আহা শ্ৰীকৃষ্ণ,তুমি দ্বাৰকাৰ পৰা,
তুমি নথকাৰ বাবে বেয়া লাগিছে
পুৰী,বৃন্দাবন,মথুৰা৷
মথুৰাৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত
অষ্টম পুত্ৰ হৈ লৈছিলা জনম,
কিয়নো গুচি গ’লা এৰি থৈ সকলো
পৃথিৱীৰ সকলো হৈছে আজি অধম৷
শ্ৰীকৃষ্ণ তুমি ভগৱান আমাৰ
তুমি আমাৰ সৃষ্টিকৰ্তা,পালনদাতা
তোমাৰ দ্বাৰকা এৰি তুমি
আকৌ এবাৰ ইয়ালৈ আহা৷
মহাভাৰতৰ ৰণত তুমি আছিলা
অৰ্জুনৰ সাৰথি,
আজি বাৰু আছেনে তোমাৰ প্ৰিয়া
ৰাধিকা সুন্দৰী?
ষোল্লশ গোপীয়েও তোমাক নাটিলে
নিলা তুমি ভালুকৰ কইনা
কৰিলা স্বৰ্গৰ পাৰিজাত হৰণ,
তোমাৰ তযু চৰণত প্ৰভু
মূৰ দোৱাই লৈছো শৰণ৷
কৃষ্ণৰূপে অৱতাৰ ধৰি
কৰিলা অসংখ্য দেৱ মানৱৰ লীলা,
মাতৃ যশোদাক মুখৰ ভিতৰত
গোটেই বিশ্বব্ৰহ্মাণ্ড দেখুৱালা৷
পাঁচ বছৰ বয়সত লগৰীয়াৰ লগত
চৰাইছিলা গৰু
সমনীয়াৰ লগত কৰিছিলা দুষ্ট কাম,
আজিৰ গোটেই জগতত
সকলোৰে মুখত তোমাৰ মাত্ৰ নাম৷
নাগৰাজৰ শিৰত উঠি
নদীৰ বুকুত নাচি নাচি
ক’তনো গলা প্ৰভু তুমি আজি?
যুগে যুগে অৱতাৰ
ধৰা বাৰে বাৰে
কৃষ্ণৰূপে বধিলা পাপী কংসক
উগ্ৰসেনক সিংহাসনত বহুৱাই
কৰিছিলাা দুষ্টক দমন শান্তক পালন৷
মোহিনীৰ ৰূপেৰে দেৱতাক
অমৃত পান কৰাইছিলা
অসুৰক খুৱাইছিলাা সুৰা,
হে কৃষ্ণ তুমি আজি আহি
দানৱৰূপী মানৱক বধ কৰা৷
স্বৰ্গ,মত্য,পাতাল এই
ত্ৰিজগতৰ অধিকাৰী,
কৰি গৈছিলা যুগমীয়া কৰ্ম
যুগে যুগে অৱতাৰ ধৰি৷
মহাভাৰতৰ ৰণৰ দৰে
হোৱা আজি অহিংসাৰ যুঁজৰ সাৰথি
সুদৰ্শন চক্ৰৰে কৰা মুণ্ডচেদ
ৰক্তপিপাসু আৰু শোষণকাৰীক
ৰোধ কৰা পৃথিৱীবাসীৰ অপকৰ্ম৷
হিংসা,বিদ্বেষ,প্ৰতিশোধৰ জুই
আজি দপদপাই জ্বলিছে,
সেই জুইত পৰি ক’ত
নিৰীহ মানুহ মৰিছে!
হে কৃষ্ণ,হাতত লৈ বাঁহী
বজোৱাহি যমুনা নদীৰ পাৰত
গোপীৰ কাপোৰ লুকুৱাইছিলা গছৰ ডালত৷
শংখ,চক্ৰ,গদা,পদ্ম
চাৰিহাতে থাকা ধৰি
দুষ্টক দমন শান্তক পালন কৰা
যুগে যুগে অৱতাৰ ধৰি৷
পৰশুৰাম হৈ মাতৃক কাটি
ল’লা যে পাপৰ ভাৰ,
তুমি পাপৰ পৰা মুক্তি পাবৰ বাবে
কাটিলা ব্ৰক্ষ্মকুণ্ডৰ পাৰ৷
আহা শ্ৰীকৃষ্ণ মোৰ ভগৱান
বাঁহীৰ সুৰেৰে দুখীৰ অন্তৰ
কৰাহি সুখী৷
পৃথিৱীত স্থাপন কৰাহি
শান্তি,মৰমৰ,ভালপোৱা অহিংসাৰ দেশ,
পৃথিৱী ভৰিছে পাপী অপৰাধীয়ে
অসভ্যই লয় সভ্যৰ ছদ্মবেশ!
মোৰ কাকুতি শুনিবানে প্ৰভু
আহিবানে দ্বাৰকা এৰি
মুখত মিছিকিয়া হাঁহি
হাতত বাঁহীটি লৈ,
আহা প্ৰভু আকৌ এবাৰ পৃথিৱীলৈ৷