Sunday, 12 April 2020

স্বপ্নদ্ৰষ্টা

বহুতে যে কয় চকুৰ আতৰ হলে মনৰো আতৰ হয়
ক’তা মোৰ দেখোন মনৰপৰা
এখন্তেকো আতৰ নহলা তুমি!
কেইটা বসন্ত,কেইটা শৰৎ পাৰ হৈ গল
মোৰ ক’ত সপোনৰ স্বপ্নভংগ হল
এটি সপোনে মাত্ৰ জীয়াই থকাৰ প্ৰেৰণা দিয়ে!
গোলাপক সুধিলো তোমাৰ কথা
আৰু সুধিলো শালিকা চৰাইজনীক
তুমি বোলে ব্ৰহ্মপুত্ৰৰ সিপাৰে আছা৷
বহুজনে অতীতক পাহৰি যায়
সপোন সপোন বুলি হাবাথুৰি খায়
মই যে স্বপ্নদ্ৰষ্টা 
এদিন তোমাক নিশ্চয় লগ পাম!
১২/১২/২০১২

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27