Sunday, 26 April 2020

তোমাক বিচাৰি যাওঁ

বহুত দিন ভাবি আছো
তোমাৰ কথা মোৰ মনত
তোমাকে বিচাৰো মৰমী কাষতে
মোৰ দুদিনীয়া জীৱনত৷
সদায় কল্পনা কৰো
মধুৰ মধুৰ সপোন ৰচো
হঠাতে কল্পনাৰ কাৰেং সাজি
হঠাতে ভাঙি চুৰমাৰ কৰো৷
নাজানো তোমাৰ প্ৰতি কিয় মোৰ
ইমান মৰম চেনেহ ভালপোৱা
তুমিয়েই হৈছা একমাত্ৰ নাৰী
হৃদয়ত আলফুলকৈ গুজি বহা!
কথাৰে প্ৰকাশ কৰিব নোৱাৰো
মোৰ মনৰ কথা তোমাৰ আগত
ভগৱানৰ কি যে মনোৰম সৃষ্টি
আতৰি নাযাবা তুমি লাজত৷
এটি মৌ মিঠা মাত দি
মোৰ অন্তৰ নিয়া শাঁত পেলাই
মোৰ এই অবুজ ভালপোৱাই
তোমাক মাথো বিচাৰি যায়৷
বহাগ অহাৰ বাতৰি লৈ
কুলিয়ে বিনাই কুউ কুউ কৈ
শয়নে সপোনে বিচাৰো তোমাকে
মনে সদায় বিচাৰে কাষত
তোমাৰ প্ৰতিছবি আঁকিলো সংগোপনে
মোৰ হিয়াৰ ভাজত৷
মচিব নোৱাৰো সেই প্ৰতিছবি
মোৰ হিয়াৰ পৰা
তুমি হবা মোৰ বিয়াৰ কইনা
মই হম তোমাৰ দৰা৷
দুয়ো বিয়া পাতি
সুখৰ সংসাৰ গঢ়িম
এই বিনন্দীয়া পৃথিৱীত
তোমাকে আপোন কৰিম৷

Thursday, 23 April 2020

চকুৰ চিনাকি

চকুৰ চিনাকি হলেই নহব
যদি নোহোৱা হৃদয়ৰ আপোন
দেখিলেই জান নহব
যদি দিঠক নহয় সপোন৷
ক্ষন্তেক কাষত থাকিলেই নহব
যদি লগৰী নোহোৱা জীৱনৰ
বুজামনো মই কেনেকৈ
তুমি মোৰ কিমান মৰমৰ৷

লগৰী হলেই জানো হব কোৱা
যদি সঁচা মৰম নিদিয়া
তাতোকৈ দূৰত থকাই ভাল
যদি মোৰ আপোন নোহোৱা৷

আহি থাকিবা কাষত সদায়
আপোনমনে মনৰ কথা পাতিম
তুমি মোক মৰম দিলে
মইও তোমাক মৰম দিম
মন মিলিলে আপোন কৰিম৷
সঁচা মৰমৰ প্ৰতিশ্ৰুতিৰে
দুয়ো মিলি এক হম
চিৰসংগী জীৱনৰে
বুকুত সজাই থম৷

৩০ আগষ্ট ২০০৯

এটা কবিতা

আজি মোৰ এটা কবিতা লিখিব মন গৈছে
মই বৰকৈ আৱেগিক হৈ পৰিছো নেকি
কবিতাৰ কিছুমান ভাষাই আজি বৰ আমনি কৰিছে
নিলিখো বুলিও থাকিব পৰা নাই মই
কি হৈছে মোৰ আজি?
মই জানিব খুজিছো শীতৰ অত্যাচাৰত
নঙঠা হৈ থকা কাঞ্চন জোপাক
দূবৰিত লাগি থকা নিয়ৰৰ টোপালক আৰু
ডাৱৰ,ডাৱৰ লগা কুৱলীজাকক!
সিহঁতে জানে নেকি মোৰ কথা কিবা
প্ৰস্তৰ যুগৰ পৰা আজিলৈকে একে থকা
মাটি চপৰাটোক সুধিব মন গৈছে
মোক যদি বুজাই দিলেহেঁতেন!
সেইয়া চোৱা পাহাৰৰ খোৰোং বোৰত মেঘ
আৰু কুৱলীৰ ধোঁৱা বৰণীয়া অন্ধকাৰত
ৰ’দালিয়ে ধেমালি খেলা
উৰণীয়া ডাৱৰৰ পৰা মুক্ত হোৱা জোনটো
আৰু তিৰবিৰাই থকা ত’ৰাবোৰ৷
মই ফুলপাহক সুধিছো
হে,গোলাপ তোমাৰ পাহিৰ ৰং আৰু কোমলতাবোৰ কোনে দিলে
মোক অলপ দিবা নেকি
হে,আজলী হৰিণীজনী তোমাৰ দুচকুৰ নীলাবোৰ
বিলাই দিবা নেকি চাৰিওফালে৷
মোৰ চোন আজি ইমান ঠাণ্ডাতো
বৰ গৰম লাগিছে
বুকুখন ঢিপিং ঢিপিং কৰিছে
দুগালৰ চকুলো ও ইমান তপল!
ফুলনিত ফুলি থকা ফুল
বতাহত উৰি থকা পখিলাৰ আনন্দকণ
মই পোৱা হলে!
হে,কপৌপাহি তোমাক এটি কথা কওঁ
আজিৰ মানুহৰ হিয়াখন শিলৰ নেকি
কিয় অন্তৰৰ কথাবোৰ যে নুবুজে
হে,কেকটাছ তুমি হবলা দান দিলা
তোমাৰ কাইটবোৰ বিন্ধিবলৈ৷
তোমাৰ ঠুনুকাবোৰ মোক দিলা
হিয়া চূৰ্ণ বিচূৰ্ণ হ’ল
মৰুভূমিৰ মৰিচীকা আজি
সকলোলৈ বিয়পি আহিল
আইচবাৰ্গ অলপ গাত বান্ধি লওঁ নেকি
বাৰিষাৰ নৈৰ গড়া
খৰালিৰ খৰাংবোৰ কিয় মোৰ বুকুত?

Wednesday, 22 April 2020

জীয়াই থাকিম কেনেকৈ

হেৰাল ভাষা
হেৰাল আশা,
সঘনাই উচুপো
নিৰ্জন নিশা৷
সূদূৰ আকাশৰ জোন
বহুতে সোধে মই কোন?
কোন ক’ত আছা
অলপ সহায় কৰাচোন!
জীৱনটো বৰ আহুকাল হ’ল
সুখৰ দিন নিমিষতে মাৰ গ’ল
যাৰ চকুত চকু থৈ সপোন দেখো
তেওঁ যে দূৰলৈ আতৰি গ’ল৷
সঘনাই মন খেলিমেলি
কোনেও নাচায় মোক চকুমেলি
হে বিধাতা তুমি কপালত
কিনো দিলা লিখি?
সকলো ডুব যায়
সপোনৰ সুকোমল কোলাত,
মইহে উচুপি কটাও উজাগৰী ৰাতি
অকলশৰীয়া নিৰ্জন নিশাত৷
তুমিও গ’লা গুচি দূৰলৈ
মোৰ মৰম দলিয়াই থৈ,
যোৱাৰ আগত নকলা কিয়
জীয়াই থাকিম কেনেকৈ?

Monday, 20 April 2020

নদীৰ পাৰৰ গাঁও

নদীৰ পাৰৰ এইখন আমাৰ গাওঁ
প্ৰবল বানপানী,গৰাখহনীয়াই আমাক
সদায় জুৰুলা কৰে
নহয় বাৰিষা কেতিয়াও খেতিবাতি
দুখ কষ্ট আমাৰ উভৈনদী
বানপানীত সকলো তল যায়
সকলো শেষ হৈ যায়
দুখীয়াৰ জীয়াই থকাৰ উপায় নাই!
ক’ত দিন অনাহাৰে
ক’ত দিন আধাপেটী থাকো
আমি মৰি মৰিয়েই জীয়াই থাকো৷
বালিৰ মথাউৰি বৰষুণতে ভাঙে
উন্নয়নৰ ধন সোমায় কাৰোবাৰ জেপত
শোষণ কৰিবলৈকে ভগৱানৰ ওচৰত
লয় তেওঁলোকে শপত৷
বাৰীৰ শাক পাচলি,পথাৰৰ ধান
গোহালিৰ গৰু,মহ,ছাগলী
মোৰ কোলাৰ সৰু পোনাটি হেৰাল
বানৰ বুকুত
আজি মই নিঠৰুৱা
কোনোবাই কৰিবনে আমাৰ সমস্যা সমাধান
গঢ়িবনে সোণালী গাওঁ৷

প্ৰাৰ্থনা

মানুহৰ ভিতৰত নতুন সৃষ্টিশীল
বিচাৰ শক্তি উৎপন্ন কৰা
তোমাৰ মাত্ৰ কাম,
সফল জীৱন যাপনৰ বাবে
মানুহক তুমি সজাই তোলা
প্ৰাৰ্থনা তোমাৰ নাম৷
সকলো সম্পদ মনৰ মাজত
মানুহৰ নিহিত হৈ থাকে,
প্ৰাৰ্থনা এক পৰম শক্তি
মানুহৰ মন নিকা কৰে৷
মানুহৰ চেতনাৰ মাজতে বিদ্যমান
নানান বিচাৰধাৰা
এই সকলোবোৰক মুক্তি দি
দিয়া বিকাশ আৰু প্ৰকাশৰ সুবিধা৷
সফলভাৱে কাম কৰাত
নিয়া আমাক সকলোকে আগুৱাই,
প্ৰাৰ্থনাৰ মহত্ত্ব বুজাব নোৱাৰি
নানে আমালৈ বিপদ চপাই৷
ঈশ্বৰে আমাৰ মন আৰু ব্যক্তিত্বত
ভাবিব নোৱাৰা শক্তি,সামৰ্থ দিছে,
প্ৰাৰ্থনাই আমাৰ সকলোৰে বাবে
এখন মহান জগত ৰচিছে৷
প্ৰাৰ্থনাৰ জৰিয়তে আমি শক্তি সামৰ্থ্য
বিকাশ সাধন কৰিব পাৰো,
আহা আমি সকলোৱে মিলিজুলি
সদায় প্ৰাৰ্থনা কৰো৷


পানেই জংকী

তোমাৰ নাম পানেই থলো
মোৰ নাম জংকী ল’লো
আৰু কি কৰিলো জানা
দিম তোমাক জীৱনেে মৰণে নেৰাৰ প্ৰতিশ্ৰুতি
যদি দিয়া মৰম সঁচা!
মিৰিজীয়ৰী পানেইৰ দৰে
মোক হিয়া দিবানে?
জীৱন মৰণৰ লগৰী
তুমি বাৰু হবানে?
সোৱণশিৰী বৈ যায় বহু দূৰলৈ
মনত পৰা নাইনে তোমাৰ
সৰু কালৰ খেল-ধেমালি বোৰলৈ?
মই জংকী হৈ ফুৰিম তোমাক বিচাৰি
তুমি যদি থাকা ক’ৰবাত পলাই
মানুহে মৰমক নুবুজে কিয়নো
হিয়াখন যে ভাঙি চিঙি যায়!
এই জনমত মিলনত নহলেও
হ’ম গৈ পিছৰ জনমত
তথাপিও ঘুণ লাগিব নিদিবা
আমাৰ সঁচা মৰমত৷
একেলগেই জীয়াই থাকিম
লাগিলে মৰিম একেলগে
পিছৰ জনমতো ভগৱানে
আমাক শান্তি নিদিবনে চাগে!
ঘৰখনে মিলনত বাধা দিলেও
আমি দুয়ো থাকিম একেলগে
আমি আতৰি গলে
সকলোৱে মৰম বুজিব চাগে৷
অ’ মোৰ পানেইজনী মোৰ
তোমাৰ বাবেই দিম সকলো
সোৱনশিৰিত ধুম গৈ দুধাৰি চকুলো৷

Wednesday, 15 April 2020

গুগলৰ (Google) বিষয়ে জানো আহক

১/গুগলৰ আৰম্ভণি ( স্থাপন) ১৯৯৮ চনৰ ৪ ছেপ্তেম্বৰত হৈছিল৷
২/গুগলৰ সংস্থাপক হ’ল লেৰী পেজ ( Larry Page ) আৰু চাৰ্জে ব্ৰীন ( Sergey Brin)
৩/গুগুলৰ মুখ্য কাৰ্যালয় ( Headquarter) ১৬০০ এম্পিথিয়েটাৰ,পাৰ্ক ৱে মাউণ্টেইন ভিউ, কেলিফৰ্ণিয়াত ( 1600 Amphitheater,Park way Mountain View,California) আছে৷
৪/সুন্দৰ পিচাই (Sundar Pichai) গুগলৰ বৰ্ততমানৰ CEO ৷
৫/ৰুথ পোৰাট ( Ruth Porat) গুগুলৰ বৰ্তমানৰ CFO ৷
৬/গুগলৰ সংস্থাপক Larry Page আৰু Sergey Brin ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ( Stanford University)  Ph.D ৰ Student আছিল৷
৭/গুগল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ( আমেৰিকা USA ) এটা প্ৰযুক্তি  কোম্পানী৷
৮/গুগলৰ মুঠ Net Worth প্ৰায় 632 বিলিয়ন৷
৯/গুগলৰ মুঠ কৰ্মচাৰী প্ৰায় ১১৪০৯৬ জন৷
১০/গুগল চীনদেশত নিষিদ্ধ কৰা আছে৷
১১/গুগল প্ৰায় ১০৯ টা ভাষাত উপলব্ধ৷
১২/Google ৰ সম্পূৰ্ণ ৰূপটো  হৈছে Global Organization of Oriented Group Language of Earth 
১৩/গুগলত যিকোনো প্ৰশ্নৰ উত্তৰ মজুত আছে৷
১৪/গুগলে অতি ক্ষিপ্ৰতাৰে উত্তৰ প্ৰদান কৰে৷
১৫/google.com বিশ্বৰ আটাইতকৈ বেছি Visit কৰা ৱেবছাইট৷
১৬/২০০৪ চনৰ ১৯ আগষ্টত Google পাব্লিক লিমিটেড  কোম্পানীলৈ পৰিণত হয়৷
১৭/গুগলৰ বৰ্তমানৰ CEO সুন্দৰ পিচাই এজন ভাৰতীয়৷
১৮/আমি সাধাৰণতে গুগল Search Engine হিচাপে ব্যৱহাৰ কৰো৷
১৯/Google Pixel গুগলে নিৰ্মাণ কৰা Smartphone
২০/Google Dua আৰু Hangout ৰ সহায়ত ভিডিঅ’ কলিং আৰু মেছেজ কৰিব পাৰি৷
২১/গুগলে Gmail ৰ দ্্বাৰা Email ৰ সেৱা প্ৰদান কৰে৷
২২/Google Translate ৰ সহায়ত বিশ্বৰ যিকোনো ভাষা অন্য বেলেগ ভাষালৈ সহজে
অনুবাদ কৰিব পাৰি৷
২৩/Google Map ৰ সহায়ত বিশ্বৰ বিভিন্ন ঠাইৰ মানচিত্ৰ অতি সহজতে পাব পাৰো৷
২৪/গুগলে Google docs,Google sheets,Google drive,Google earth,Google keep আদিৰ সহায়ত বিভিন্ন সেৱা আগবঢ়াই৷
২৫/Google Calendar ৰ সহায়ত দিন,বাৰ,তাৰিখৰ লগতে দিৱসসমূহ জনাত সহাায়ক হয়৷
২৬/গুগলৰ সহায়ত Google sites আৰু blog site বনাব পাৰি৷
২৭/গুগল কোম্পানীৰ Unofficial Slogan হ’ল “Don't be evil”
২৮/ক্ৰেইগ চিলভাৰষ্টেইনক ( Craig Silverstein) গুগলে প্ৰথম কৰ্মচাৰী হিচাপে hire কৰিছিল৷
২৯/১৯৯৭ চনৰ ১৫ চেপ্তেম্বৰত গুগলে নিজৰ Domain Name পঞ্জীয়ন কৰিছিল৷
৩০/Google Adsense আৰু Admobe ৰ সহায়ত টকা উপাৰ্জন কৰিব পাৰি৷
৩১/বিশ্বৰ ৫০ খন দেশত গুগলৰ ৭০ টা কাৰ্যালয় আছে৷
৩২/Google ৰ Headquarter ৰ নাম হল Google Plex
৩৩/গুগলৰ মালিক ( Owner) হ’ল Alphabet Inc.
৩৪/গুগলৰ CEO সুন্দৰ পিচাই বছৰি ২ মিলিয়ন দৰমহা হিচাপে লাভ কৰে৷
৩৫/প্ৰতি ছেকেণ্ডত প্ৰায় ৬৩০০০ লোকে Google চাৰ্চ (Search) কৰে৷
৩৬/গুগুলত চাৰ্চ কৰাক শীৰ্ষত ফেচবুক,ইউটিউব,আমাজন,জিমেইল অন্যতম৷
৩৭/Google Play Store ত Android ৰ ব্যৱহাৰ উপযোগী App সমূহ উপলব্ধ৷
৩৮/Android Operating System Developed ৰ কাম Google য়ে কৰে৷
৩৯/Google ৰ শুদ্ধ ৰূপটো হৈছে Googol ৷ ইয়াৰ অৰ্থ হৈছে ১ পিঠিত ১০০ টা শূন্য৷
৪০/গুগলৰ ৰ প্ৰথম নাম BackRub আছিল৷



*তথ্য সমূহ ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা 

Monday, 13 April 2020

ফেচবুকৰ (Facebook)বিষয়ে জানো আহক

১/ফেচবুকৰ আৰম্ভ ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে হৈছিল৷
২/ফেচবুকৰ আৰম্ভ মাৰ্ক জুকাৰবাৰ্গেে কৰিছিল৷
৩/প্ৰথমে ফেচবুকৰ নাম The Facebook আছিল৷
৪/২০০৫ চনৰ আগষ্ট মাহত The Facebook ৰ সলনি Facebook নাম দিয়া হয়৷
৫/ফেচবুকৰ সংস্থাপক কেইজন হল -- মাৰ্ক জুকাৰবাৰ্গ,এডুৱাৰ্ড চাভেৰিন,ডাষ্টিন মস্কভাইট,ক্ৰিছ হিউজেছ
৬/ফেচবুকৰ মুখ্য কাৰ্যালয় মেনলো আল্টো ,কেলিফৰ্ণিয়া আমেৰিকাত আছে৷
৭/মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ বৰ্তমানৰ CEO
৮/ফেচবুক ব্যৱহাৰ কৰিবৰ বাবে একাউণ্ট খুলিব লাগিব তাত নিজৰ নাম,বয়স,শিক্ষাগত অৰ্হতা,শিক্ষানুষ্ঠানৰ নাম,ঠিকনা আদি দিব লাগে৷
৯/ফেচবুকত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৩৯৬৫১ জন৷
১০/ফেচবুকত এজন ব্যক্তিয়ে ৫০০০ জনৰ লগত বন্ধুত্ব কৰিব পাৰে৷
১১/২০০৯ চনৰ ৯ ফেব্ৰুৱাৰীত ফেচবুকত লাইক (Thumbs up)বুটাম (Button) আৰম্ভ কৰা হৈছিল৷
১২/২০১০ চনৰ জুন মাহত ফেচবুকত কমেণ্ট বুটাম সংযোগ কৰিছিল৷
১৩/২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকত Love, Haha, Wow,Sad,Angry বুটাম সংযোগ কৰা হৈছিল৷
১৪/ফেচবুকৰ বিশ্বৰ আটাইতকৈ বেছি লোকে ব্যৱহাৰ কৰা Social Networking Site হয়৷
১৫/ফেচবুকৰ জৰিয়তে মেচেজ কৰিব পাৰি৷এই Facebook Chat বা মেছেজ দিয়া প্ৰক্ৰিয়া ২০০৮ চনত আৰম্ভ হৈছিল৷
১৬/ফেচবুক Story ত ফটো বা ভিডিঅ’ বন্ধুৰ লগত ২৪ ঘণ্টাৰ বাবে চেয়াৰ কৰিব পাৰি৷
১৭/ফেচবুক প্ৰায় ১০১ টা ভাষাত উপলব্ধ৷
১৮/ফেচবুকৰ নেট ৱৰ্থ (Net Worth)প্ৰায় ৮২ বিলিয়ন৷
১৯/ফেচবুকত প্ৰায় ২.৪৫ বিলিয়ন মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী ( Monthly Active Users)আছে৷
২০/ফেচবুকে মেছেঞ্জাৰ (Messenger) ২০১১ চনৰ ১৯ অক্টোবৰ তাৰিখে Launched কৰিছিল৷
*তথ্য সমূহ ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা

Sunday, 12 April 2020

স্বপ্নদ্ৰষ্টা

বহুতে যে কয় চকুৰ আতৰ হলে মনৰো আতৰ হয়
ক’তা মোৰ দেখোন মনৰপৰা
এখন্তেকো আতৰ নহলা তুমি!
কেইটা বসন্ত,কেইটা শৰৎ পাৰ হৈ গল
মোৰ ক’ত সপোনৰ স্বপ্নভংগ হল
এটি সপোনে মাত্ৰ জীয়াই থকাৰ প্ৰেৰণা দিয়ে!
গোলাপক সুধিলো তোমাৰ কথা
আৰু সুধিলো শালিকা চৰাইজনীক
তুমি বোলে ব্ৰহ্মপুত্ৰৰ সিপাৰে আছা৷
বহুজনে অতীতক পাহৰি যায়
সপোন সপোন বুলি হাবাথুৰি খায়
মই যে স্বপ্নদ্ৰষ্টা 
এদিন তোমাক নিশ্চয় লগ পাম!
১২/১২/২০১২

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...