো দেখুৱাই দিলে যাতে
আমি সকলোৱে শুদ্ধ কৰিব লাগে
ডাঙৰ সৰু সকলোকে 
সমান চকুৰে চাব লাগে৷
সকলোৰে এক আত্মা
একেখন পৃথিৱীতে বসবাস কৰে
বহুত নিৰাপদ হব
আমি সকলো মিলিজুলি থাকিলে!
লোকৰ চৰ্চা এৰি
নিজে আমি ভাল হওঁ আহা
পাহৰি যাওঁ দুখ যাতনা,
সকলোৱে মিলিজুলি শান্তিৰে বসবাস কৰি
সকলোৰে দীৰ্ঘায়ু কৰিছো কামনা৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27