Sunday, 31 May 2020

জন্মদিন

শিক্ষক আৰু ছাত্ৰছাত্ৰী কৌতুক Teacher Students Jokes

কৌতুক ১
এবাৰ এজন ছাত্ৰই স্কুলত শিক্ষকৰ পৰা পিতন খোৱাৰ পিছত ছুটী দিয়াৰ লগে লগে সেই শিক্ষকজনৰ ঘৰত উপস্থিত হ’ল৷ল’ৰাটোৱে মাতিলে ক্ষন্তেক সময়ৰ পাছতে ছাৰৰ ঘৈণীয়েক বাহিৰলৈ ওলাই আহিল৷
ছাত্ৰ: ৰাজু ,ছাৰৰ ঘৰ এইটো হয়নে?
ছাৰৰ ঘৈণীয়েক : উম হয়৷
ছাত্ৰ : আপুনি কোন?
ছাৰৰ ঘৈণীয়েক : মই তেওঁৰ পত্নী৷
ছাত্ৰ : আপুনি যদি ছাৰৰ পত্নী তেন্তে ছাৰক স্কুলত সদায় মূৰ পিটিকি দিয়া জনী কোন হয়?
ছাৰৰ ঘৈণীয়েক : (আচৰিত হৈ) কি? ৰবা আজি ছাৰক ঘৰলৈ আহিব দিয়া বেলনা মাৰিৰে পিটিম৷
ছাত্ৰজনে মিছিকিয়াই হাঁহি ছাৰৰ ঘৰৰ পৰা গুচি আহিল৷

কৌতুক ২
শিক্ষক : কোৱাচোন মহিম আইনষ্টাইন কোন আছিল?
মহিম : নাজানো ছাৰ৷
শিক্ষক : গ্ৰাহাম বেল কোন আছিল ?
মহিম : নাজানো ছাৰ ৷
শিক্ষক : আৰ্যভট্ট কোন আছিল?
মহিম : নাজানো ছাৰ৷
শিক্ষক :(খঙেৰে) কিবা জান’নে বুৰ্বক ? কেতিয়াবা পঢ়াত মন দিলেহে ৷
মহিম : ৰাহুল,যতীন,ৰাজু,পংকজ , নিখিল কোন জানেনে ছাৰ ?
শিক্ষক : নাজানো সেইবোৰ কোন?
মহিম : কেতিয়াবা জীয়েকৰ পিনে মন দিলেহে৷


কৌতুক ৩
শিক্ষক আজি তোমালোকে নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে ক’বা৷মই এফালৰ পৰা সুধি যাম তোমালোকে কৈ যাবা৷শিক্ষকে সকলোকে এফালৰ পৰা সুধি গ’ল৷এফালৰ পৰা ছাত্ৰছাত্ৰী সকলে শিক্ষক,ডাক্তৰ,ইঞ্জিনীয়াৰ,বিজিনেছ মেন,নেতা হম বুলি কৈ গ’ল৷
ছাৰে কিন্তু নিখিলৰ উত্তৰ শুনি ঠাইতে ৰৈ গ’ল৷

শিক্ষক : কোৱাচোন নিখিল তুমি ডাঙৰ হ’লে কি হ’বা?
নিখিল : ছাৰ মই আপোনাৰ জোৱাই হম৷


কৌতুক ৪
ছাৰ ক্লাছৰ পৰা ওলোৱাৰ লগে লগে শ্ৰেণীকোঠাতো কোলাহলে ভৰি পৰিল৷কাৰো মাত ক’তো নুশুনি এনে পৰিৱেশ৷বহু সময় ধৰি হূলস্থূল কৰিলত ছাৰ ক্লাছলৈ আকৌ আহিল৷আহিয়েই খঙেৰে ক’লে “এইখন তোমালোকে মাছৰ বজাৰ পাইছা নেকি?”
পিছফালৰ পৰা প্ৰবিত্ৰই মাত লগালে ,হয় ছাৰ আমি মাছ আৰু আপুনি মাছ বেপাৰী৷



কৌতুক ৫
শিক্ষকে এটা গাধৰ সন্মুখত এক বাল্টি পানী আৰু এবটল মদ ৰাখিলে৷গাধটোৱে গোটেই খিনি পানী খালে৷
শিক্ষকজনে ছাত্ৰছাত্ৰীৰ ফালে চাই সুধিলে “ ইয়াৰ পৰা কি বুজিলা?”
শ্ৰেণীৰ সকলোৱে একেলগে উত্তৰ দিলে, 
“ছাৰ যি মদ নাখায় সি গাধ৷”



কৌতুক ৬
শিক্ষক : নালায়ক,বুৰ্বক কেতিয়াবা কিতাপ পঢ়ি পাইছনে? বুক কেইখন কেতিয়াবা খুলি চাইচনে?
সঞ্জু :ছাৰ,মই সদায় বুক চাওঁ৷
শিক্ষক : কোনখন বুক?
সঞ্জু : ফেচবুক৷


কৌতুক ৭
শিক্ষক : (পাপুলৈ আঙুলিয়াই দি) পাপু এটা নীতিশিক্ষা থকা কাহিনী শুনোৱা৷

পাপু : মই মোৰ গাৰ্লফ্ৰেণ্ডক ফোন কৰোতে তাই শুই আছিল আৰু তাই  ফোন কৰোতে মই শুই আছিলো৷এই কাহিনীটোৰ নীতিশিক্ষা হ’ল
“যেনে কৰ্ম তেনে ফল”


কৌতুক ৮
শিক্ষকে পৰীক্ষাত চাৰিপৃষ্ঠাজোৰা এখন ৰচনা লিখিবলৈ দিলে৷ৰচনাৰ বিষয় হ’ল “এলাহ”
এজন ছাত্ৰই তিনি পৃষ্ঠা একো একো নিলিখি এৰি দি চতুৰ্থ পৃষ্ঠাটোত ডাঙৰ ডাঙৰ আখৰেৰে লিখিলে “এয়াই এলাহ ”



কৌতুক ৯
শিক্ষক : কোৱাচোন ভাৰতৰ বিপদজনক নদীখন কি?
ছাত্ৰ : ভাৱনা
শিক্ষক :কেনেকৈ?
ছাত্ৰ : কাৰণ ছাৰ ইয়াত সকলো উটি ভাহি যায়৷


কৌতুক ১০
শিক্ষক : কাণেৰে নুশুনা মানুহক কি বুলি কোৱা হয়?
ছাত্ৰ : তেওঁক মন গলে যিটি কব পাৰি কাৰণ তেওঁতো একো নুশুনেই৷

Thursday, 28 May 2020

হাঁহো আহক ( কৌতুক )

কৌতুক ১
ঘৰৰ কোঠাবোৰৰ নাম 
বিদেশত : Kitchen , Bedroom , Guest room, Store Room, Drawing Room
অসমত : দেউতাৰ কোঠা বা ৰুম, টিভি থকা ৰুম,ডাঙৰ ৰুম, প্ৰাৰ্থনা  কৰা ৰুম,আমি শোৱা ৰুম৷

কৌতুক ২
ATM ৰ পৰা পইছা উলিয়াই তাতে লগে লগে হিচাপ কৰা সকললৈ এটি সৰু প্ৰশ্ন ( Masum sa sawal)
ধৰি লোৱা পইছা কমকৈ ওলাল তেতিয়া কি ঘটিটো কৰিবা?

কৌতুক ৩
গাখীৰৰ ভিতৰত যিদৰে ঘিউ,মাখন লুকাই থাকে ঠিক সেইদৰে কিছুমানৰ বাবে পাতি লোৱা ভন্তিজনীৰ ভিতৰত প্ৰেমিকা,পত্নী লুকাই থাকে৷

কৌতুক ৪
এগৰাকী মহিলা ফলৰ দোকানলৈ গৈ দোকানীজনক ক’লে মোক ১kg Dancing Husband দিয়ক৷বেচেৰা দোকানীজনে আধাঘণ্টামান মানুহগৰাকীৰ মুখলৈ চাই থাকিল৷মানুহজনীয়ে আঙুলিয়াই দেখুৱাই দিয়াত হে গম পালে যে মানুহগৰাকীক ১ কেজি নাচপতি লাগে৷

কৌতুক ৫
দুজনী বান্ধৱী বহুদিনৰ মুৰত লগপালে ৷ভালবেয়া খবৰ লোৱাৰ পাছত

প্ৰথম বান্ধৱী : আজিকালি মোৰ ল’ৰাবোৰৰ ওপৰত অলপো বিশ্বাস নোহোৱা হৈছে৷

দ্বিতীয় বান্ধৱী : কিয়? কি কৰিলেনো ল’ৰাবোৰে তোৰ লগত?

প্ৰথম বান্ধৱী : আৰে কিনো কবি কালি মোক মোৰ Boyfriend য়ে ধৌকা দি দিলে!

দ্বিতীয় বান্ধৱী : ( আচৰিত হৈ) কেনেকৈ?

প্ৰথম বান্ধৱী : কালি সি মোক বেলেগ Boyfriend টোৰ লগত একেলগে ঘুৰি থকা দেখিলে আৰু লগে লগেই Break up দিলে৷ কিন্তু সি কৈছিল তিনিদিন মান ঘৰত নাথাকো বুলি৷ সেয়ে ল’ৰাবোৰৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই৷

কৌতুক ৬

ছোৱালী :মই তোমাৰ প্ৰেমত পৰি ধ্বংস,বৰ্বাদ হৈ গ’লো ,বদনাম হৈ গলো৷

ল’ৰা: আৰে পাগলী ,মই তোৰ প্ৰেমত পৰি কি ডাক্তৰ, ইঞ্জিনীয়াৰ হৈ গ’লো৷ পকৰী বেছি আছো ১০ টকাত ৫ টা ৷লাগে যদি ল’৷


কৌতুক ৭

সি বিয়া পতাৰ আগত কৈছিল বেবী মই তোমাৰ বাবে সকলো কৰিব পাৰিম৷কালি মই সিহঁতৰ ঘৰলৈ গৈছিলো৷বেচেৰাই কাপোৰ ধুই দি বাচন মাজি আছিল৷

সেইবাবেই প্ৰতিশ্ৰুতি দিওঁতে ভাবিগুণি দিব লাগে৷ 
(বৰলাৰ বাবে সতৰ্কবাণী)


কৌতুক ৮

ল’ৰা এটাই ভগৱানক প্ৰাৰ্থনা কৰি কৈছে হে ভগৱান মাৰ সকলো আশা পূৰ্ণ কৰি দিয়া৷

ল’ৰাটোৰ প্ৰাৰ্থনা শুনি ভগৱান হাঁহিত ক’ব নোৱাৰা হ’ল৷তাকে দেখি লক্ষ্মী মায়ে সুধিলে , কি হ’ল প্ৰাণনাথ? ইমান হাঁহি কিয়?

ভগৱানে হাঁহি সামৰি কলে , যিটো বালকে মাকৰ আশা পূৰ্ণ হওক বুলি মোক প্ৰাৰ্থনা কৰিছে সি হয়তো নাজানে যে তাৰ মাকে তাৰ মবাইলটো বেয়া হোৱাটো বিচাৰে৷

কৌতুক ৯

মডাৰ্ণ লেডী : Very fine তুমিতো বহুত ধুনীয়াকৈ ফেচিয়েল আৰু ক্লীন আপ কৰি দিলা৷কিমান বছৰৰ অভিজ্ঞতা আছে তোমাৰ?

পাৰ্লাৰৰ ছোৱালীজনী: মেডাম, আজি মোৰ বিউটিপাৰ্লাৰত প্ৰথমটো দিন৷ কালিলৈকে মইতো বাচন বৰ্তন ধোৱা কাম কৰিছিলোঁ৷


কৌতুক ১০

Husband : কি হ’ল তোমাৰ ? ৰাতিৰে পৰা কিবা ভয়,ভয় ভাৱত আছা যে?

Wife : কালি Makeup নকৰাকৈ ৰাতি দাপোণ চাইছিলোঁ তেতিয়াৰে পৰাই ভয় ভাৱটো লাগি আছে৷

Husband :(হাঁহি হাঁহি কব নোৱাৰা হৈ ) সেইবাবেইটো মই সদায় সেই তুপি খাওঁ মোৰ যাতে ভয় নালাগে৷

Wednesday, 27 May 2020

কেইটামান হাঁহি উঠা শ্বায়েৰী Hindi Funny Shayari

Funny Shayari 1.

Kash pyar ka insurance ho jata
Pyar karne se pehle premium bharwaya jata
Pyar mein wafa mili to theek warna
Bewafaon pe jo kharcha hota uska claim to mil jata


Funny Shayari 2.

Meri prem kahani ka kya ajeeb ending tha
Meri prem kahani ka kya ajeeb ending tha
Maine propose kiya SMS se
Kambakht woh uski shadi tak pending tha

Funny shayari 3.

Khud ka bachcha roye to dil mein dard hota hai
Kisi aur ka roye to sar mein dard hota hai
Khud ki biwi roye to bhi sar mein dard hota hai
Kisi aur ki roye to dil mein dard hota hai

Funny shayari 4.

Jab koi Zindagi mein bahut khas ban jaye
Uske baare mein sochna hi uska ehsas ban jaye
To maang lena khuda se use Zindagi bhar ke liye
Is se pahle ki uski maa kisi aur ki saas ban jaye

Funny shayari 5.

Nazar na lag jaye Aankhon mein kajal laga lo
Ham kahte hai Aankhon mein kajal hi nahin
Ho sake to
Gale mein neeboo mirchi chappal bhi latka lo

Funny shayari 6.

Nazaren mili to khyalat kho gaye
Nazren jhuki to savalaat ho gaye
Aur itna ghumaya use pyar mein
Shoping karate karate kangaal ho gaye


Funny shayari 7.

Arz kiya hai
Beizzati aur Biwi ajeeb cheej hoti hai
Gaur farmaiyega
Beizzati aur Biwi ajeeb cheej hoti hai
Achchhi tabhi lagti hai jab dusre ki hoti hai

Funny shayari 8.


Kis kis ka naam le apni barbadi me
Babut log aaye the Duayen dene shadi me


Funny shayari 9.


Zulfo me phoolon ko saja kar aayi hai
Chehre se Dupatta utha kar aayi hai
Kisi ne pucha ki kitni khubsoorat lag rahi hai
Hamne kaha shayad aaj naha kar aayi hai


Funny shayari 10.

Wo bewafa hai to kya hua mat bura kaho usko
Tum mujh se set ho jao duffa karo usko

#collected

Monday, 25 May 2020

কোনেও নাজানে

যিমানেই আপোনজন বা মৰমৰ জন নহওক কিয়
লগত যে কোনো নাযায়,
সকলো জীৱ-জন্তুৰে আছে মৰণ
চৰণেহে জানে মৰণৰ ঠাই৷

যিমানেই মৰমৰ বস্তু নহওক কিয়
তাকো যে লগত নিব নোৱাৰি,
এই দুদিনীয়া জীৱন আমাৰ
এৰিথৈ যায় সকলোকে আতৰি  !

জনম লভিলে এদিন মৰিবই লাগিব
সেইটো নিয়ম ধৰাবন্ধা,
সুন্দৰ সেউজী আমাৰ পৃথিৱী
জন্ম মৃত্যু চলি আছে সৃষ্টিৰপৰা৷

কোনেও নাজানে নিজৰ শেষৰ ঠাইৰ কথা
ভৱিষ্যতে কি বাৰু হ’ব,
আত্মাই বোলে কেৱল দেহটো সলাই
আত্মা অমৰ হৈ ৰয়৷

সকলোকে মৰমেৰে বন্ধুত্ব ভাৱে
অহিংসাৰে মৰম কৰি,
এৰি থৈ যাব লাগিব এদিন সকলো
সময়ৰ হাতত ধৰি৷

Sunday, 24 May 2020

দুখ

দূূূূৰলৈ গৈও দূূূৰলৈ যাব নোৱাৰিম
কিমান কান্দিম মই তোমাক বুজাব নোৱাৰিম,
দুখ এইবাবে নহয় যে তোমাক কাষত নাপাওঁ
দুখ এইবাবেই লাগিব যে মই কেতিয়াও তোমাক পাহৰিব নোৱাৰিম!

Monday, 18 May 2020

নদী

দুখন ঠাইৰ মাজেদি গ’ল
এখনি নদী বৈ,
জীয়াই আছো মই
বেদনাৰ স্মৃতিক লৈ৷

টকাৰ প্ৰতি প্ৰবল মোহ
জীৱৰ প্ৰতি যে নাই,
বুজা নাছিলো তেতিয়া একোকে
ভাবিলে এতিয়া চকুলো ওলাই৷

দয়াৰ অভাৱ নাছিল তাত মৰম
টকাৰ লোভত গৈছিল পাহৰি,
নাযাওঁ এতিয়া ভিক্ষা খুজিবলৈ
নাযাওঁ অতীতৰ কথা পাহৰি৷

হিয়াৰ আঘাত শুকুৱাব নোৱাৰি
থাকে কেঁচা হৈ সদায়,
পৰিছিল দুচকুৰ তপত অশ্ৰু
দুখীয়াৰ হয় কি যে বিলাই৷

স্মৃতিৰ চৰাই উৰে সদায়
মোৰ লগত ভগ্ন হিয়াত,
মানুহ হব নাপায় 
অন্ধ টকাৰ মায়াত !

Sunday, 17 May 2020

ভাললগা কেইটামান শ্বায়েৰী Hindi Romantic Shayari 2

1.
Zarori tu nehi ki insan pyar ki murot ho
Zarori tu nehi ki insan achcha aur khubsoorat ho
Par sab se sundar wo insan hai
Zo aapke sath ho jab aapko uski zarorat ho

2.
Har shyam se tera intezar kiya karte hai
Har khwab mai tera didar kiya karte hai
Diwane hi tu hum tere
Jo har waqt tere milne ka intezar kiya karte hai

3.
Roti hui aankho mai intezar hota hai
Na chahte huye bhi pyar hota hai
Kyu dekhte hai hum wo sapne
Jinke tutne par bhi unke sach hone ka intezar hota hai

4.
Zindagi guzar rahi hai
Imtihano ke daur se
Ek zakm bharta nehi aur
Dusra aane ki zid karta hai

5.
Zindagi usi ki hai
Jo muskurana janta hai
Aur roshni bhi usi ki hai
Jo shama ko jalana janta hai
Mandir,Masjid,Gurudwar,Church yu tu
Saro taraf hai
Lekin ishwar usi ki hai
Jo sar ko jhukana janta hai

6.
Sirf mohabbat ko hi badnam
Kar rakha hai logo ne
Barna dhoke tu
Sat phero ke baad bhi hote hai

7.
Sari raat tumhari yado me khat likhte rahe
Par dard hi itna tha ki
Akhsh bahte rahe
Aur alfaz mitte rahe

8.
Log kahte hai mujhe ki aajkal bada
Muskura raha ho
Ab inhe kya pata
Bahut sare dard dil mai hi supa raha ho

9.
Jab aapko ehsash ho jaye ki
Kisi ki zindagi mai aap bujh ke
Shibay kuch bhi nehi hai tu
Khamoshi se uski zindagi se dur chale jana chahiye
Kyun ki mohabbat judai bardast kar
Sakta hai lekin bezzati nehi

10.
Sirf mohabbat ko pana hi mohabbat nehi hoti
Kabhi tum bhi kar lete aitbar tu ye doori na hoti
Maf kar dena galtiyo ko meri
Tumhe chot pahunche aishi kabhi meri tamanna nehi hoti


#Collected

সময়

সময়ে কৈ যাব কোন আপোন
কোন হ’ব পৰ,
কোনে হিয়াত লগাব মলম
কোনে মাৰিব শৰ৷

সময়ে ক’ব তোমাৰ মূল্য
সময়েই উত্তৰ দিব সকলো,
সময়েই উপহাৰ দিব
হাঁহি আৰু চকুলো ৷

পাই যাবা হেৰুৱাই যাবা
এইয়াই নিয়ম জীৱনৰ,
লাহে লাহে বুজিবা এদিন
পাৰ্থক্য বাস্তৱ আৰু সপোনৰ !

চিনাকিৰ মাজতে অচিনাকি পাবা
সময়েই দেখুৱাই দিব,
তুমি দিয়া উপহাৰবোৰ 
সময়ে এদিন প্ৰতিদান দিব৷

সময়ৰ কাম সময়ত কৰিলে
সময়ত কৰিব নালাগে দুখ,
সকলোৰে ভাল সময় আহক
হাঁহিৰে উপচি পৰক মুখ৷

১৬/০৫/২০২০

Saturday, 16 May 2020

ভাললগা কেইটা মান শ্বায়েৰী Hindi Romantic Shayari

1.
Tumse guzare mere andhere 
Tumhe sukar sabere ho gaye
Kya jado hai tere wajod mai
Hum be wajah hi tere ho gaye

2.
Kish kam ki rahi
Ye dikhawe ki zindagi
Wade kiye kisi se
Guzare kisi aur ke sath

3.
Na jane kish sakht ka intezar hume aaj bhi hai
Sakon tu bahut hai par dil bekarar aaj bhi hai
Tumne hume nafrato ke siwa kuch nehi diya lekin
Hume tumhari nafrato se pyar aaj bhi hai

4.
Nahi hai shikwa teri berukhi ka
Shayad mujhe hi tere dil mai
Ghar banana nehi aaya

5.
Teri palko pe khuab rakh gaya koi
Teri sanso pe nam likh gaya koi
Chalo wada raha bhool jana hume
Agar humse achcha yar tumhe mil gaya koi

6.
Aap khud nehi jante aap kitne pyare ho
Jaan tu humari par jaan se pyare ho
Duriya ke hone se koi fark nehi padta
Aap kal bhi humare the aaj bhi humare ho

7.
Lamhe judai ko bekarar karte hai
Halat mere mujhe lachar karte hai
Aankh meri padlo kabhi
Hum khud kaise kahe ki aapse pyar karte hai

8.
Chehra to mil jayega humse bhi khubsoorat
Par jab baat dil ki aayegi na
Har jayogi tum

9.
Tute huye kanch ki tarah chaknasur ho gaya
Kisi ko lag na jao isliye sabse dur ho gaya

10.
Teri dhadkan hi zindagi ka kissa hai mera
Tu zindagi ka ek aham hissa hai mera
Meri mohabbat tujhse sirf lafzo ki nehi hai
Teri rooh se rooh tak ka rishta hai 

#collected



Thursday, 14 May 2020

হেৰাই যোৱা বন্ধুত্ব

প্ৰেমৰ দৰেই কেতিয়াবা বন্ধুত্বৰ সম্পৰ্কও হেৰাই যায় মাথোঁ ৰৈ যায় মধুৰ স্মৃতিবোৰ
যিবোৰে বৰ্তমান কাঁইট হৈ বিন্ধে ৷

Wednesday, 13 May 2020

মই এতিয়াও তোমাক ভালপাই আছো

তুমি পাহৰিছা যদিও 
এতিয়াও মই তোমাক ভালপাই আছো
আৰু আজীৱন পাই থাকিম !
যি আঁকিলো তোমাৰ ছবি
কেনেকৈ হিয়াৰ পৰা মোহাৰিম
তুমি নিষ্ঠুৰ,শিলাময় অন্তৰৰ বুলি
মইতো তেনে হ’ব নোৱাৰো
তোমাৰ প্ৰতি ভালপোৱাক লৈ মই
আজীৱন কটাব বিচাৰো ৷
তুমি আজি আনৰ হ’লাগৈ মোৰপৰা আতৰি
ঠিক ধন্যবাদ তোমাক  !
মোৰ সুখৰ বাবেইতো তোমাক মই
আজীৱন দুখ দিব নোৱাৰো
মোৰ বাৰু আছেনো কি ?
সুখত কটাব পাৰিবা তেওঁৰ লগত 
তুমি ঘুৰিবা কাৰত
তেতিয়া মই ঘূৰিম কেনেকৈ জানানে ?
তোমাৰ প্ৰতি থকা মৰমবোৰ
টোপোলা বান্ধি কান্ধত লৈ
ফটাছিটা সাজেৰে আলিয়ে গলিয়ে
কোনে বুজিব বাৰু মোৰ হিয়াৰ বেদনা  !
হয়তো কোনোবাই জ্বলা জুইত ঢালিব ঘিউ
বুজোতা কোনো নোলাব ৷
আলিত দেখি কাহানিবা মাতিব খুজিলে
ভিক্ষাৰী বুলি কিবা এটা দি
তুমি যাবাগৈ আতৰি
তুমিতো গৈছা অতীতক পাহৰি
মোৰ কথা সেইদিনা মনত নাথাকিব
মোৰ দৰে এটা পগলা প্ৰেমিকৰ কথা ৷
কেতিয়াবা মাতিলেও তুমি চাগৈ
পগলা বুলি নামাতিবা 
কেৰাহিকৈ হলেও এবাৰ ঘূৰি নাচাবা !
এতিয়া মাজৰাতি গাৰুটো সাৱটি উচুপি কান্দো
তপত চকুলো নিৰৱে টুকো৷
যিদিনা হ’ব তোমাৰ বিয়া
সেইদিনা মই কি কৰিম জানা
ঘৰৰ পৰা ওলাম
ক’ত যাম থিৰাং নোহোৱা 
যাত্ৰা কৰিম তোমাৰ স্মৃতিক বুকুত বান্ধি লৈ
মই যাত্ৰা কৰিম মৃত্যুৰ মুখলৈ.........




Tuesday, 12 May 2020

KBC Season 12 in 2020 ত কেনেকৈ Registration কৰিব

Sony Tv ত আৰম্ভ হবলৈ গৈ আছে  Game Show Kaun Banega Crorepati সেইবাবে ৯ মে ২০২০ তাৰিখৰ পৰা ২২ মে ২০২০ তাৰিখলৈকে প্ৰতিদিনে এটাকৈ প্ৰশ্ন  Sony Tv ত  Amitabh Bachchan ডাঙৰীয়াই সুধিব৷ সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওতা সকলৰ মাজৰ পৰাই সৌভাগ্যৱান কেইজনমানে Hot Seat ত বহি KBC খেলাৰ সুযোগ লাভ কৰিব৷ লকডাউনৰ সময়ত সকলো ঘৰতে আছে  গতিকে নিজৰ ভাগ্যক এবাৰ সুযোগ দি চোৱাটো উচিত৷


KBC ৰ Registration ৰ বাবে প্ৰতি ৰাতি ৯ বজাত এটা প্ৰশ্ন সোধা হয়৷ পিছদিনা ৰাতি  ৯ বজালৈকে উক্ত প্ৰশ্নটোৰ উত্তৰ দিবৰ বাবে সময় থাকে৷ 

KBC 2020 ৰ বাবে Registration কেনেকৈ কৰিব:

Google play store ৰ পৰা Sony liv App ডাউনলড্ কৰক৷
তাৰ পাছত Sony liv app Open কৰিলে KBC  Season 12 in 2020 Registration Page টো দেখিব৷তাতে ক্লিক কৰি নিজৰ ঠাইৰ নাম,বয়স,আপোনাৰ জীৱিকা,শিক্ষাগত অৰ্হতা,লিংগ আৰু Mobile No দিলে নিৰ্দিষ্ট প্ৰশ্নটো দেখা পাব তাত চাৰিটা উত্তৰ থাকিব তাৰে শুদ্ধ উত্তৰটোত ক্লিক কৰি Submit কৰি দিব৷ যদি আপুনি নিৰ্বাচিত হয় তেতিয়া Sony Channel ৰ ফালৰ পৰা আপোনাৰ লগত যোগাযোগ কৰিব৷


Sony liv app Download নকৰাকৈও KBC 12 ত Registration কৰিব পাৰিব৷
যিকোনো Mobile নম্বৰৰ পৰা KBC < Space><A/B/C/D><Space><Age in Completed years><Space><Gender দি 509093 নম্বৰত পঠিয়াই দিব লাগে৷ যিকোনো এটি প্ৰশ্নৰ উত্তৰ option B হয় ,আপুনি পুৰুষ হয় আৰু আপোনাৰ বয়স ২৫ তেতিয়া তলত উল্লেখ কৰা ধৰণে SMS দিব লাগিব
KBC B 25 M




নিকু বৰুৱা

শিক্ষক : তোমাৰ নাম কি?
নিখিল : নমস্কাৰ মোৰ নাম শ্ৰী নিখিল বৰুৱা৷
শিক্ষক : তোমাৰ দেউতাৰ নাম কি ?
নিখিল : নিকু বৰুৱা
শিক্ষক : তোমাৰ মাৰ নাম কি?
নিখিল : নিকু বৰুৱা
শিক্ষক : (আচৰিত হৈ) মই তোমাৰ মাৰ নাম সুধিছো দেউতাৰ নাম নহয়৷
নিখিল: মইও মাৰ নামেই কৈছো৷
শিক্ষক : (মূৰ খজুৱাই) তোমাৰ মা জীয়াই আছে৷
নিখিল : উম আছে৷
শিক্ষক : কিন্তু কেনেকৈ তোমাৰ মা দেউতাৰ নাম একে?
নিখিল: আমাৰ আইতাই কৈছে পাপাই বোলে নিজৰ নাম আৰু উপাধি মিল থকা মাৰ সৈতে বিয়া পাতিলে যাতে আমি মা পাপাৰ নাম মনত ৰাখোতে কষ্ট নহয়৷
নিখিলৰ কথা শুনি শিক্ষক শিল পৰা কপৌৰ দৰে একেঠাইতে ৰৈ থাকিল৷

হাঁহো আহক ৩

হাঁহি ১
বিয়াৰ প্ৰতি সেইদিনা মোহ নাইকিয়া হৈছিল যিদিনা শান্তি নামৰ মানুহজনীৰ গিৰিয়েকে কৈছিল “শান্তি নাই বুজিছা শান্তি নাই”
মই ঘপককৈ ক’লো “ বৌ ক’ৰবাত গ’ল নেকি?”
নাই নাই তাই ক’তো যোৱা নাই বুলি মানুহজনে তলমূৰ কৰিলে৷
মই একো নুবুজি ক’লো তেন্তে আপুনি শান্তি নাই বুলি কি কৈ আছে মই হ’লে একো বুজা নাই৷
মানুহজনে দুখমনেৰে ক’লে “যিদিনাৰ পৰাই শান্তিক বিয়া কৰালো সেইদিনাৰ পৰাই মোৰ জীৱনত শান্তি নাইকিয়া হ’ল৷এফালে পত্নী শান্তি আহিল আনফালে জীৱনৰ শান্তি গ’ল”৷


হাঁহি ২
ল’ৰা : তোমাৰ নাম কি?
ছোৱালী : পিন্ধি দেখুৱাম নে খুলি দেখুৱাম?
ল’ৰা : (আচৰিত হৈ ) মানে?
ছোৱালী : মোৰ নাম পায়েল৷আপোনাৰ নাম কি?
ল’ৰা : মই দি দেখুৱাম নে লৈ দেখুৱাম?
ছোৱালী : মানে?
ল’ৰা : মানে মোৰ নাম পপ্পী৷


হাঁহি ৩
গাৰ্লফ্ৰেণ্ড : জানা তোমাক দ্বিতীয়বাৰ দেখোতেই মই প্ৰেমত পৰি গ’লো৷
বয়ফ্ৰেণ্ড : প্ৰথমবাৰ কিয় নপৰিলা?
গাৰ্লফ্ৰেণ্ড : প্ৰথমবাৰ মই জনা নাছিলো তুমি ইমান ধনী বুলি৷


হাঁহি ৪
গিৰিয়েকে JAGUAR গাড়ী এখন কিনি ঘৰলৈ নিলে৷ঘৈণীয়েকক SURPRISE দিম বুলি মনতে ভাবি কথাটো কোৱা নাছিল৷ঘৰলৈ গৈয়ে ঘৈণীয়েকক চকু দুটা জপাই দি বাহিৰলৈ লৈ আহি ক’লে
“চোৱাচোন কি আনিছো তোমালৈ”
গিৰিয়েকে হাত আতৰাই দিয়াৰ লগে লগে মানুহজনীয়ে গাড়ীখন দেখি কলে
“বা: বা: PUMA কোম্পানীৰ গাড়ী”
ঘৈণীয়েকৰ কথা শুনি মানুহজন ঠাইতে ঢলি পৰিলে৷শুনামতে তেওঁ হেনো বৰ্তমান ICU ত আছে৷


হাঁহি ৫
শাহু : বোৱাৰী তুমি ইমান ধুনীয়াকৈ চাটনি কেনেকৈ বনোৱা?
বোৱাৰী : বিশেষ একো নাই মা চাটনি পিচা সময়ত আপোনাৰ চেহেৰাটো মনলৈ আনি ল’ও তেতিয়া চাটনি পিচাত সহজ হৈ পৰে৷


হাঁহি ৬
পত্নী : আপুনি বহুত অকৰা টাইপৰ আপোনাক সহজতেই মানুহে ঠগিব পাৰে৷
পতি : (গহীনকৈ ) আৰম্ভণিতো তোমাৰ দেউতাই কৰিলে৷


হাঁহি ৭
পত্নী : মোৰ সংস্কাৰ ভাল লাগেনে সৌন্দৰ্য ভাল লাগে আপোনাৰ?
পতি : মোৰ তোমাৰ ধেমালি কৰা স্বভাৱটো ভাল লাগে৷


হাঁহি ৮
পতি : বিয়া হোৱাৰ আগতে তুমি বহুত মন্দিৰ গৈছিলা৷আজিকালি কিয় নোযোৱা হ’লা?
পত্নী : আপোনাৰ লগত বিয়া হোৱাৰে পৰা ভগৱানৰ ওপৰত থকা বিশ্বাস নাইকিয়া হ’ল৷


হাঁহি ৯
ৰাহুল :ছোৱালীৰ হাঁহি আৰু ম’হৰ কামোৰ প্ৰায় একেই !
ৰাজু : কেনেকৈ ?
ৰাহুল : চাল্লা দুইটাই টোপনি নাইকিয়া কৰি দিয়ে৷


হাঁহি ১০
চিংগল ল’ৰাবোৰৰ DIVORCE ৰ ফিলিং কেতিয়া আহে জানানে?
যেতিয়া কোনোবা ছোৱালীয়ে FACEBOOK WHATSAPP ত  ব্লক কৰি দিয়ে৷





Friday, 8 May 2020

কাৰ কথা শুনিবা তুমি ?

বহু জনে বহু ধৰণে কথা ক’ব তুমি কাৰ কথা শুনিবা৷ তুমি ভবা কথা এটা ১০০ জনৰ লগত আলোচনা কৰিলে হয়তো ১০০ জনে নিজৰ নিজৰ মতে মন্তব্য দিব৷ বহুকেইজনে তোমাৰ কথা শুনাৰ লগে লগে পাহৰি যাব বা আওকাণ কৰিব,কেইজনমানে হয়তো কথাটোৰ বিপক্ষে ক’ব আকৌ কেইজনমানে সপক্ষে ক’ব৷সকলোৱে নিজৰ নিজৰ ভাৱধাৰা অনুসৰি কথাটোৰ ব্যাখ্যা আগবঢ়াব৷তুমি কাৰ কথা শুনিবা? আনৰ কথামতে তুমি সফল বা বিফল হ’বা জানো? কিছুমান প্ৰশ্নৰ উত্তৰ আনক বিচৰাতকৈ নিজক বিচাৰিব লাগে৷তেতিয়া বহুখিনি সকাহ পোৱা যায়৷কিছুমান মানুহে তোমাৰ উন্নতি দেখি জ্বলিব,তোমাৰ বিফলতা দেখি হাঁহিব৷হয়তো তোমাৰ আশেপাশে থকা প্ৰায়খিনি মানুহে তোমাৰ ভাল দিনত সংগ দিব কিন্তু তোমাৰ বেয়া দিনত তোমাক এষাৰ মাত দিবলৈও নাহিব৷এবাৰ কিবা এটা ভুল কৰা বহুতে আঙুলি টোৱাই কথা কব হয়তো এজন বা দুজন লোকে তোমাক ভুলটোৰ শুধৰাবলৈ পৰামৰ্শ দিব৷জীৱনত হাঁহিবলৈ বহু মানুহ পোৱা যায় কিন্তু চকুলো মচি দিয়া মানুহ পাবলৈ টান! তুমি কেৰিয়াৰ সম্পৰ্কে হওক,প্ৰেম সম্পৰ্কে হওক,আন সম্পৰ্কে হওক যদি বহুজনৰ লগত কথা পাতা বা আলোচনা কৰা তেতিয়া গম পাবা ভিন্নজনে কেনেদৰে ভিন্ন ধৰণে উত্তৰ দিব৷জীৱনটো নিজৰ গতিকে কিছুমান ক্ষেত্ৰত নিজেই চিন্তা কৰি নিজেই সিধান্ত ল’ব লাগে৷ বহুজনৰ পৰা পৰামৰ্শ ললেও নিজেই ভালদৰে ভাবি চাই হে সিধান্ত ল’ব লাগে৷জীৱনটো দুদিনীয়া গতিকে সময় বহুত কম সেয়ে জীৱনত নিজৰ মতে সময় উপযোগী সিধান্ত ল’ব সিমানে সুখী হব পাৰিব৷আপোনাৰ শুভাকাংক্ষী সকলৰ পৰা কিন্তু যিকোনো কথাৰ পৰামৰ্শ ল’ব পাৰে৷তেওঁলোকে তোমাৰ বা আপোনাৰ বেয়া হোৱাটো নিবিচাৰে৷সময়ত লোৱা সঠিক সিধান্তই জীৱনত আগুৱাই যোৱাত ,জীৱনত সুখী হোৱাত সহায় কৰে৷আপুনি কাৰ কথা শুনিব নিজৰ মন বিবেকৰ নে আন কাৰোবাৰ সিদ্ধান্ত আপোনাৰ ?

Thursday, 7 May 2020

হাঁহো আহক ২

হাঁহি ১
পুৰুষৰ কাজিয়া আৰু মহিলাৰ কাজিয়াৰ মাজত থকা পাৰ্থক্য কি জানেনে?
পুৰুষে কাজিয়া কৰিলে ৰক্ত ওলাই আৰু মহিলাই কাজিয়া কৰিলে তথ্য ওলাই৷

হাঁহি ২
এজন স্মাৰ্ট ল’ৰাই ছোৱালীৰ পৰা ফোন নম্বৰ লোৱাৰ বাবে এটা অভিনৱ উপায় উলিয়ালে৷সি প্ৰয়োগ কৰি চাবলৈ কলেজৰ ধুনীয়া ছোৱালীজনীক বাচি ল’লে৷কথা প্ৰসংগত সি তাইক কলে মই তোমাক এটা অংক কৰিবলৈ দিম যদি তুমি কৰিব নোৱাৰা তেতিয়া তুমি তোমাৰ ফোন নম্বৰটো মোক দিব লাগিব৷তাই তাৰ কথাত মান্তি হ’ল৷
সেই স্মাৰ্ট ল’ৰাটোৱে দিয়া অংকটো হ’ল
তোমাৰ ফোন নম্বৰটো × ১ = ? 

হাঁহি ৩
ৰাতিপুৱাই যদি আপুনি পত্নীৰ লগত বা গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি আত্মসন্মান হেৰুৱা যেন লাগে তেন্তে চিন্তা নকৰিব ১০ মিনিটমান সময় কাষ্টমাৰ কেয়াৰৰ গৰাকীৰ লগত কথাপাতত আপোনাৰ আত্মসন্মান পুনৰ ঘুৰাই পাব৷


হাঁহি ৪
পত্নী : হেৰি মোৰ ফোনটো চাৰ্জত লগাই দিয়ক৷
পতি: গোটেই ৰাতি ফোন চাৰ্জত দিলে ফোন ব্লাষ্ট হৈ যাব৷
পত্নী:(হাঁহি ) চিন্তা নকৰিব মই বেটাৰীটো খুলি থৈছো৷


হাঁহি ৫
অভিনেত্ৰী আলিয়া ভাটে এখন কলেজ স্থাপন কৰিলে নাম দিলে “ আলিয়া ভাট বিজ্ঞান আৰু বাণিজ্য একাডেমি”
কেৱল ক’লা শাখাৰ বাবে৷


হাঁহি ৬
বাপেক: কাৰ লগত কথা পাতি আছিলি?
পুতেক : দেউতা এঞ্জেলৰ মাকৰ লগত কথা পাতি আছিলো৷
বাপেক : এঞ্জেল কোন এঞ্জেল?
পুতেক : এঞ্জেল মোৰ হবলগীয়া ছোৱালীজনীৰ নাম৷


হাঁহি ৭
পাপ্পু : জান’ ৰাজু ছোৱালী বিলাকৰে ভাল ৷
ৰাজু :(আচৰিত হৈ) কিয় ?
পাপ্পু : ছোৱালীবোৰ বিয়াৰ আগত পাপা কী পৰী আৰু বিয়াৰ পাছত ঘৰৰ লখিমী৷
ৰাজু : আৰু ল’ৰাবোৰ ?
পাপ্পু : ল’ৰাবোৰৰ কিনো বিয়াৰ আগত দেউতাকৰ পিটন খায় আৰু বিয়াৰ পাছত ঘৈণীয়েকৰ পিটন খায়৷

হাঁহি ৮
এদিন ৰাজুক অফিচৰ বচে খুউব গালি দি আছিল৷
বচ : কেতিয়াবা গাধ দেখিছা?
ৰাজু : (তলমূৰ কৰি ) নাই দেখা৷
বচ : তললৈ কি চাই আছা মোলৈ চোৱা
ৰাজু : ছাৰ মইতো আপোনাক মানুহ বুলিহে ভাবিছিলো গাধ বুলি জনা নাছিলো৷

হাঁহি ৯
এজন সাধু বাবাৰ এটি সৰু দুখ ল’গা কাহিনী৷
যাৰ বাবে তেওঁ সকলো মায়া মোহ ত্যাগ কৰি সাধু সন্যাসী হব লগা হ’ল সেইদিনা তাই শাহুৱেক আৰু গিৰিয়েকক লগত লৈ আহিছিল সন্তান হোৱাৰ আৰ্শীবাদ বিচাৰি৷

হাঁহি ১০
এজন মানুহে ঘৈণীয়েকৰ নম্বৰ দুটা এনেদৰে চেভ কৰিলে Wife 1 আৰু Wife 2 
এদিন ঘৈণীয়েকে ম’বাইলটো চাই থাকোতে দেখিলে ঘটনা বিষম৷ কথাটো ভাৱি হঠাতে এডাল লাঠি লৈ গিৰিয়েকক এফালৰ পৰা কোবাবলৈ লাগি গ’ল৷গিৰিয়েকক ইমানেই কোবালে যে তেওঁ চিকিৎসালয়ৰ বিচনাত হে চেতনা ( Sense ) ঘুৰাই পাইছে৷তেওঁক চিকিৎসা কৰি থকা ডাক্তৰজনক উপদেশ দি কৈছে যদি আপোনাৰ পত্নীৰ দুটা ফোন নম্বৰ আছে তেন্তে ভুলটো Wife 1 আৰু Wife 2 বুলি চেভ নকৰিব নহ’লে মোৰ দৰে দশা হব৷

Saturday, 2 May 2020

হাঁহো আহক

হাঁহি ১
বিকাশ নামৰ ল’ৰাটোৱে প্ৰতিভা নামৰ ছোৱালীজনী বিয়া কৰালে৷ সিহঁতে নতুনকৈ সজা ঘৰটোৰ নাম দিলে “ প্ৰতিভা বিকাশ কেন্দ্ৰ”

হাঁহি ২
শ্ৰেণীত ইংৰাজী ছাৰ সোমায়েই ক’লে আজি তোমালোকে সকলোৱে নিজৰ নামটো ইংৰাজীত ক’ব লাগিব৷এফালৰ পৰা সুধি গ’ল৷হঠাৎ শ্ৰেণীৰ এজন ছাত্ৰই নিজৰ নাম যিটো কলে ইংৰাজী ছাৰে একো বুজিব নোৱাৰি আকৌ কলে 
শিক্ষক( আঙুলিৰে ইংগিত দি): তোমাৰ নাম কোৱাচোন?
ছাত্ৰ:মাই নেম ইজ ছাৰভেন্ট অফ দা গড
শিক্ষক:(আচৰিত হৈ) অসমীয়াত কি নাম তোমাৰ?
ছাত্ৰ: মোৰ নাম ভগৱান দাস ছাৰ৷আপুনি ইংৰাজীত ক’ব কোৱা বাবে মই তেনেকৈ ক’লো৷
ছাৰে ছাত্ৰৰ ইংৰাজী বিষয়ত পাণ্ডিত্য দেখি মাটিতে ঢলি পৰিল৷

হাঁহি ৩
মই তোমাৰ বাবে ভগৱানৰ পৰা
শান্তি
শক্তি
ভক্তি
প্ৰেম
প্ৰতাপ
সম্প্ৰতি
সংগ্ৰাম
চান
সফলতা
সমৃদ্ধি
সংস্কাৰ
সন্মান
স্নেহ
বিজয়
এই ১৪ টা ল’ৰা ছোৱালীয়ে হ’ব নে আৰু বিচাৰিব লাগিব?

হাঁহি ৪
ভগৱানৰ খং কেতিয়া উঠে জানেনে?
যেতিয়া বিয়া হৈ নোযোৱাকৈ কোনোবা ছোৱালী গৰ্ভৱতী হয় আৰু সেই ছোৱালীজনীৰ মাক দেউতাকে কয় “হে ভগৱান,এইয়া তুমি কি কৰিলা ?”

হাঁহি ৫
ল’ৰাবোৰৰ দুখ ল’গা কথা
১/ভাল ছোৱালীবোৰ ধুনীয়া নহয়
২/ধুনীয়া ছোৱালীবোৰ ভাল নহয়
৩/ভাল,ধুনীয়া ছোৱালীবোৰ চিংগল নহয়
৪/ভাল,ধুনীয়া,চিংগল ছোৱালীবোৰ বেছি পঢ়া শুনা নহয়
৫/চিংগল,ভাল,ধুনীয়া,পঢ়া,শুনা ছোৱালীবোৰে পাট্টা নিদিয়ে৷

কিমান যে দুখ.....


হাঁহি ৬
ক্লাছত এজনী ছোৱালীয়ে গান গাই আছিল৷ জাৰা জাৰা টাচ মি টাচ মি৷শ্ৰেণীৰে ৰাহুলে তাইক টাচ কৰি কলে সাহস আছে যদি পিছৰ লাইন টো গাই শুনা😊

হাঁহি ৭
মাকে সৰু ল’ৰাটোক কৈছে চোৱাচোন কিমান ধুনীয়া মাহী৷মাহীক চুমা এটা দিয়া৷সৰু ল’ৰাটোৱে উম নিদিও মাহীয়ে পিটিব৷
মাক:ইমান ধুনীয়া মাহীজনীয়ে কিয় পিটিব তোমাক?
সৰু ল’ৰাটো: কালি পাপাই মাহীক চুমা খাব লওঁতেই মাহীয়ে পাপাক কিয় মাৰিছিল?

হাঁহি ৮
ৰাৱণ এনেকুৱা এজন ব্যক্তি আছিল তেওঁ অকলেই সমবেত সংগীত গাব পাৰিলেহেঁতেন আৰু ধৃতৰাষ্ট্ৰ এনেকুৱা এজন ব্যক্তি তেওঁ অকলেই ঘৰতেই এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন!

হাঁহি ৯

ৰাতি সূৰ্য্যক দেখা পোৱা যায়নে?
মই কৈছো যায়৷
কাৰণ সূৰ্য্য নামৰ মানুহক ৰাতিও দেখা পোৱা যায়😊

হাঁহি ১০
শেষত এটা হাঁহিবলৈ ইংৰাজীলৈ অনুবাদ কৰিবলৈ আগবঢ়াই দিলো সকলোৰে বাবে

আপোনাৰ দেউতা মতা নে মাইকী?
প্ৰশ্নটো আচৰিত যেন লাগিছে নেকি?
মই কিন্তু প্ৰমাণ কৰি দিম মাইকী বুলি
সেই কথা মই নিজেই নকওঁ নিজৰ মুখেৰে আপুনি নিজেই ক’ব৷

তলৰ বাক্যশাৰী ইংৰাজীলৈ অনুবাদ কৰক আৰু প্ৰমাণ চাওঁক

“মোৰ দেউতা মোৰ চাবি”


@সকলোবোৰ জমনিৰ বাবেহে

বিনিময়

মানুহৰ জীৱনটো বাৰু কি
আছে কি ইয়াত
কচুপাতৰ পানীৰ দৰে কালৰ বুকুত
সকলো এদিন হেৰাই যায়
কোন কি আছিল আগৰ জন্মত
কালে সকলোকে নিয়ে পাহৰাই  !

হয় যদিও আমাৰ কেতিয়াবা  
এদিন সকলোৰে মৰণ
কি বিচিত্ৰ এই জীৱৰ জীৱন  ?

এজনৰ শ্ৰম,ত্যাগ,প্ৰচেষ্টাৰ বিনিময়ত
পৃথিৱীয়ে লাভ কৰে সৰ্বোত্তম উপহাৰ
কৰিব পাৰিছেনে পৃথিৱীবাসীয়ে
বিজ্ঞানৰ সৎ ব্যৱহাৰ  !

কিছুমান মহাপুৰুষ আহি দি গ’ল আমাক
আকাশৰ বিশালতা,সাগৰৰ গভীৰতাতকৈয়ো বেছি
কিছুমান নতুন অৱদান
কৰি গ’ল সমাজৰ কামবোৰ সমাধান৷

পৰিশ্ৰমীজনৰ কপালৰ ঘাম পৰে মাটিত
জীপাল হৈ উঠে পথাৰৰ শস্য
এই মহান পুৰুষ সকল আমাৰ সদায়
হওঁক যেন চিৰনমস্য  !

তেওঁলোকেহে বুজি পায় জীৱনৰ মহত্ত্ব
দেখুৱাই যায় পৃথিৱীবাসীক
জীৱনৰ আনটো নাম কি?
শ্ৰমেই বুজাব পাৰে সকলো মানুহক
মানুহ হোৱাৰ গৌৰৱ কি
জীৱনৰ মহত্ত্ব সকলোৱে নোৱাৰে বুজিব
মানুহ হ’ল নতুনত্বৰ সন্ধানকাৰী !

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...