Friday, 20 March 2020

জানিবলগীয়া কথা ১

১/ভাৰতৰ ত্ৰিৰংগ পতাকাখন আনুষ্ঠানিকভাৱে কেতিয়া গৃহীত হৈছিল?
উত্তৰ: কংগ্ৰেছৰ কৰাচি অধিৱেশনত ১৯৩১ চনত৷
২/কোনজন ভাৰতীয় বিপ্লৱীেয়েে ১৯০৭ চনত পেৰিছত ভাৰতৰ জাতীয় পতাকাখন উত্তোলন কৰিছিল?
উত্তৰ:মাডাম কামাই
৩/ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা?
উত্তৰ:৬ টা
৪/নিৰ্বাচন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ:নিৰ্বাচন দুুই প্ৰকাৰৰ৷
(১)প্ৰত্যক্ষ নিৰ্বাচন
(২) পৰোক্ষ নিৰ্বাচন
৫/ভাৰতৰ সংবিধানত কেইটা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে?
উত্তৰ:৬টা
৬/কোনজন অসমীয়া কবিক Words worth ৰূপে অভিহিত কৰা হয়?
উত্তৰ:ৰঘুনাথ চৌধুৰী
৭/ভাৰতৰ স্বাধীনতাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:ছাৰ ক্লিমেন্ট এটলী
৮/ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ:১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত
৯/বাতৰি কাকতৰ প্ৰথম প্ৰচলন ক’ত হৈছিল?
উত্তৰ:চীন দেশত
১০/দূৰদৰ্শন কেতিয়া কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:১৯২৬ চনত জন লগি বেয়াৰ্ডে
১১/ ৰেডিঅ’ কোনে ক’ত কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰ:১৮৯৪ চনত ইটালীৰ মাৰ্কণিয়ে আৱিষ্কাৰ কৰে৷
১২/ক্ৰিকেট খেলৰ আৱিষ্কাৰ কোন দেশত হৈছিল?
উত্তৰ:ইংলেণ্ডত
১৩/চিনেমা প্ৰযুক্তিবিদ্যাৰ পিতৃস্বৰূপ ব্যক্তিজন কোন?
উত্তৰ:টমাছ আলভা এডিচন
১৪/সৰ্বোত্তম শ্ৰেণীৰ নৃপতি বুলি কাক কোৱা হয়?
উত্তৰ:স্বৰ্গদেউ ৰুদ্ৰসিংহক
১৫/মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীয়ে অসমীয়ালৈ কি অনুবাদ কৰিছিল?
উত্তৰ:মহাভাৰত
১৬/অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ খনৰ নাম কি?
উত্তৰ:এ গ্ৰামাৰ অফ দা আচামীচ লেংগুৱেজ (A Grammar of the Assamese language)
১৭/পৃথিৱীৰ প্ৰধান ধৰ্মসমূহৰ সংগমস্থলী কি?
উত্তৰ:ভাৰতবৰ্ষ
১৮/আমাৰ দেশৰ জাতীয় পতাকাখনৰ দীৰ্ঘ আৰু প্ৰস্থৰ অনুপাত কিমান?
উত্তৰ: ৩:২
১৯/ভাৰতৰ সংবিধান স্বীকৃত ভাষাবোৰ সংবিধানৰ কোন তালিকাৰ অন্তভুৰ্ক্ত?
উত্তৰ:অষ্টম তালিকাৰ অন্তভুৰ্ক্ত
২০/কেতিয়াৰ পৰা ভাৰতৰ নতুন সংবিধান কাৰ্যকৰী হয়?
উত্তৰ:১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা৷

জনতা কাৰ্ফিউ আৰু ক’ৰুণা ভাইৰাছ

জনতা কাৰ্ফিউ দিলে কেনেকৈ ক'ৰণা ভাইৰাছৰ লগত যুঁজিব ??? 🤔🤔🤔 

জানো আহক এই জনতা কাৰ্ফিউ পালন কৰি আমি কেনেদৰে ক'ৰণা ভাইৰাছক প্ৰতিহত কৰিব পাৰিম ।

ক'ৰণা ভাইৰাছৰ জীৱনকাল যিকোনো নিৰ্জীৱ বস্তুৰ ওপৰত অতি বেছি ১২ ঘন্টা । 

জনতা কাৰ্ফিউৰ সময় ১৪ ঘন্টা । 

গতিকে সেই সমূহ ৰাজহুৱা স্থান , যান-বাহন আদিৰ লগত নিৰ্জীৱ বস্তু যি সমূহ ক'ৰণাৰ ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল ১৪ ঘন্টা যদি কোনোৱে স্পৰ্শ নকৰে তেনেহলে ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ চেইন ডাল ভাঙি যাব। 

তাৰমানে ১৪ ঘন্টাৰ জনতা কাৰ্ফিউৰ পিছত আমি এখন ক'ৰণা মুক্ত দেশ পোৱাৰ সম্ভাৱনা আছে, যদি সকলোৱে ইয়াক ভালদৰে পালন কৰো। 

জনতা কাৰ্ফিউৰ আৰৰ কথা এইখিনিয়ে । 

আহক সকলোৱে ইয়াক ভালদৰে পালন কৰো আমাৰ এক সুৰক্ষিত ভৱিষ্যতৰ বাবে । 

ইয়াৰ পিছতো দৰকাৰ পৰিলে চৰকাৰে যি ধৰণে ঘোষণা কৰে সকলো কাৰ্যসূচী পালন কৰিলে আমি ভাৰতত হয়তো ইটালীৰ দৰে ভুগিব নালাগিব।
#তথ্য_সংগ্ৰহ 

Monday, 16 March 2020

কৰ’না ভাইৰাছ

#কৰ'না ভাইৰাছ


#কৰ'না কি? 
- কৰ'না ভাইৰাছ কিছুমান ভাইৰাছৰ সমষ্টি। আগতেও ইয়াৰ অৱস্থিতি দেখিবলৈ পোৱা গৈছিল। ডিচেম্বৰ 19 ত চীনত পোৱা কৰ'না ভাইৰাছ টো একেবাৰে নতুন যাৰ এতিয়ালৈকে ভেকচিনেই- ওলোৱা নাই। যাক WHO য়ে COVID-19 নাম দিছে। এই ভাইৰাছ জীৱ জন্তুৰ ক্ষেত্ৰত সঘনাই দেখিবলৈ পোৱা যায়। কিন্তু জন্তুৰ পৰা মানুহলৈ খুব কমেইহে সংক্ৰমিত হয়।  সাধাৰণতে ইয়াৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ নাম দিয়া হয়, যিহেতু COVID-19 দেখাত এটা ক্ৰাউন(crown) ৰ দৰে অৰ্থাৎ তাৰ গাত কিছুমান জোঙা জোঙা শুং দেখা পোৱা যায় সেয়েহে ইয়াৰ নাম corona. আমি ভৱাৰ দৰে ই মানুহৰ বা ঠাইৰ নাম নহয় কিন্তু। 

#কৰ'না কেনেকৈ বিয়পে?

- কৰ'না ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ  বিভিন্ন কাৰকৰ দ্বাৰা বিয়পিব পাৰে ।  এজন সুস্থ মানুহে যদি বেলেগ এজন  অসুস্থ মানুহৰ সংস্পৰ্শলৈ আহে তেন্তে  এইৰোগ বিয়পাৰ সম্ভাৱনীয়তা অধিক হৈ পাৰে । বিশেষকৈ জনবহুল অঞ্চল এটাত যদি এই ৰোগ থকা ব্যক্তি এজন  থাকে তেন্তে তেওঁৰ  কাঁহ , হাঁচিওৱা, থু আদি কাৰকৰ দ্বাৰাও বেলেগ মানুহলৈ ই  কম সময়তে বিয়পিব পাৰে। 

#  কৰ'নাৰ জীৱন কাল কিমান?

- এই ভাইৰাছৰ ইনকুবেচন পিৰিডত 14 দিন। এই 14 দিনৰ ভিতৰতেই ই নিজৰ বংশ বৃদ্ধি ও কৰে আৰু মৰেও। কিন্তু লক্ষ্যনীয় কথাটো হল এই 14 দিনতেই ই মানুহ এজনৰ ইমিউনিটি চিস্টেম টো একেবাৰে বেয়া কৰি দিয়ে যাৰ বাবে মানুহ দূৰ্বল হৈ পৰে আৰু কোনো ক্ষেত্ৰত  পাকস্থলী, কিডনী আদিটো প্ৰভাৱ পেলায় আৰু ইয়ে মৃত্যুৰ কাৰক হৈ পৰে। জ্বৰ, কাঁহ, পানীলগা আদি সাধৰণ ফিভাৰৰ লক্ষণ সমুহেই ইয়াৰ। মাত্ৰ সময়ৰ লগে লগে ইনফেক্টটেড মানুহজনৰ জ্বৰৰ উত্তাপ বেছি হৈ গৈ থাকে আৰু শ্বাস প্ৰশ্বাসত কষ্ট হয়। কিন্তু যি দেশৰ জলবায়ু গৰম বা 30 ডিগ্ৰীৰ ওপৰত তেনে দেশত ই বিয়পিব নোৱাৰে কাৰণ উত্তাপত এই ভাইৰাছৰ মৃত্যু হয়। গতিকে ভাৰতত দীঘ দিন ধৰি  কৰ'না নাথাকিব যিহেতু ভাৰতত গ্ৰীস্ম কাল আৰম্ভ হবলৈ বেছি দিন নাই। 

#16-29 মাৰ্চ লৈকে বন্ধ কিয়  দিলে????

ইয়াৰ কাৰণ হ'ল বৰ্তমান ক'ৰনা ভাইৰাছ ভাৰতত stage 2 লেভেলত আছে। এতিয়া কথা হ'ল এই stage 2 কি? তেন্তে শুনক... যিকোনো এটা সংক্ৰমিত বেমাৰৰ 4 টা মুল ষ্টেজ থাকে। সেইয়া হ'ল

Stage 1 - য' ত পুন প্ৰথম বাৰৰ বাবে ভাইৰাছ টো ধৰা পৰে আৰু ই সেই ঠাই খনত বিয়পি পৰে। যেনে - চীনৰ নিদিষ্ট wuhan নামৰ সেই চহৰ খন।

 Stage 2- বিভিন্ন কাৰকৰ মাধ্যমৰে সেই ভাইৰাছ বিভিন্ন ঠাইলৈ সংক্ৰমিত হয় আৰু  তাৰ স্হানীয় লোক সকল সংক্ৰমিত হবলৈ ধৰে। যেনে এতিয়া ভাৰত, ইটালী আদিত স্থানীয় লোক সকলৰ মাজটো এই ৰোগে দেখা দিছে যি মুলতে চীন দেশত হে উৎপন্ন হৈছিল।

Stage 3- অত্যাধিক মাত্ৰাত একোখন চহৰ বা ঠাইত বিয়পি পৰা।

 Stage 4 - এই সময়ত ৰোগ বিধে মহামাৰীৰ ৰূপ লৈ লয় আৰু হাজাৰ হাজাৰ লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হবলৈ ধৰে। যাক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে লগতে মৃত্যুৰ হাৰ বাঢ়ি যায়। 

গতিকে দেখা গ'ল যে আমাৰ ভাৰত বৰ্ষত কৰ'ণা ভাইৰাছ stage 2 ত আছে। গতিকে stage 3 আৰু stage 4 যাতে নাপায় গৈ তাৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্হা হাতত লৈছে। আগতেই কোৱা হ'ল যে ইয়াৰ ইনকুবেচন পিৰিয়ড 14 দিনৰ হে। গতিকে এই 14 দিনত যদি কোনো নতুন এই ভাইৰাছৰ দ্বাৰা এফেক্টড নহয় তেন্তে ইয়াৰ প্ৰভাৱ  অটোমেটিক কমিবলৈ আৰম্ভ কৰিব। পিচে এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগো সমানেই বাঞ্চনীয়। কাৰণ যদি কোনোৱা এজন কৰ'না  ভাইৰাছ ৰ দ্বাৰা সংক্ৰমিত লোকে জানি বুজি জনবহুল ঠাইলৈ যায় তেন্তে হাজাৰ সতৰ্কবাণীয়েও কাম নিদিয়ে।। মনত ৰাখিব prevention is better than cure. 

Corona virus সংক্ৰমণ নহবলৈ কি কি ব্যৱস্থা হাতত লব লাগে ইতিমধ্যেই আপোনালোকে গম পাইছেই। তথাপি দুটামান লিখি দিছো.... 
1/ হাতদুখন সঘনাই ভালদৰে চাবোনেৰে ধুই থাকিব। 
2/ অপৰিস্কাৰ হাত চকু, মুখ, নাকলৈ নিনিব ।
3/ মুখত মাস্ক ব্যৱহাৰ কৰিব। 
4/ এই ভাইৰাছ দ্বাৰা সংক্ৰমিত লোকৰ পৰা দুৰত থাকিবলৈ চেষ্টা কৰিব। 
5/ নিজকে সদায় পৰিস্কাৰ কৰি ৰাখিব। 
6/ জ্বৰ, কাহঁ, পানীলগা আদি হলে অতি সোনকালে ডাক্তৰক দেখোৱাওক। কৰ'না হওঁক বা নহওঁক তেনেলোকে ঘৰতে 14 দিনমান বিশ্ৰাম কৰক। কাৰণ ইমিউনিটি কম থকা লোক যেনে ৰোগী, শিশু আৰু বয়সীয়াল লোকক এই ভাইৰাছে সহজেই আক্ৰমণ কৰে।
7 / এই সময় চোৱাত পৰাপক্ষত দুৰ ভ্ৰমণ আদি বাতিল কৰক নতুবা সুৰক্ষা ব্যৱস্থা সমুহ গ্ৰহণ কৰিহে যাত্ৰা কৰক। 

শেষতীয়া WHO ৰ তথ্য মতে যুৱচামো এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।  লগতে ইয়াৰ লক্ষণ সমুহো frequently change হৈছে । বিশেষকৈ ই লাহে লাহে গৰম ঠাইত থাকিব পৰাকৈ নিজকে সাজু কৰি লৈছে। ইফালে এপ্ৰিলৰ শেষলৈকেহে ইয়াৰ প্ৰতিকাৰক উদ্ভাৱন হোৱাৰ আশা আছে বুলি বিজ্ঞানীসকলে জনাইছে। গতিকে তেতিয়ালৈকে আমি সাৱধান হব লাগিব । কাৰণ সাৱধানীৰ মৰণ নাই। তথাপি কওঁ সকলো coronavirus ৰ suspected কিন্তু infected নহয়, আৰু সকলো infected মানুহৰে কিন্তু death নহয় । গতিকে সাৱধান হওঁক সময় থাকোতেই। নিজেও সুস্থ সবল হৈ থাকক আনকো থকাত সহায় কৰক। 
ইন্টাৰনেটৰ পৰা সংগ্ৰহ

অচিনা দেশত

বিষাদেই জানো কাৰোবাৰ একান্ত লগৰী,
হৰ্ষও আহিব এদিন
হৈ বিষাদৰ বিৰোধী৷
বিষাদক লগৰী কৰি
ঘুৰি ফুৰিছো মই
হৰ্ষ আছে ক’ত বিচাৰি,
তপত মৰু,চেচা বতাহত থাকিব নোৱাৰো
নোৱাৰো যাব অতীতক পাহৰি৷
অচিনা দেশৰ মাজেৰে যাওঁতে
মোৰ বুকুত খুন্দিয়াই চিনাকি মুখবোৰে,
কান্দো বহি অচিনাদেশৰ মুছাফিৰ খানাত
যেতিয়া মনত পৰে মিঠা মিছা কথাবোৰলে৷
হয়তো মোক কোনোবাই চাইছে
দেখিছে চকুলো টোকা
কিন্তু সোধা নাই একো মই যে অচিনা,
আছে বাৰু কিমান মানুহ
মোক স্বপ্নভংগ কৰা মানুহবোৰৰ নিচিনা৷
এই দুই চকুৰেই দেখিছো
কতজনৰ মিলন,
কোনো নোলাল মোক ভালপোৱা
কি এই মোৰ জীৱন!
পথে পথে ফুৰিছো মই
আমনি লাগিছে তপত চকুলো মোহাৰি,
মই ক’ত, কেনে আছো খবৰ লবলৈ
কাৰো নাই চাগৈ আজৰি!
জীৱনৰ কুসুম বনত সাৰ পাইছিলো
শুৱলা কেতেকীৰ মাতত,
মৰম মই ক’তো নাপালো
হিয়াৰ আমঠু বিচ্ছেদ হল নাই মোৰ লগত৷
মনত পৰে সেইদিনাৰ সেই দৃশ্যটিলৈ
জীয়াই থকালৈকে মনত থাকিব,
আভৰণ পিন্ধি হৰ্ষ এদিন
মোৰ কাষলৈ কেতিয়া আহিব?
অহৰহ ভৱনদীত দুখক বোকোচা বান্ধি
ফুৰিছো মই সাতুৰি,
আজি যিমান,কাইলৈও সিমানেই থাকিব
মৰাৰ পাছতনো জীৱৰ অস্তিত্ব কি?
মোক কৰক বিশ্বাস ঘাতকটা
কিন্তু মই নকৰো 
এইয়া মোৰ সৰলতা৷

Sunday, 8 March 2020

দুদিন

কোন বাৰু কাৰ চিৰদিনৰ চিনাকি
দুদিনৰ চিনাকিহে আমাৰ,
আঘোণৰ ধান চপোৱাৰ পিছত
যেনেকৈ ৰৈ খালী পথাৰ৷
দুদিনৰ যাত্ৰী আমি
দুদিনৰ আলহী হৈ আহিছো,
জীৱন নাটক সামৰি এদিন
যাম বুলি প্ৰতিশ্ৰুতি দি আহিছো৷
চকুৰ চিনাকি দুদিনৰ
সকলো সময়ত নিজ বাটে যায়,
শলিতা জ্বলি শেষ হলে
চাকিটো লাহেকৈ নুমায়৷
কোন বাৰু আমাৰ মৰমৰ
সদায় জানো কাষতে পাওঁ,
জীৱন নাটৰ আমি ভাৱৰীয়া
অকলেই আহি অকলেই যাওঁ৷
বাধা দিব নোৱাৰো
সেই বাটৰ সকলো বাটৰুৱা,
লমগৈ এদিন চিৰশান্তি
আমি যে ভাগৰুৱা৷
দুখ-সুখ,হাঁহি-কান্দোন খেল ধেমালিৰ
মাজেৰে শেষ হ’ব দুদিনীয়া জীৱন
কাকো নিব নোৱাৰো লগত,
পোহৰ আৰু অন্ধকাৰৰ খেলা জগতত৷
এজন যায় দুদিনৰ আগত
আনজন যায় দুদিনৰ পাছত,
হেঙাৰ বাৰু আছেনে চাগৈ
সেই অন্ধকাৰ বাটত৷
কৰুণ-বেদনা, নিষ্ফলতাৰে পৰিপূৰ্ণ
আমাৰ জীৱনৰ অভিনয়,
ভাগি যায় মাথো বাৰে বাৰে
আমাৰ সুকোমল হৃদয়৷
এই বিশ্বত পাতিছো বাৰু
কিহৰ খেল নোৱাৰো ক’ব,
মানুহৰ জীৱনৰ জন্ম-মৃত্যু
সদায় হৈ থাকিব৷
জীৱন নাট ভাগিব এদিন
আমি সকলোৱে অভিনয় সামৰিম
এই জনমত কি ঘটিব
মনত জানো ৰখাব পাৰিম৷
পাহৰিম এই জনমৰ কথা
মৰমৰ আছিল কোন আপোনজন,
বাৰে বাৰে সকলোৱে ভাগে
সুকোমল হৃদয়খন৷

মই ভাবিছিলো

ভাবিছিলো মই জানানে
কোনোকালে নাহে মোৰ হেৰুৱা দিনৰ
সপোনবোৰ আকৌ এবাৰ ঘুৰি,
সেউজীয়া পথাৰ এৰি আহিলো
সন্ধিয়া নাযাওঁ বুলি৷
অচিনাকি মানুহৰ মাজত
দেখা পালো ক’ত যে চিনাকি মুখ
মোলৈ চাই হাঁহি থাকে মিচিকিয়াই!
দিনবোৰ যে কালৈকো নৰয়
ভাবিছিলো কোনোকালে নাহে কেতিয়াও
তোমাৰ লগত পাৰ কৰা দিনবোৰ মনত,
গুচি গ’লা তুমি কাষৰপৰা
বিষাদে প্ৰৱেশ কৰিলে জীৱনত!
মোৰ কাষত থাকিল অতীতৰ
দিনবোৰৰ মনোৰম কথাবোৰ
হঠাৎ চুৰমাৰ হ’ল মোৰ সপোনবোৰ৷
দুখী,দুখী মনেৰে থাকো অকলে
কৰবাত আমন জিমনকৈ বহি
হে নিয়তি,তোমাৰ কি লীলা
বিষাদ মনেৰে আছো
মৃত্যুৰ ক্ষণ গণি, গণি৷

সোৱৰণী মিঠা সপোন

তোমাক বিচাৰি কেতিয়াবা মই
ঘুৰি ফুৰো য’তে ত’তে
কেতিয়াবা নিৰ্জনতাত,কেতিয়াবা কোলাহলত
বাৰে বাৰে মোৰ পৰে তোমালৈ মনত!
তোমাৰ দুচকুৰ মিচিকি কাজলৰ দৰে
চিকুনাই আৱৰি ৰাখিছো
প্ৰহেলিকাময় হেপাঁহৰ আকাশত,
থাকিবানে তুমি আজীৱন মোৰ লগত৷
আকাশত মাথোঁ ঢৌ খেলোৱা হাঁহি
শুভ্ৰ জোন আৰু জোনাকী মিতিৰালিৰে
সেয়ে হয়তো সোৱৰণীৰ মিঠা সপোনেে
বাৰে বাৰে মোক আমনি লগাইছে৷
উজাগৰী সপোনে উচুপি মনত পেলাই দিয়ে
ফুল ত’ৰা গানেৰে ভৰা সোণোৱালী
জীৱন বিচাৰি যোৱাৰ কথা৷
পলাই যাব খোজা দুখৰ মাজতো
ৰঙেৰে খেল খেলি তুমি হেৰুৱাই দিয়া!
সকলো আশা,সকলো সপোনক
এটি অভিমান ভৰা আলফুলীয়া পৰশত
বাৰে বাৰে বিচাৰে হৃদয়ত
জীৱনৰ ৰঙীন আকাশত৷

Saturday, 22 February 2020

দিনটোৰ যাত্ৰী

আমি হওঁ সদায়
নতুন দিনৰ নতুন সময়ৰ যাত্ৰী
হৈ আহিছো আমি পুৰণি সময়ক
বিদায় দি অভিযাত্ৰী৷
চিন্তা কৰা তুমি বৰ্তমানৰ
প্ৰতিটো মুহূৰ্তৰ কথা
কালিলৈ আহিবলগা দিনটো
মাথো মনৰ এক অবুজ কল্পনা!
চকুমেলি ভালদৰে চোৱা তুমি
কি নাই আজিৰ দিনটোত
অতীতক সুৱৰি,
ভৱিষ্যতৰ সপোন ৰচি
নলগাবা লেঠা
জীৱনৰ শুভময় হব খোজা ৷
আজিৰ দিনটোতেই সকলো আছে
আজি হেৰাই গলে
নোপোৱা আৰু কেতিয়াওঁ
আজিৰ দিনটোত ভালদৰে তুমি
এজন সুস্থমানুহ হৈ উঠা
যোৱা দিনবোৰ সুখৰ স্বপ্ন
আহিব লগা দিনটো মাথো কল্পনা!
হাঁহিমুখে আহা সকলোৱে
আজিৰ দিনটো গ্ৰহণ কৰো
আহিবলগা কল্পনাৰ দিনটোৰ
মধুৰ সপোন ৰচো৷

Thursday, 20 February 2020

সুখী দুখী

সৰু বুলি কাকো নকৰিবা অৱহেলা
হয়তো তুমি সৰু বুলি ভবা
বস্তু এটাই কেতিয়াবা দিব পাৰে
জয় আৰু সত্যৰ সন্ধান৷

কৰিলে কৰক তোমাক
মাথোঁ তুমি নকৰিবা
থাকিবা সহ্য কৰি
আত্মৰ শক্তিৰে আত্মৰক্ষা নকৰিলে
আন কোনে দিবহি তোমাক ৰক্ষা কৰি৷
এইয়া জীৱনৰ সংগ্ৰাম 
পদে পদে থাকিব যে বাধা
আজিয়েই কৰি শেষ কৰা
কালিলৈ নথবা কাম আধা৷

মানুহ সদায় সুখী  হ’বলৈ বিচাৰে
কোনো হ’ব নিবিচাৰে দুখী ৷
কোনে জানিব বাৰু ভাগ্যৰ লিখন
বিধাতাই কি পঠাইছে লিখি!
সুখে মানুহৰ দৈনিক আৱশ্যকীয়
সকলোৰে খোৰাক যোগায়
অসৎ চিন্তাই সকলো বেয়াৰ মূল
জানিবা সদায়৷


Wednesday, 1 January 2020

তুমি কোৱা হলে

তুমি কোৱা হলে
মই সকলো বুজিলো হেতেন
প্ৰতি মূহূৰ্ততে ৰাজি আছিলো
যি কোৱা তাকে কৰিবলৈ৷
অথচ তুমি একোৱেই নকলা
ব্ৰহ্মপুত্ৰ অথবা এভাৰেষ্ট
নতুবা বাৰমুডা ট্ৰাইংগল
সকলো একাকাৰ কৰিলোঁ হেতেন!
তুমি কোৱা হলে
কি বেয়া পোৱা
মই হলো হেতেন পৰিৱৰ্তন!
তুমি বেয়া পোৱাটো কৰিলো হেতেন
দূৰতে বিদূৰ
কপালৰ ঘাম মাটিত পেলাই
আনি দিলো হেতেন তুমি 
যি বিচাৰা সকলো
এতিয়াওঁ যদি বিচাৰা
প্ৰাণটো দিম তোমাৰ হাতত তুলি
কোৱানা এবাৰ কিনো বিচাৰা তুমি…………
১৫ মে ২০১০ চন
শনিবাৰ

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...