Saturday, 28 December 2019

চকুৰ প্ৰতিছবি

চকুত চকুপানী
মুখত নাই হাঁহি
যেন মৰহি যোৱা এটি
গোলাপৰ পাহি৷

মোৰ হৃদয়ত কেৱল
যান্ত্ৰণাৰ বিননি সুৰ
কি হল হায় আজি
অতীতৰ সপোনবোৰ?

চকুত এতিয়া মাথোঁ মোৰ
অকল চকুপানীৰ সাগৰ
ভাহি থাকে প্ৰতিছবি কাৰোবাৰ
এখন নৈৰ অনুজ্জ্বল নিজান ঘাটৰ৷

বসন্ত পখীৰ গীত শুনিলেও
মোৰ হৃদয়ে উচুপি উঠে
মোক খুলি খুলি খাব ধৰিছে
অতীতৰ মনোমোহা স্মৃতিবোৰে৷

এনেকৈয়ে একোটা বিষাদৰ মন লৈ
মই যাম বেলেগ এখন পৃথিৱীলৈ
মোক কিয় বাৰু বুজি নাপালে
এবাৰ কিয় মোৰ কথা ভাবি নাচালে?

স্বদেশপ্ৰেমী কোন?

নামাতিবা,নামাতিবা
বিষাদৰ সুৰেৰে আই,
কিনো কম বাৰু মই
তাকো ভাবি পোৱা নাই৷

শোষণকাৰী তোমাৰ বুকুত
মিলি ধ্বংসৰ পথ বিচাৰিছে
নিজৰ ঠাইৰ বহুমূলীয়া সম্পদ
আনক বেছিব ধৰিছে৷

টকাৰ বিনিময়ত সিহঁতে
সকলো পাহৰি যায়
নাকান্দিবা আই তুমি কৰুণ সুৰেৰে
সিহঁতক স্ৰৰজিলে কোন বিধাতাই?

যাৰ হিয়াত নাই অকনো
স্বদেশৰ প্ৰতি ভালপোৱা
যি অকল তেজ শুহিব বিচাৰে
তেওঁলোকৰ শিলাময় হিয়াই
দেশৰ কাৰণে একো নিবিচাৰে!

তিতা চেনী

মই ভবা নাছিলো যে
কেতিয়াবা চেনীও তিতা হয়
মই জনাত চেনী সদায় মিঠা
কিন্তু আজি তেন্তে মই কি খালো
চেনী নহয় নেকি?
কিন্তু সেইয়া নিমখ নহয়
নিমখ হোৱা হলে চোকা পালোহেঁতেন!
এইয়া চেনীয়েই নে আন কিবা
চেনী খাবলৈতো মিঠা
কিন্তু এইয়া খালে জাপমাৰি উঠিব
খাবলৈ অহা পৰুৱাই উলটি বাট ল’ব৷
এইয়া চেনীী কেনেকৈ তিতা হ’ল
যুগৰ পৰিৱৰ্তনৰ লগে লগে
কি বস্তুৰোো পৰিৱৰ্তন হয় নেকি?
মই জনা নাছিলোঁ হবও পাৰে
অসম্ভৱ টো কেতিয়াবা সম্ভৱ হয়
তেন্তে এইয়া নিশ্চয় যুগৰ পৰিৱৰ্তন!

Tuesday, 24 December 2019

সমাজ

সমাজ,হয় এইখন মানৱ সমাজ
নানা জাতি,ধৰ্ম ভিন ভিন সমাজ
জাতি-উপজাতিৰ সমাজ
হিন্দু,শিখ,মুছলমানৰ সমাজ!
কিন্তু সকলোবোৰ সমাজতেই বাস কৰে মানুহেই
সকলো সমাজতেই মানুহৰ হয়
জন্ম- মৃত্যু,বেমাৰ-আজাৰ
সকলোৰে একে নহয় আচাৰ ব্যৱহাৰ৷
জাতি-বিজাতি মানুহে গঢ়িছে
ঈশ্বৰেে গঢ়া নাই!
কেৱল সৃষ্টিকৰ্তাই সৃষ্টি কৰি 
আমাক দিছে পঠিয়াই৷
কিছুমান এনে সমাজ আছে
যি নিষ্ঠুৰতাৰ উৰ্দ্ধত৷
যিখন সমাজৰ বিচাৰ আছে
কিন্তু বিবেক নাই
দন্দ আছে , ক্ষমা নাই
জীয়াই থকাৰ উপায় নাই!
তেজ মঙহ আছে যিখন সমাজৰ
কিন্তু যদি নাই হৃদয়
সেই সমাজৰ লোক বৰ নিৰ্দয়৷
তেনে মনুষ্যত্বহীন সমাজত মই
বাস কৰিব নিবিচাৰো৷
সুন্দৰ,নিকা সমাজতহে মই
আজীৱন বাস কৰিব বিচাৰো!
পামনে এখন অহিংসাৰ
সুন্দৰ নিকা সমাজ
য’ত সকলো থাকিব মিলিজুলি
যি সমাজত থাকিব সকলো
নিজৰ ককাই-ভাই,বাই-ভনী বুলি৷

Sunday, 1 December 2019

হাঁহি

তোমাৰ চলনা লগৰী হ’ল মোৰ
নহলা মাত্ৰ মোৰ তুমি,
প্ৰতিশ্ৰুতি ভংগ কৰি আতৰিলা
এবাৰো নাচালা মোৰ কথা ভাবি৷
তোমাৰ প্ৰতিশ্ৰুতি,মৰমলগা কথাবোৰে
আজি মোৰ বুকুত সহিব নোৱাৰা আঘাত কৰে,
ৰাতি সাৰ পাই উচুপো নিৰৱে
তপত চকুলোবোৰ টপটপকৈ সৰে!
বিষাদক লগৰী কৰি মই
আছো অকলে অকলে জীয়াই,
কিয়নো অতীতৰ কথাবোৰেে
বুকু বিন্ধি যায়৷
তুমি হাঁহিছিলা যাবৰ সময়ত
বুজাতো নাছিলা মোৰ মনৰ কথা,
এবাৰো নুসুধিলা মাথোঁ আতৰিলা
মোৰ হিয়াখন ভাঙি আতৰি গ’লা!
প্ৰথম দিনাও তুমি আহিছিলা
মোৰ জীৱনলৈ এটি মধুৰ হাঁহিলৈ,
শেষৰ দিনাও মাৰিলা হাঁহি
মোৰ হিয়াখন জ্বলি যোৱাকৈ৷

Wednesday, 23 October 2019

মোৰ জীৱনত নাই এটি বন্ধোৱা বাট

মোৰ জীৱনত নাই এটি বন্ধোৱা বাট
সেইবাবেই হয়তো খাইছো বহুত উজুটি
জীৱনত ঘাট-প্ৰতিঘাট৷
কেনেকৈ মই বাটটো বান্ধিম
তাকে ভাবিও একো পোৱা নাই
বাটটো নথকাৰ কাৰণেই মৰিছো
ক’ত কিমান তিতা টেঙা খাই৷
কেনেকৈনো বগাই যাম পাহাৰ পৰ্বত
কেনেকৈ কাটিম বাট
কেনেবাকৈ কিজানি পিছলি পৰিম
প্ৰাণ নাইকিয়া হব মোৰ গাত৷
শিৰত বাৰু কেনেকৈ উঠিম
ভয়ক জিনি কেনেকৈ আনিম জয়
যদি বান্ধি নলওঁ মোৰ জীৱনৰ বাট
তেতিয়া হব যে মোৰ বহুত ক্ষয়৷
জীৱনৰ সকলো বান্ধোন চিঙিম কেনেকৈ
কেনেকৈ চলাম জীৱনৰ মহাৰথ
বন্ধোৱা হোৱা নাই নতুন বাট
আছে এটা কণ্টকময় পথ৷
মোক কোনে দিব উৎসাহ বাণী
প্ৰেৰণা,সাহস,নিৰ্ভীকতাৰ এষাৰি সুৱলা মাত
তাক পাই মোৰ গাত বল পাম
বন্ধাব পাৰিম নতুন বাট৷
কিন্তু কোনো যে কাষচাপি আহোতা নোলাল
নিদিলে এষাৰি সুৱলা মাত
কিন্তু মই প্ৰতিজ্ঞাবদ্ধ আজি
বান্ধিমেই মই মোৰ জীৱনৰ বাট৷

ৰোমন্থন

আজি মই অনুতপ্ত
অতীতৰ স্মৃতি ৰোমন্থন কৰি
সময় যে পাখি লগা কাড়ৰ দৰে
অতি শীঘ্ৰেই গ’ল আতৰি৷
পাখি লগা কাড় এৰাৰ পাছত
জানো কেতিয়াবা ধৰিব পাৰি
সময় মাথোঁঁ আহে যায়
লাভ আছে জানো অতীতক সুৱৰি!
কাৰণ কল্পনা সদায় মধুৰ
বাস্তৱ ভাবিব নোৱাৰা কৈ গধুৰ৷
দুখৰ হলেও অতীত সদায় শুৱনি
ভৱিষ্যত হে অন্ধকাৰ
যেন একোটা লোহাৰ বন্ধ কাৰাগাৰ৷
জীৱনত সোণালী সময়কন
এনেয়েই যে দলিয়াই পেলালোঁ
কিন্তু আজি বুটলি ধৰিব খুজিছো
সময় হেৰাই গল কালৰ বুকুত৷
অতীতৰ কথা ভাৱি নলগাওঁ লেঠা
বৰ্তমান আৰু ভৱিষ্যতৰ কথাকে ভাৱো
এতিয়াৰ পৰাই সময়ৰ সদ ব্যৱহাৰ
কৰিবলৈ চেষ্টা কৰো৷

Sunday, 20 October 2019

টিউচন মাষ্টৰ

পুহৰ ঠেৰেঙা লগা জাৰত
ৰাতিপুৱাই ওলাই যাওঁ চাইকেল খনলৈ
কিয় মই জানো টিউচন মাষ্টৰ নহয়?
বহুতেই কয় মোৰ ল’ৰাটো
মোৰ ছোৱালীজনী চাই দিবা ৷
সময় মিলাই বহু কেই ঘৰলৈ যাওঁ
জাৰত কপি কপি  সদায় যাওঁ
সদায় গৃহস্থৰ এটাই প্ৰশ্ন
মোৰ ল’ৰাটোৱে ছোৱালীজনীয়ে পাৰিছেনে?”
কিন্তু এদিনো সোধা নাই মোৰ বিষয়ে
কেতিয়াবা কৰে টিউচন ফিজৰ কম বেছিৰ আলোচনা৷
পঢ়ি থাকোতে ভাবিছিলো এদিন ডাঙৰ মানুহ হম
ভবাই নাছিলো মোৰ এনে দশা হব!
পুৱাই স্পৰ্শ হয় বাঢ়নীবিহীন চোতাল
এঘণ্টাৰ মূৰত পাঁও একাপ চাহ
তেতিয়াহে দেহৰ কপনি কমে৷
স্কুলৰ নাম্বাৰ ওৱান হৈ পাছ কৰোতে
দেখিছিলো বহুত সপোন
সেই সপোনে আজি আমনি কৰে!
ৰাতিলৈকে কৰা কষ্টৰ পাছতো
দুখে পিছ নেৰে৷
কেতিয়াবা ভাবো মোৰ চাৰ্টিফিকেটৰ কিবা জানো মূল্য আছে?
আছে আছে নহলেনো মানুুুহে মোক
মাহৰ শেষত টিউচন ফিজ
আৰু সদায় একাপ চাহ কিয় যাচে?

আমাৰ উপায় নাই

আমিয়েই ভাঙো আমিয়েই পাতো
আমিয়েই বোলে সকলো
আমাৰ ওপৰতেই চলে শোষণ
আমাকেই কৰে শাসন
আমিয়েই শিৰ নত কৰি
পাতি দিওঁ আসন৷

প্ৰলোভন দি আমাক বহুতেই ঠগে
সমাধান বিচাৰি আমাৰ কাষলৈ আহে
দেশপ্ৰেমিকৰ বক্তৃতাত যেন মুকুতাহে সৰে
কেতিয়াবা এমুঠি এসাঁজ খাই
আমি দেখো ৰঙীন স্বপ্ন!

আমিয়েই বোলে ৰজা
আমিয়েই প্ৰজা
কথাষাৰ জানো সঁচা?
আমাক বাৰে বাৰে ঠগা টোৱেই
ভুৱা গান্ধী,নেহৰুৰ পেছা!

ক’ৰবাত বন্দুক বাৰুদৰ আঘাতত
আমাৰেই প্ৰাণ যায়
প্ৰকৃতিয়েও বাৰে বাৰে আমাক কন্দুৱাই
আমি দুখীয়া নিচলা জনসাধাৰণ
আমাৰ উপায় নাই
আমাৰ উপায় নাই৷

Friday, 30 August 2019

বেকেলাইট

মোৰ কবিতা পঢ়ি নপৰিবা প্ৰেমত
মোৰ প্ৰেমত পৰিবলৈ লাগে বহুত ভয়
জানোচা ভাগি যায় হৃদয়!

প্ৰথম দৰ্শনত উপজা প্ৰেম প্ৰায়েই নিটিকে
পানী বৰফ হয়
বৰফ গলি পানী হয়
দক্ষিণ মেৰুলৈ গলে পাবা বিশাল আইচবাৰ্গ
আকাশলৈ গলে পাবা উল্কাপিণ্ড লাখ লাখ ত’ৰা৷
মোৰ হিয়াখন প্লাষ্টিকৰ নহয়
হিয়াখন বেকেলাইটৰ
যি গঢ়িলে ভাঙিব পাৰি
কিন্তু ভাঙিলে গঢ়িব নোৱাৰি৷

কাঠ বাহত ঘূণে ধৰে
দাম্পত্যত লয় সন্দেহে বাহ
ভয় লাগে হয় যে
ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ!

জানা,মোক চলনা কৰি তাই
সকলো কাঢ়ি নিলে মন,হৃদয়
নদীৰ পানী যিদৰে একে ঠাইতে নাথাকে
তাইও গলগৈ তেনেদৰে
মই আকৌ পুখুৰীৰ পানীৰ দৰে স্হিৰ৷

মোৰ গল্প পঢ়ি চকুলো নুটুকিবা
মই তোমাক নায়ক বা নায়িকা লৈ
গল্প লিখা নাই
মোৰ কবিতাৰ প্ৰতিটো শব্দত এতিয়াও তাই৷

কুকুৰক টাঙোন দি মাতিলেও দৌৰি আহে
মইও যাম তেনেদৰে তাইৰ ওচৰলৈ
কাৰণ তাইক যে দিলো হৃদয়খন৷

প্ৰথম নিজেই কাষচাপি আহি আকৌ গলগৈ
তাই কি ভাৱিছে মই নাজানো?
তুমি কিন্তু মোক বন্ধু বুলি ভাৱিব পাৰা
হম দুখ সুখৰ সমভাগী৷
তেন্তে মোলৈ তুমি দিবা চিঠি
মই মাথোঁঁ দিম দৃঢ় প্ৰতিশ্ৰুতি
মনত ৰাখিবা মোৰ হৃদয়খন কিন্তু বেকেলাইটৰ
বিদ্যুতেও একো নকৰে
তোমালৈ বাট চাই ৰলো আশাৰে.........

Saturday, 24 August 2019

আকৌ তোমাক লগ পাম কেতিয়া?

আকৌ তোমাক লগ পাম কেতিয়া
তুমি আহিবানে ইয়ালৈ সদায়?
তুমি যাবা নেকি দূৰলৈ,বহুত দূৰলৈ
ছিংগাপুৰ,হংকং নাইবা ছিডনী,মেলবৰ্ণলৈ?

তুমি উৰি উৰি আহিবা
পৰিবা নাচি থকা ফুলৰ পাহিত
সঁচাকৈ আহিবানে কোৱা?

বিচ্ছেদৰ সাক্ষী যদি চকুলো হব পাৰে
তেন্তে মিলনৰ সাক্ষী হাঁহি
সেউজীয়া গছপাত সদায় সেউজ হৈ নাথাকে৷

মৌ চুহিবলৈ সদায় পখিলা,ভোমোৰা
ডালে ডালে উৰে
শদিয়া ধুবুৰী সকলো ঘুৰিলো
তোমাক বিচাৰি পালো মনে মনে!

লক্ষীমপুৰ জানাই পানীৰে পূৰ্ণ
ডিব্ৰুগড় চাহপাতেৰে সেউজীয়া
টিলিঙা মন্দিৰ টিলিঙাৰে পূৰ্ণ
সপোন ভাঙি কিয় হয় চূৰ্ণ-বিচুৰ্ণ!

আমাৰ তেজপুৰ পুৰাণ প্ৰসিদ্ধ
তোমাক লগ পাম বুলি মই দৃঢ়প্ৰতিজ্ঞ
চিনাকি হৈ ভাল লাগিল তোমাৰ লগত
আকৌ তোমাক লগ পাম কেতিয়া?

এতিয়াই সোণ এতিয়াই

বতাহ হয়তো কেতিয়াবা বৰ হোহোৱাই বলে
কোনে গম পায় বাৰু সেই বতাহজাকে
কি কৰিব পাৰে?

মোৰ হৃদয়ত সদায় বলে ধুমুহা
কেতিয়াবা কোবাল,কেতিয়াবা মৃদু বতাহ
হৃদয়ৰ ধুমুহাৰ মাজতেই তুমি আছা
আটকধুনীয়াকৈ আঁকিলো তোমাৰ প্ৰতিছবি

নাই,নাই মচিব নোৱাৰি
মই নোৱাৰো
তুমি কোৱা,সঁচা প্ৰতিশ্ৰুতি দিয়া
দিম বুলি সঁচা মৰম৷

বাটচাই আছো তোমালৈ মাথোঁ মই
তুমি মোৰ হবানে সঁচাই
নিয়তিৰ যদি মন যায় তেতিয়া
আমাৰ দুয়োকে নিশ্চয় মিলন কৰিবই৷

মই তাকে ভাৱো সদায়
কিন্তু তুমি কি ভাৱা
মোক তুমি কোৱা
এতিয়াই সোণ এতিয়াই৷

Tuesday, 30 July 2019

তোমাক লৈ মই কবিতা নিলিখো

মই কবিতা লিখিব জানো বুলিয়েই
তোমাক লৈ নিলিখো কবিতা
তুমি যদিও কাঢ়ি নিলা মোৰ জীৱনৰ ৰং
বিষময় কৰি দিলা জীৱন৷

প্ৰথমে সপোন ৰচাৰ প্ৰেৰণা দি
যদিও আতৰিলা চুনামী হৈ
তুমি তেনে কৰিলা যদিও তোমাক
ক’ব খোজা নাই চলনাময়ী
বুকুত যান্ত্ৰণা দিয়া মিছলীয়া প্ৰেয়সী বুলি
তোমাক লৈ কবিতা নিলিখো
তুমি ভয় খাব নালাগে৷

কাইটীয়া ডালেৰে কোবাই উলিয়াই দিলা
ৰঙা নদীৰ সোঁতৰ ধাৰ
সপোন ৰচিবলৈ সাহস নাইকিয়া হ’ল৷

তুমি হাতত হাতে ধৰি কৈছিলা
বহুতো কথা মিঠা লগা
এতিয়া সেইবোৰ মোৰ বাবে
একোটা ভয়ংকৰ মায়াৱী ৰাক্ষস৷

তুমি যদিও লগৰী হ’ম বুলি
হ’লা গৈ ডলাৰ বগৰী
তথাপিও নকওঁ তোমাক চঞ্চলা
বিশ্বাস ভংগ কৰিলা যদিও নকওঁ তোমাক
বিশ্বাসহীনা বা প্ৰতাৰণাৰ গৰাকী৷

তুমি তপত জুইত দলিয়াই গ’লা যদিও
তোমাক নিষ্ঠ বুলি নকওঁ
তুমি ভয় খাব নালাগে
তোমাক লৈ মই কবিতা নিলিখো৷
২৮/০৭/২০০৯

Monday, 29 July 2019

কাৰোবাক পাহৰিব খুজিও কিয়?

কাৰোবাক পাহৰিব খুজিও কিয়
পাহৰিব নোৱাৰি
কাৰোবাৰ ছবিখনি হিয়াৰ পৰা কিয়
আতৰাব নোৱাৰি?

কিন্তু কাৰোবাক তো
নজনাকৈয়ে পাহৰি যাওঁ
মচি দিওঁ প্ৰতিছবি
কাৰোবাক বাৰু কিয় ইমান
নজনাকৈয়ে ভাল লাগি যায়৷

সদায় বাৰু কাষতে
পাবলে মন মোৰ যায়
নজনাকৈয়ে কাৰোবাৰ প্ৰতি
কেতিয়াবা হৈ যায় মন বলিয়া৷

বুজি পায়নে সকলোৱে বাৰু
ভালপোৱা কাক কয়
চাৰি চকুৰ মিলন
দুখন হৃদয়ৰ মিলন হয়৷

কিন্তু সকলোৱে বুজি নাপায়
মৰম কিয় লাগে
নাজানো কিয় নুবুজে
মন বাৰে বাৰে উৰা মাৰে
মনে ভবা জনৰ কাষলৈ.....
০২/১২/২০০৬

মই ৰমণী গাভৰু

ছয় বছৰ বয়সতে এৰিলো মই
মোৰ পিতৃ মাতৃ, আত্মীয় স্ৰজনক
পিতাদেৱে পঠালে মোক
মোগল সম্ৰাটলৈ উপঢৌকন হিচাপে
সেইদিন ধৰি মই মোগলৰ অন্দৰ মহলত
থাকিবলৈ নাপালো পিতৃ মাতৃৰ লগ
জন্মভূমি সোণৰ অসমত৷

জীয়াই আছো নে নাই
তাৰ খবৰ লওতা মোৰ কোনো নাই
মোক গ’ল সকলোৱে পাহৰি
মই দুৰ্ভগীয়া আহোম ৰমণী
মই এজনে দুখুনী৷

যিখন ঘৰত জন্ম ললোঁ
তাত মই থাকিবলৈ নাপালো
যি দেশৰ মাটিত খোজ পেলাইছিলো
সেই ঠাই যেন এইয়া নহয়৷

মইতো বাজীকৰৰ সজাত বন্দী
এজনী বাঘিণী
কিন্তু কোনে জানিব
কোনে বা বুজিব মোৰ কথা
মই সঁচাই দুৰ্ভগীয়া৷

মোৰ পৰা যদি স্বদেশ আৰু স্বজাতিৰ
উপকাৰ হয় তেন্তে
মই মোৰ জনম সাৰ্থক কৰিম
মই মোৰ পূণ্যভূমিৰ বাবে
হাঁহি, হাঁহি মৃত্যুক সাৱটিম৷

যি দেশৰ ৰক্ত মাংসৰে
মোৰ এই দেহা
সেই দেশৰ মংগলৰ বাবে যেন
এই দেহাৰ ক্ষয় হয়৷

যি দেশৰ সাৰ বস্তুৰে সৈতে
মোৰ এই দেহৰ অস্থি চৰ্ম
সি যেন তাতেই লয় পায়
পশ্চিমীয়া বেলিৰ হেঙুলী ৰহন অসমতেই
যেন মাৰ যায়৷

মইয়ে ৰমণী গাভৰু
জয় ধ্বজৰ জীয়াৰী
অসমতেই যাহ যায় যেন
মোৰ কোমল দেহাটি৷
জয় মোৰ দেশৰ জয়
মোৰ জন্মভূমি স্বৰ্গ তুল্য হয়

তেজৰ সম্পৰ্ক

তেজৰ সম্পৰ্ক বোলে
কোনো ডাঙৰ কথা নহয়
মনৰ সম্পৰ্কহে আটাইতকৈ ডাঙৰ!

মন আটাইতকৈ বেগী,
দেহ মনৰ শান্তি নহলে
কোনোবা সুখী হয় নেকি?

মনে মনে মিলিলেই হয়
হওঁক লাগিলে
হিন্দু-শিখ-মুচলমান-খ্ৰীষ্টান,
সকলোৰে এখনেই পৃথিৱী
সকলো জগত পিতাৰ দান৷

তেজৰ সম্পৰ্ক থাকিলেও কিয়
ভাই-ভনী, ককাই-ভাই ইমান নিষ্ঠুৰ হয়
ভাইৰ সমান শত্ৰুও নাই
ভাইৰ সমান মিত্ৰও নাই
বুঢ়ালোকে সদায় কয়৷

তেজৰ সম্পৰ্ক থকা ককাই-ভাইৰ মাজতো
আজিকালি চলে সঘনে মৰামৰি,কটাকটি,
এনে যদি হয় পৃথিৱীৰ জীৱশ্ৰেষ্ঠৰ
আগলৈ হ’ব কি গতি?

সভ্য নে অসভ্য

ছাৰ,ৰাজুৱে সদায় স্কুলৰ ইউনিফৰ্ম ঘৰত পিন্ধি থাকে৷ শ্ৰেণীৰে ল’ৰা এটাই ক’লে৷শ্ৰেণীৰ শেষৰ বেঞ্চত তলমূৰ কৰি বহি থকা ৰাজুলৈ চালো৷খং উঠিল স্কুলৰ সাজপাৰ ঘৰত কিয় পিন্ধে বুলি৷ পিছে খংটো নেদেখুৱালো৷মই তাক মাতিলো,“ৰাজু, এইফালে আহা”৷সি মোলৈ চালে৷চাই আকৌ তলমূৰ কৰিলে৷ শ্ৰেণীৰ আন দুটামানে তাক কিবাকিবি কৈ জুকালে৷ মই মনে মনে থাকিবলৈ কলো সিহঁতক৷ তাক আকৌ মাতিলো সি চালে কিন্তু মোৰ কাষলৈ নাহিল৷তলমূৰ কৰি কিতাপ বহীকে খুচৰি আছে৷ মোৰ খং উঠি গ’ল৷কি অসভ্য অ’ মাতি আছো অথনিৰে পৰা অহা নাই কিয়?মই কিন্তু উঠি গ’লে কথা বেয়া হ’ব৷মোৰ ওচৰত অসভ্যালি কৰি নাথাকিবা৷কথা কলে শুনিব লাগে কথাকেইটা খুউব খঙেৰেই কলো৷মোৰ ধমক খাই সি উঠি আহিল৷টেবুলৰ ওচৰত ৰৈ চলচলীয়া চকুৰে তলমূৰকৈ চাই ৰল৷

কিয় ইমান দেৰিলৈকে উঠি অহা নাই দিনক দিনে অসভ্য হৈছা ন’ মই কলো৷  কোৱাচোন স্কুলৰ ইউনিফৰ্ম ঘৰত কিয় পিন্ধি থাকা? তাক প্ৰশ্ন কৰিলো সি কিবা কব খুজোতেই তাৰ চকুলো ওলাই গ’ল৷ মোলৈ চাই সি ভয়ে ভয়ে কলে-ছাৰ, মোৰ আৰু বেলেগ কাপোৰ নাই৷সেইবাবেই মই ঘৰতো ইউনিফৰ্ম পিন্ধাে৷কাপোৰ নিপিন্ধিলে মানুহে মোক অসভ্য বুলি কয়৷ মই একো ক’ব নোৱাৰিলো ইংগিতেৰে তাক বহিবলৈ কলো৷ মনতে ভাবিলো ইউনিফৰ্ম ঘৰত পিন্ধা বাবেই মই তাক অসভ্য বুলি কলো আৰু কাপোৰ নিপিন্ধিলে মানুহে তাক অসভ্য বুলি কয়৷সি বেচেৰাই কি কৰিব৷এইবাৰ মই সকলোৱে শুনাকৈ কলো ৰাজু,তুমি দেওবাৰে মোৰ লগত বজাৰলৈ ওলাবা৷সকলোৱে মোলৈ প্ৰশ্নবোধক চাৱনিৰে চালে৷
২৩/৯/২০১৭

Wednesday, 24 July 2019

এটা বেলুন, এটা পুতলা

বেলুনটো লৈ সি জপিয়াই আছিল
পুতলা দোকানত ছোৱালীজনীয়ে
হাজাৰ টকাৰ পুতলাটো লবলৈ
মাক -দেউতাকক আমনি কৰি আছিল৷

কাষেদি যোৱা বেলুন লোৱা
ল’ৰাটোৱে মাকক সুধিলে
মা, হাজাৰত কেইটা শূন্য থাকে?
মই নাজানো নহয়
আজিলৈকে দেখা নাই৷

এইবাৰ বুলিয়েই নহয়
উৎসৱ, পূজাত কিছুমানে দি ফূৰ্তি কৰিব
নাচি বাগি পাই ফুৰ্তি কৰিব
আৰু আন কিছুমানে
দিব নোৱাৰি কান্দিব
আৰু সিহঁতে নাপায় কান্দিব৷

জীৱন বোলে তেনেকুৱাই

জীৱন বোলে তেনেকুৱাই
সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হোৱাৰ অভিনয়৷

শৈশৱতে জীৱনটো
সুখেৰে পৰিপূৰ্ণ আছিল
সুখবোৰ হেৰুৱাই
জীৱনটো কথমপি বাচিল৷

সময়ৰ লগে লগে
দুখতো হাঁহিবলৈ শিকে
জীৱনটো উপভোগ নহয়
পাৰ কৰিবলৈ শিকে৷

সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হয় কোন?
জীৱনত দিঠক নহয়
সকলো সপোন৷

হাজাৰটা সপোনে
হৃদয়ত তোমাৰ টুকুৰিয়াই থাকিব
এই সময় গলে
আকৌ জানো আহিব?

বৰ্তমানতেই সুখৰ সংজ্ঞা
বিচাৰিব লাগিব
সুখ দুখতেই জীৱন
কটাব লাগিব৷

জীৱন বোলে তেনেকুৱাই
সুখৰ সংজ্ঞা হেৰুৱাই
সুখী হোৱাৰ অভিনয়!
০১/০৪/২০১৮

Sunday, 7 July 2019

জোন ত’ৰা

জোনাকী নিশা সুদূৰত দেখিছো মই
সেইটো জোন,
কাষে কাষে সকলোতে যে আছে ত’ৰা
সিহঁতনো বাৰু কোন?
জোনৰ সেইয়া ক’লাদাগ
বুঢ়ালোকে তুলসী বুলি কয়
জোনটো সদায় নাথাকে আকাশত
মাজে মাজে বিদায় লয়৷
অমাৱস্যাৰ ৰাতি নিৰ্জন অন্ধকাৰ
নমনি চকুৰে একো
আকাশত জোনটো যে নাই
কেৱল ত’ৰাবোৰেহে মাতি আছে
চকু টিপিয়াই টিপিয়াই৷
আকাশত আছে অসংখ্য ত’ৰা
কেৱল মাত্ৰ এটা জোন
কেতিয়াবা সৰু, কেতিয়াবা ডাঙৰ
ভাবিচানে তুমি সোণ?
চিৰদিন থাকিবনে এই আকাশত
এতিয়াৰ জোন,বেলি,ত’ৰা
সদায় থাকিবনে বাৰু
এই সেউজী ধৰা?
০৮/০৯/২০০৬

Thursday, 4 July 2019

চিনাকি আছেনে তোমাৰ?

তুমি হয়তো নাজানা পঢ়িব

ভাষা হৃদয়ৰ

দেখিছানে কেতিয়াবা

এনাজৰী মৰমৰ?

আঁকিছো মাথো তোমাৰ ছবি

কিন্তু দেখিছো ছবি বহুতৰ

চিনাকি আছেনে তোমাৰ

চকুৰ চাৱনিৰ সৈতে?

ব্যাখ্যা দিব পাৰানে

মিছিকিয়া হাঁহিটিৰ?

সৃষ্টিও তাতেই

ধ্বংসও হয় সেই তাতেই

তাৰ নাম কি জানানে?

চিনাকি প্ৰথমে চকুৱে চকুৱে

হৃদয়ত হব ভাৱৰ আদান প্ৰদান

মৰম থাকে অভিমান ভৰি

চিনাকি আছেনে তোমাৰ

মৰম মানেনো কি?

০৯/০৮/২০০৭

চিনাকি

লাজৰ উৰণী দিয়াচোন পেলাই
চাওঁ মই তোমাৰ মুখখনি নয়ন জুৰাই
মোৰ হেঁপাহ পলুৱাই৷

তোমাৰ নামটো কি
মইযে নাজানো ক’ত ঘৰ তোমাৰ
আজি হওঁ আহা চিনাকি
আগৰ চিনাকি নাই আমাৰ৷

মন মোৰ উৰা মাৰে
তোমাৰ কাষলৈ
বুকুখন কপি উঠিছে
দুৰুদুৰুকৈ৷

কেনেকৈ বুজাও তোমাক
তুমি মোক যে প্ৰেমৰ জালত বন্দী কৰিলা
মইও তোমাৰ প্ৰেমৰ কাৰাগাৰত
থাকিবলৈ কৰিছো মন৷

চাওঁ তোমাৰ মুখখনি এবাৰ ভালদৰে
গুচাই দিয়া লাজৰ উৰণী
মিচিকিয়া হাঁহিৰে কোৱাচোন
নাম কি তোমাৰ? ঘৰনো ক’ত?
আঁকিছো তোমাৰ ছবি অতি সংগোপনে
মোৰ হৃদয়ত!
৩১/০৮/২০০৬

সুখ বোৰ আহে ৰাজপ্ৰসাদলৈ

দেৱালীয়ে হওক বা
ভোগালীয়ে হওক
আহে মাথোঁ ৰাজপ্ৰসাদলৈ
আগতেও অহা নাছিল
এতিয়াও নাহে
প্ৰজাঘৰ ভগা জুপুৰিলৈ!

এফালে ফটকা, বম, আতচবাজীৰ
কাণতাল মৰা শব্দ
আনফালে এটা ঢিমিক ঢামাক চাকি
সুখৰ জীৱন যে স্তব্ধ৷
ভেলাঘৰত হাঁহে মাহে এসাঁজ খাই
জ্বলাই মেজিৰ জুই
এখন ফটা কম্বল লৈ
বহুজন মনৰ দুখত থাকে শুই!

হে হাঁহি,হে সুখ তোমালোক
চন্দ্ৰ আৰু সূৰ্য্যৰ দৰে হোৱানা
সকলোকে এবাৰ একেলগে
তৃপ্তি পাব দিয়ানা!
১৮/০১/২০১৭

সি

বহুবছৰ খেতিপথাৰ দৰা
সেউজীয়া হোৱা নাই
দুখীয়াৰ অশ্ৰু বানে আহি
উটুৱাই লৈ যায় হাজাৰ টা সপোন!
ক্ষন্তেকতে নোহোৱা হয়
খাদ্য,বস্ত্ৰ আৰু আশ্ৰয়
পেট ভৰাই বহুদিন সি খাবলৈ পোৱা নাই
এনেহেন সাগৰত সি কৰিব কি?
পানীত অহা ভেকুলী,মাছকেইটাই
সকলোকে উপহাস কৰে!
খাবলৈ নাপায় ভাত
হেৰাই যায় মুখৰ মাত
কি যে নিলাজ সি
এডোখৰ কাপোৰ নাই গাত!
বৰলুইতৰ বানে এদিন তাক
ঘাটমাউৰা কৰিছিল
আৰু আজি তাক..........
০৭/০৭/২০১৭

Tuesday, 2 July 2019

নিহাৰিকা

তুমি কিয় আহিছিলা মোৰ ফুলনিলৈ
এজনী ফুটুকীয়া পখিলা হৈ,
আকৌ কিয় গুচি গলা
ভোনভোনাই ভোমোৰা হৈ?

তোমাৰ মৌ মিঠা মাতটি
আৰু মিছিকিয়া হাঁহিটিত
মই ভোল গৈছিলোঁ ঠিক সীতাৰ দৰে!

মৰমলগা মিঠা মাত দি
মোক বলিয়া কৰি
তুমি এতিয়া গ’লাগৈ আনৰ কাষলৈ আতৰি
কিয় তুমিয়েই জানো কোৱা নাছিলা
মৰমীক মনৰ কথা কবলৈ!
তোমাৰ কাষলৈ গৈছিলোঁ মই
তুমিও আতৰি গ’লাগৈ৷

মই দিনে দিনে সোমাই পৰিছিলোঁ
তোমাৰ প্ৰেমৰ জালত
যেনেদৰে লোৰ টুকুৰা সোমায়
চুম্বকৰ আকৰ্ষণৰ জালত৷

নিহাৰিকা, তুমি কিয় এনে কৰিলা
তুমি সঁচাই বৰ চলনাময়ী
তুমি মৰম বুজিয়েই নাপালা
কিয় তুমিয়েই জানো সদায়
মোৰ ভাল বেয়া খবৰ ৰখা নাছিলা!

কিয় নিহাৰিকা, তুমি মোক বলিয়া কৰি
গ’লাগৈ ভোমোৰা হৈ অচিন ঠাইলৈ উৰি৷
তুমি আপোনজনৰ লগত
সদায় সুখী হোৱাগৈ
মই কিন্তু তুমি নামাতিলেও যাম
তোমাৰ বিয়ালৈ৷

ভগৱানক প্ৰাৰ্থনা কৰিম
সদায় কুশলে তোমাক ৰাখিবলৈ,
তুমি বাৰু আহিবানে
মই মৰিলে মোৰ মৃতদেহ চাবলৈ?

তোমাৰ ছবি

তোমাৰ ছবি আঁকিব খোজোতেই
তুমি দুচকুৰ আগৰপৰা আতৰি গলা
হিয়াৰ মাজত আকোঁৱালি লব খোজোতেই
তুমি আপোন নহওঁ বুলি ক’লা৷

সপোনত দেখাদেখি
হৈছিল এবাৰ দুবাৰ
হঠাতে কিনো হল জানো
প্ৰতিছবি নোহোৱা হল তোমাৰ!

শিমলুৰ তুলাবোৰ বতাহত যায় উৰি
আতৰি যাব খোজা জনক
পাৰি জানো ৰাখিব ধৰি৷

দুই চকুৱে ভাষা পঢ়িব খুজোতেই তুমি
দুচকুত দিলা ধূলি সানি
মৰম দিব খোজোতেই
উলিয়াই দিলা চকুপানী৷

তুমি বুজিব বিচৰা নাই
দুচকুত দুচকু থৈ
তুমি ছবিখন আঁকিব নিদিলা
দুচকুৰ আগত ৰৈ৷

কলে জানো বুজিবা মনৰ কথাটি
ক্ষন্তেক ৰৈ শুনি যোৱা
ৰবলৈ কওঁতে নিদিবা তুমি
চুৰ্ণ-বিচুৰ্ণ কৰি হিয়া!

Monday, 1 July 2019

অতীত

অতীত নহয় পাহৰণি
         অতীত সদায় সোৱৰণী
         অতীত যে সদায় মধুৰ,
ভবিষ্যত বৰ্তমান হয়
        বৰ্তমান অতীত হয়
        বাস্তৱ বাৰু কিয়নো গধুৰ৷
মনৰ মাজত লুকাই থাকে
        মধুৰ মধুৰ স্মৃতি
        থাকে লগত চিৰদিন,
শৈশৱৰ ধূলি বালিৰ খেলা
       লগৰীয়া সমনীয়াৰ লগত কটোৱা
       সময়ৰ কথা নাযায় মনৰ পৰা লীন৷
সময়ক যে ধৰি ৰাখিব নোৱাৰি
     সময় আহে আৰু যায়,
অতীতৰ কথা বাৰু
    কোনে পাহৰি যায়৷
কেতিয়াবা চকুলো বয়
     কেতিয়াবা ওলাই হাঁহি
     অতীতক মনত সোৱৰাই,
অতীতৰ কথাই শান্তি দিয়ে
    ভৱিষ্যতহে বোলে এটি সপোন
     অতীতৰ স্মৃতি কেতিয়াও মনৰ পৰা মচ নাখায়৷

ভগৱান, সৰ্বশক্তিমান

মই বহু কেইখন খেল খেলিছো
টকা বনাম জীৱনৰ
বাৰে বাৰে জয় হৈছে টকাৰ৷

মই এতিয়া বুজিছো টকাই সকলোবোৰ
বৰ্তমান মই টকাৰ পূজাৰী!
কিয়নো জীৱনে মোক বাৰে বাৰে
বহুবাৰ প্ৰতাৰণা কৰিছে
কাঢ়ি লৈ গল সকলো মোৰ৷

টকাই চকুলো মচিব পাৰি
টকাৰ সৈতে মৰমৰ চলে বিনিময়৷

এতিয়া সকলোতে টকাৰ ৰাজত্ব
আজি আৰু আগৰ দিন নহয়
আজি চাৰিওফালে চলিছে সকলো
সকলোৱে বিচাৰে টকা!

আধুনিক যুগত চলিবই নোৱাৰি
মাথো হাতত টকা নহলে
কাৰোবাৰ চকুলো,কাৰোবাৰ হাঁহি
টকাই বোলে কাৰণ ইয়াৰ
আজি যুগত টকাই সকলোৰে
একমাত্ৰ সাৰথি হিয়াৰ৷
টকাই আজি ভগৱান
টকাই হল সৰ্বশক্তিমান৷

ভোকাতুৰ

আজি দিনটো আছো অনাহাৰে
পেটত নপৰিল এটি খুদকণ,
কিযে আমাৰ দুখীয়াৰ ভাগ্য
হাততো নাই এটি ধন৷
এটুপি পানী খাই আছো দিনটো
এমুঠি ভাতৰ কাৰণে হাহাকাৰ,
দিনটো হাড়ভঙা পৰিশ্ৰম কৰিও
পেটত নপৰে এমুঠি আহাৰ!
দুখীয়াৰ জীৱনত এনে হয়েই
এদিন আধাপেটী,এদিন অনাহাৰ
ভোক পেটতেই মাৰ যায়,
প্ৰায়েই আমি নাপাওঁ
সম্পূৰ্ণকৈ পেট ভৰাই আহাৰ খাই৷
কপালত লিখা নাই যেন লাগিছে
সুভাগ্যৰ উদয় হবনো কেতিয়া?
নাই দুখীয়াৰ নাহে সুখৰ দিন
ভোকাতুৰ হৈয়ে মৰিম যেন লাগিছে এতিয়া৷
এমুঠিমান ভাত পাওঁ তাকো
লগত প্ৰায়ে লোণ  নাথাকে
তৰকাৰী,আঞ্জা পিছৰ কথা
সুদা ভাত কেইটাই প্ৰায়েই নিমিলে৷
চকুৰ আগতে দেখিছো কিছুমানে
বস্তু খাব নোৱাৰি পেলাই দিয়ে দম,দম কৰি
সিহঁতৰ কিযে ভাগ্য আৰু আমাৰ কি
কি লিখিলা কপালত হৰি?
কাৰোবাক দিয়া উভৈনদীকৈ
কাৰোবাৰ এমুঠিও নাই
দুয়োবিধেই মানুহ থাকে পৃথিৱীত জীয়াই৷
ধনীলোকে ভাল আহাৰ
সোণৰ কাঁহীতহে  খায়,
খাব নোৱাৰি পেলাই দিয়ে তাকো
চুৱাপাতনি উপচি যায়৷
সকললোৰে জনম একেই মৰণ
কি কাৰণে দুখীয়াৰ দুখ নুগুছে,
কিয়নো বাৰু দুখে
পাছে পাছে খেদি ফুৰে৷

অহল্যা

তোমাৰ প্ৰতি মোহ পাশত আবদ্ধ হৈ
বাসৱও হৈছিল বলিয়া
হয়তো সেই বলিয়ালিৰ কাৰণেই
তুমি শাপভ্ৰষ্টা হৈ
শিল হৈ পৰি আছিলা!

সাৰঙ্গপাণিৰ পদধূলা পাই
লৈছিলা পুনৰ জীৱন
তুমিতো জনা নাছিলা একো
তোমাৰ কাৰণে যে স্বৰ্গৰ
পৰা নামি আহিব দেৱৰাজ
তোমাৰ স্বামীৰ বেশেৰে
কটাবহি নিশা৷

তুমি প্ৰবিত্ৰ নাৰী
যাৰ বাবে শিলৰ পৰা প্ৰাণ পাই উঠিছিলা
তুমিতো জনা নাছিলা একো
তোমাৰ জানো দোষ আছিল অহল্যা!

সঁচাই হৰিণাৰ মাংসই বৈৰী
এতিয়াও কেতিয়াবা আহে নেকি দেৱৰাজ
তোমাৰ ৰূপত মুগ্ধ হৈ?

Sunday, 30 June 2019

যোৱা, যোৱা

যদি তোমাৰ ইচ্ছা নাই
নকৰো তোমাক জোৰ
হব যদি নিবিচাৰা
নালাগে হব তুমি মোৰ৷

বাৰে বাৰে ভাহে তোমাৰ ছবি
মোৰ দুচকুত
আলফুলে লিখিছিলো তোমাৰ নাম
মোৰ বুকুত৷

মই ভবাতো নাছিলো
তুমি যাবা মোৰ পৰা আতৰি
মই জনাতো নাছিলো
অতীতক তুমি যাবা পাহৰি !

যোৱা যোৱা গুছি যোৱা
মোৰ পৰা আতৰি
কোনেও শুনাব নালাগে
মোৰ দুখৰ বাতৰি৷

তুমি আতৰি গলে মোৰ
সপোনবোৰ শেষ হৈ যাব
হৃদয়ত বিষাদে আৱৰি ধৰি
বিননীৰ গীত জুৰিব৷

হওঁক মোৰ যি হয়
তাত কাৰ আহে যায়
তোমাৰ কথা ভাবি ভাবি
মোৰ যে হেঁপাহ নপলায়৷

তুমি আতৰি যাব খুজিছা
তাত মোৰ আপত্তি নাই
কিনো বাৰু
লিখিলে বিধাতাই৷

সময়ৰ কথা নুবুজি
কৰিলো অকণমান আমনি
মোক যেন কৰি দিয়া ক্ষমা
নুফুৰো তোমাৰ পিছে পিছে ঘূৰি৷

হিয়াৰ আঘাত কেতিয়াও নুশুকাই
মোৰহে দুখৰ কথা
কোনো বুজোতা নাই!

তুমি চাগৈ এতিয়া
বহুজন বন্ধু পাইছা
সেইবাবে তুমি মোক
পাহৰিব খুজিছা৷

মই ভুল কৰিলো সঁচাই
কিন্তু এতিয়া বুজিছো
হিয়াখন খুলি খাব ধৰিছে
নানা চিন্তাই৷

ধেৎ মই কি প্ৰেম পাগল নেকি?
হয়, হবও পাৰো
তুমি কাষৰপৰা আতৰিব খুজিছা
তোমাক নাপাও আৰু!

যোৱা তোমাক আহ্বান জনাইছো
মোৰ পৰা আতৰি যোৱা
মোৰ পৰা আতৰি তুমি
কাৰোবাৰ আপোন হোৱা৷

নালাগে ভাবিব মোৰ কথা
নিজক লৈ ব্যস্ত থাকিবা সদায়
তুমিয়েই দিছা যেতিয়া
মইনো কেনেকৈ থাকো
দিছো তোমাক বিদায়৷

মোৰ মৰম পাবলৈ
মোক মৰম দিবলৈ
ইচ্ছা তোমাৰ নাই কাৰণ
মই দুখীয়াৰ লৰা
হবতো নোৱাৰো মই
তোমাৰ বিয়াৰ দ’ৰা৷

কেতিয়াওঁ তোমাক পাহৰিব নোৱাৰো
সদায় যেন সুখী হোৱা
মোৰ হৃদয়ৰ ভাষা
তুমি এবাৰো নুবুজিলা৷

আনৰ লগত সুখী হোৱাগৈ
মোক তুমি পাহৰি
যোৱা, যোৱা তুমি
দুখ-বিষাদেই মোৰ
চিৰজীৱনৰ লগৰী৷

ৰাণীৰ নুপুৰৰ ধ্বনি

নিপিন্ধিবা নুপুৰ দুভৰিত তুমি
বুজিছানে ৰাণী
বিষাদে ধৰেহি
মোৰ হিয়াত ছানি
তুমি প্ৰথম আহোতে
দুচকুত লৈ আহিছিলা এটি সেউজীয়া জোন
তুমি কিয় আজি গুচি গ’লা
ক’ত হেৰালা মোৰ সোণ৷
টোকৰ নমৰাকৈয়ে খুলিছিলা
হৃদয়ত প্ৰেমৰ দুৱাৰ
কিয় বাৰু এনে হল
জীৱনত আমাৰ!
মোক তুমি সজাইছিলা
সেউজী মৰমৰ সাজেৰে
আশা কৰিছিলোঁ জানা মই
তোমাক কাষতে সদায় পাবলে৷
তোমাৰ যি আছিল সেইয়া মোৰ নাই
মোৰ মাথোঁ হৃদয় আছিল
হৃদয়ৰ মাজত কিন্তু কোনো
প্ৰতাৰণা, প্ৰবঞ্চনা নাছিল৷
তোমাৰ দুচকুত লহপহকৈ গজিছিল
এখন মৰমৰ সেউজীয়া ভূমি
মোৰ দুচকুত তাৰ সেউজীয়া ছাঁ
কিয় বাৰু আতৰিলা তুমি?
সেউজী অৰণ্যত বাহঁ লৈছিলহি
অনেক চৰাই আহি
মোৰ কাণেৰে শুনিছিলো বিহগীৰ গীত
চকুত দেখিছিলো ফুলৰ পাহি৷
এটি বাঁহী কোনেনো বাৰু
ক’তনো,কিয় বজাইছিল
কোনেনো বাৰু আমাৰ দুয়োকে
মানুহ ৰূপে এদিন সজাইছিল?
বতাহত ঢৌৰ দৰে আহি থকা মাতটো
মই কৰবাত শুনা পাইছিলো
শিলতকৈও শিল হৈ পৰি
বাৰে বাৰে তোমাক সপোনত দেখিছিলো৷
এদিন লাখ,লাখ অভিযোগেৰ বৰষুণেৰে
মোৰ গল হৃদয় তিয়াই
এদিন তুমি আতৰি গ’লা মোৰ পৰা
অজানিতে মাগি বিদায়!
তুমি যেতিয়া গৈছিলা তেতিয়া মোৰ বুকুত
তোমাৰ ভৰিৰ নুপুৰৰ মাত
তুমি নুপুৰ নিপিন্ধিবা দুভৰিত ৰাণী
তাৰ মাতত কঁপে মোৰ ভৰি-হাত৷
এতিয়া যেতিয়াই তেতিয়াই উৰি আহে
স্মৃতিৰ কোনোবা চৰাই
মোৰ কলিজা বিষাই
কিয়নো সিহঁতে মোক
বিষাদৰ গান শুনাই৷

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...