মনত অসংখ্য সপোন ৰচি
নকৰিলে হব জানো কিবা কাম,
সকলো কৰিব লাগিব
তেতিয়াহে পোৱা যাব
যশ মান সন্মান৷
এলেহুৱা জীৱনত বাৰু কোনোবাই
কিবা জানো উন্নতি কৰিব পাৰে,
নিজৰ এলেহুৱা জীৱনটো
যেনেতেনে কটাব ধৰে৷
তেনেদৰে থাকি নোপোৱা একো তুমি
হোৱাচোন এজন কৰ্মী
কৰি যোৱা নিজৰ কাম,
নিজৰো উন্নতি, দেশৰো উন্নতি
পোৱা হয় নিজ কৰ্মৰ ফল
মাটিত পেলাব লাগিব ঘাম৷
কৰ্মময় জীৱন,ব্যস্তময় সময়ত
অনুভৱ কৰিব নোৱাৰি দুখৰ,
সদায়েই পোৱা হয় কৰ্মফল
হ’ব উন্নতি জীৱনৰ৷
এলেহুৱা নহৈ হওঁ আহা কৰ্মী
কৰি যাওঁ সকলোৱে দেশসেৱা,
এলেহুৱাক কোনেও ভাল নাপায়
সি হৈ থাকে জীৱন্ত অৱস্থাতে মৰা৷
No comments:
Post a Comment