Tuesday, 22 June 2021

কেতিয়াবা আহিবি

কেতিয়াবা আহিবি
কথা পাতিম সুখ দুখৰ
বহুদিন হৈ গ’ল
হাঁহিটো দেখা নাই তোৰ মুখৰ৷
আগতে তয়েই সদায় 
ৰাখিছিলি মোৰ খবৰ
তই যে নাই কাষত
জীৱন যেন ডাৱৰীয়া বতৰ !
মনত পৰে তোলৈ সঘনাই
মনত ভাহে প্ৰতিছবি
মনত বাৰু আছেনে তোৰ
আমি একেলগে লোৱা প্ৰতিশ্ৰুতি৷
একোকে ভাল নলগা হ’ল
কাকো একো ক’ব নোৱাৰো
তই ল’গ পালে কবিচোন মোক
অতীতক কেনেকৈ পাহৰো৷
কেতিয়াবা যদি সময় পাৱ’ আহিবি
তোৰ মাতটো বহুদিন শুনা নাই
ভিজা ভিজা গাৰুটো
আজিও শুকোৱা নাই৷
তোক কাষৰ পৰা এপলক চাই
হৈ যাম সুখী মই
কেনেকৈ পাহৰিম অতীতক
বুজাই কিন্তু দিবি তই!

Wednesday, 9 June 2021

নিৰাশাবোৰ হ’ব আশাৰ কিৰণ

নিৰাশাবোৰ হ’ব আশাৰ কিৰণ
আৰম্ভ হ’ব নতুন জীৱন
সুখ দুখ জীৱনত থাকিবই
হাঁহিবোৰ এদিন কাষলৈ আহিবই৷

সময় যাব আগুৱাই
সপ্তাহ,মাহ বছৰ কৰি
যোৱাবোৰ যাবলৈ দিয়া
নালাগে ৰাখিব ধৰি৷

এই ধৰণীত চোৱা হ’ব পাৰি
প্ৰকৃতিৰ প্ৰেমত বিলীন
নতুন কিবা পিন্ধি লোৱা
মন নকৰিবা মলিন৷

ল’গ পাবা চিনি পাবা
বুজিবা ক্ষন্তেকীয়া সকলোবোৰ
হাঁহিৰো দাম আছে
মূল্য আছে চকুলোৰ৷

সপোনৰ পম খেদি
দৌৰ মাৰা বাস্তৱৰ পাছত
দেখিবা এদিন সকলোবোৰ আছে
তোমাৰ কাষত ৷

০৯/০৬/২০২১

Friday, 23 April 2021

মই যেন প্ৰেমত পৰিছো


স্বপ্নভংগৰ আৰ্তনাদ কেইবাবাৰো শুনিছো
পগলা প্ৰেমৰ পৰিনাম দেখিছো
তথাপি মোৰ অনুমান হয়
মই যেন মই যেন প্ৰেমত পৰিছো !

যন্ত্ৰণাত চটফটাই  থকা বেদনাৰ চকুলো টুকা
বহুজনৰ হৃদয়ৰ কথাও শুনিছো
তথাপি মোৰ অনুমান হয়
মই যেন মই যেন প্ৰেমত পৰিছো !

মৰম চেনেহৰ সংঞ্জা বিচাৰি
ক’তবাৰ অলিয়ে গলিয়ে ফুৰিছো
নতুনকৈ সপোনবোৰ সজাই
জীৱন সজাবলৈ শিকিছো৷

ভয় লাগে প্ৰেমত সকলো জানোচা হেৰাই
যদি দিয়ে প্ৰেমে বিষাদ আৰু চকুলো
তথাপি মোৰ অনুমান হয়
মই যেই মই যেন প্ৰেমত পৰিছো৷

কাৰোবাৰ দুচকুত দুচকু থৈ
কাৰোবাৰ পৰা মৰম বিচাৰিছো
তথাপি মোৰ অনুমান হয় 
মই যেন মই যেন প্ৰেমত পৰিছো
প্ৰেমত পৰি সকলো হেৰুৱাব খুজিছো !

৩ ছেপ্তেম্বৰ ২০১১


Sunday, 11 April 2021

ধোঁৱা

মোৰ দুচকুৰ অশ্ৰুৱে তোমাক
নোৱাব ধোৱাব মাহ হালধিৰ সৈতে
আয়তীয়ে দিব উৰুলী
জ্বলিব কেচা আম কাঠৰ জুই
মোৰ হিয়াত এটি ধপধপনি আৰু
এক বিৰহ যান্ত্ৰণা !

হ’ব তাত অতীতৰ মধুৰ স্মৃতিয়েই সান্তনা
মোৰ সপোনে পিন্ধাব তোমাক বহু সাজপাৰ
আৰু নানা আ অলংকাৰ
মোৰ নিগৰি আহিব এটি তপত হুমুনিয়াহ
হিয়াৰ তাজমহলত বন্দী তুমি
নহয় মইহে বন্দী তোমাৰ কাৰাগাৰত
তুমি তাৰ জেইলৰ ৷

জুই জ্বলিলে কিন্তু ধোঁৱা নাই
তপত পানী কিন্তু উতলোৱা নাই
কণী মাটিত পৰিল ঠেকেঁচা খাই
ঢেঁকীৰ ঢেংকুৰুচ ঢেংকুৰুচ শব্দ৷

উশাহ বন্ধ হৈ যায় 
গুচি যায় এটি ৰাতি
পিছদিনা সকলো নতুন !

এভাৰেষ্টত উঠি নামিবলৈ বৰ টান
আমুণ্ডছেনে দক্ষিণ মেৰু জয় কৰিলে
পৰাজিত হ’ল স্কট ৷

মোৰ থানবান সপোনে তোমাক
অট্টালিকা সজাই দিব
মই হ’ম ৰোমিঅ বা মাৰছিলা
দুকুৰা জুই দুঠাইত জ্বলিব
কিন্তু একে ধোঁৱাই ওলাব ৷

Monday, 5 April 2021

মানুহ আৰু মানুহৰ কথাবোৰৰ বিষয়ে

মানুহ আৰু মানুহৰ কথাবোৰ:-

১/যিবোৰ মানুহে তুমি সত্যটো জনাৰ পাছতো তোমাক মিছা কথা কয় সেইবোৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নাপায়৷

২/যিবোৰ মানুহে তোমাক অৱহেলা কৰে সেইবোৰ মানুহৰ কাষত কেতিয়াও নাযাবা৷

৩/যিবোৰ মানুহে প্ৰতিটো ক্ষেত্ৰতেই তোমাক নীচ দেখুৱাবলৈ যত্ন কৰে সেইবোৰ মানুহে তোমাৰ উন্নতি কেতিয়াও দেখিব নোৱাৰে৷

৪/যিবোৰ মানুহে তোমাৰ ভাল চিন্তা কৰে তেওঁলোকে ভালটো সমৰ্থন কৰিব আৰু বেয়াটোত সদায় বাধা দিব৷

৫/তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ অনুৰাগী নহয়৷

৬/যিবোৰ মানুহে প্ৰতিটো ক্ষেত্ৰতে মিছা কথা কয় সেইবোৰ মানুহৰ পৰা নিলগত থকাই শ্ৰেয়৷

৭/জীৱনত তেওঁলোকেই সফল হ’ব পাৰে যিজনে নিজৰ লক্ষ্যত উপনীত হবৰ বাবে সকলো অৰ্পণ কৰি দিছে৷

৮/যদি তোমাৰ জীৱনৰ সিদ্ধান্ত প্ৰতিটো ক্ষেত্ৰতেই আনক লবলৈ দিয়া তেন্তে তুমি এটা চাবি দিয়া পুতলাৰ বাহিৰে একো নহয়৷

৯/মানুহে ভাল পাব বা বেয়া পাব বুলি কোনো কাম কৰিব বা নকৰাকৈ থাকিব নালাগে কাৰণ মানুহে সিদ্ধান্ত সলনি কৰিবলৈ বেছি সময় নালাগে৷

১০/দুদিনীয়া জীৱনটোত যিমান পাৰি হাঁহি ফূৰ্তিৰ মাজেৰে কটাবলৈ যত্ন কৰিব লাগে৷মানুহৰ প্ৰতিটো কথাতে গুৰুত্ব দিলে জীৱনত একো কৰিব নোৱাৰি৷

১১/সুখবোৰ যিদৰে চিৰস্থায়ী নহয় ঠিক তেনেদৰে দুখবোৰো অস্থায়ী৷জীৱনত এদিন দুখ হ’লে এদিন সুখ হবই৷

১২/তোমাৰ জীৱনৰ লক্ষ্য যিমানেই ডাঙৰ হ’ব জীৱনৰ সংঘৰ্ষ সিমানেই ডাঙৰ হ’ব৷

১৩/যিবোৰ মানুহে তোমাক কথাই প্ৰতি সমালোচনা কৰে সফল হৈ দেখুওৱা সেইবোৰ মানুহেই এদিন তোমাক চেল্যুট দিব৷তোমাৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকিব৷

১৪/তুমি প্ৰথমে নিজক বুজি পাব লাগিব তেতিয়াহে আনকো বুজিব পাৰিবা৷

১৫/জীৱনৰ যুদ্ধত নায়ক হবানে খলনায়ক হ’বা সেইটো তুমি লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব৷

৪/৪/২০২১



Saturday, 3 April 2021

তাজমহল ঘুণা সুঁতি

আজি তাজমহল আছে
ছাহজাহান মমতাজ নাই
আজি ঘুণা সুঁতি আছে
জংকী পানেই নাই !

তাজমহল ঘুণা সুঁতিয়ে কয়
সঁচা মৰম চিৰযুগমীয়া হয়
নিসংস জীৱনৰ সংগী বিচাৰি
মোৰ মন উন্মনা হয়৷

আজি তুমি গুচি গ’লা
স্মৃতি ৰৈ গ’ল তাজমহল ঘুণা সুঁতিৰ দৰে
আজিও আছেনে চাগৈ মৰমী
লেইলা আনাৰকলিৰ দৰে ?

ৰৈ গ’ল উকা হৃদয়খনি
তুমিযে আছিলা হিয়াৰ মনি
শেষ হৈ গ’ল সপোন
মাঁথো ৰ’ল স্মৃতিখিনি৷

তাজমহল ঘুণা সুঁতিক কৰি সাক্ষী
দিম প্ৰতিশ্ৰুতি মৰমী আহা যদি
তুমি অবিহনে জীৱন মৰুময়
দিম তোমাক হিয়াৰ মৰমখিনি৷

৭/৮/২০১১

অ’ মৰমৰ মাইনা

অ’ মৰমৰ মাইনা
পলুৱাই লৈ যাম চাইনা
দেখুৱাম গৈ চিংগাপুৰ
তোমাক পালে দিঠক হ’ব সপোনবোৰ৷
বাৰিষাৰ নদী পানী কোবাল
তোমাক দেখিবলৈ লাগে ভাল
মই একো নজনাকৈয়ে 
মাৰিলা কিহৰ জাল ?
কোৱা কোৱা
মৰম মোক দিম বুলি
থাকিবা সদায় 
মোৰ হিয়াত ফুলি৷
বিয়া পাতিম কামাখ্যাত
মৰমক সাক্ষী কৰি
তুমি বাৰু ৰাজীনে
কোৱানা লাহে কৰি৷
পখিলা উৰে ডালে ডালে
দেখি জান ঐ ভাল লাগে
মাইনা তুমি ধুনীয়া
তোমাক দেখিলে কলিটিয়ে পাহি মেলে৷
ৱেলিংটন,ভেটিকান চিটি
সকলো তোমাক দেখুৱাম
হিয়াত অংকিত হ’ল
মাইনা তোমাৰ নাম৷
ভোক পিয়াহ নলগা হ’ল
থাকো তোমাৰ কথা ভাবি
একেৰাহে সপোনত 
আহা দিন ৰাতি৷
ফাগুন - চ’তত ফুলে আম
ডালত লাগে কঠাল
ৰৈ যোৱা নদীখনৰ
সোঁত হয় যে কোবাল !
এসাঁজ খাই এসাঁজ নাখাই হলেও
বনাই দিম সোনৰ আঙুঠি
সজা নাই প্ৰতিমা
আঁকিলো তোমাৰ প্ৰতিছবি৷

Sunday, 28 March 2021

তুমি ক’ত আছা ?

যদিও নাজানো তুমি ক’ত আছা
তোমাক মই বিচাৰি যাম,
যদিও তুমি মোক পাহৰি গ’লা
তোমাক এবাৰ নয়ন জুৰাই চাম৷

ঠিকনাবিহীন যাত্ৰা কৰিম
মই তোমাক বিচাৰি,
ক’ত আছা কেনেদৰে আছা
কিয় গ’লা ঠিকনাবিহীন হৈ আতৰি৷

যদিও তুমি মোক একো বুলি নাভাবা
তথাপি তোমাক বিচাৰি যাম,
এখন্তেক যদি ভগৱানক পাহৰিছো
পাহৰা নাই তোমাৰ নাম !

তুমি বিহীন জীৱন অসহ্য যন্ত্ৰণা
সেইবুলি তোমাক আজুৰি নানো জীৱনলৈ,
কেনে আছা,কি কৰি আছা জানিব মন যায়
সেইবাবে যাম তোমাক চাবলৈ !

তুমি যদি পাহৰি গৈছা মোক
মোৰ ক’বলগীয়া একো নাই,
মোৰ হৃদয়ত তুমি মাথোঁ তুমি
তাৰ বাহিৰে একো নাই ৷

১৭/১১/২০১১

মৰমৰ মৰমী

মনত আজি বাৰু কিয় মোৰ
ইমান আনন্দ লাগিছে
কিনো এক মিঠা সুবাসে
মোক আগুৰি বাৰে বাৰে ধৰিছে৷

তোমাৰ কথাভাবি মোৰ অকনো
নালাগে জানা আমনি
বাৰে বাৰে চকুত প্ৰতিছবি ভাঁহে
কেতিয়ানো হবাহি মাজনী?

তোমাৰ কথাভাবি
সপোন ৰচো ৰাতিৰ বিচনাত
তুমি মোৰ লগৰী ৰাণী
মোৰ মনৰ কল্পনাত৷

দিঠকত পৰিণত
কৰিবানে তুমি সপোন
দিবানে সুখৰ বাতৰী
তুমি আহিলে সুখেই হ’ব
গোটেই জীৱনৰ লগৰী৷

Wednesday, 3 March 2021

মিছা মৰম

তুমি কিয় গুছি গ’লা
মোৰ কাষৰপৰা আতৰি
মিছাকৈয়ে মোক মৰম দেখুৱাই
আজি গ’লা পাহৰি !
এজনে মন খুলি আনন্দত মাৰিছে হাঁহি
মোৰ বিষাদৰ একোটি ছাঁ
দি থৈ গ’লা তুমি কিয়
তপত বতাহৰ বা ?

ইকাণে সিকাণে শুনিছো মই
তোমাৰ বিয়াৰ বাতৰী
প্ৰতিশ্ৰুতিৰ মৃত্যু হ’ল
বিষাদে ধৰিলেহি আৱৰি৷

তুমি যেন সুখী হোৱা
সেইজনৰ লগত থাকি
যি এজন ডাঙৰ মানুহ
বহুত ধন সম্পত্তিৰ অধিকাৰী৷

মইনো বাৰু কি দিম তোমাক
একো মোৰ দিবলৈ নাই হাতত
বলিয়া হৈ পৰিছিলোঁ মই
তোমাৰ প্ৰেমত ৷

কিন্তু আজি কি হ’ল বাৰু
মই একো বুজিব পৰা নাই
মনৰ মাজত বেদনাৰ ৰাজত্ব
আছো মৃত্যুলৈ বাটচাই !

আহিছো অকলশৰীয়া হৈ
যামগৈ এদিন অকলে
কোনেনে কান্দিব বাৰু
কোনো নাই মোৰ কাষতে !

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27