Wednesday, 29 April 2020

আধৰুৱা সপোনৰ মালিক

তোক কইনা সাজত চোৱাৰ হেপাঁহ
থাকি গ’ল মোৰ
বহুদিনৰ মূৰত আজি
তোৰ ফেচবুকত প্ৰফাইলটো চালো
হেই,তই আগৰদৰেই ধুনীয়াজনী হৈ আছ’৷

বহুদিন হৈ গল
মই ভালদৰে খাব শুব নোৱাৰা হলো
তোৰ বিয়াৰ দিনাৰ পৰাই
হয়তো মোৰ সুখৰ ঠিকনাবোৰ হেৰাই গ’ল!

তই জাননে মই এতিয়াও
যেতিয়াই তেতিয়াই তই দিয়া মেছেজবোৰ পঢ়ো
পাহৰি যাওঁ মই সেইবোৰ
অতীতৰ নে বৰ্তমানৰ

সকলোকে ফাঁকি দিলেও
নিজৰ গাৰুটোক ফাঁকি দিয়াটো বৰ কঠিন অ’
সিয়েই একমাত্ৰ জানে
সুখী কোন দুখী কোন?

এতিয়াও মই নষ্টালজিয়াৰ সাগৰত
মন গলেই  সাতুৰি ফুৰো
হেৰাই যোৱা সপোনবোৰৰ আত বিচাৰি ফুৰো

ক’তনো কি ভুল হৈ গ’ল
একোকে আজিলৈকে বুজি নাপালো
যোৱাৰ আগটো শিকাই থৈ নগলি
সুখী হোৱাৰ মন্ত্ৰ !

তোক কইনা সাজত চোৱাৰ হেপাঁহটো
মোৰ আধৰুৱা হৈ ৰ’ল
তই আনৰ হোৱাৰ দিনাৰে পৰা
আৰু এজন আধৰুৱা সপোনৰ মালিক হ’ল !

২৯/০৪/২০২০

Sunday, 26 April 2020

এইখন আমাৰ দেশ

সোণেৰে গঢ়া এইখন আমাৰ দেশ
সোণোৱালী শস্যৰ দেশ
মানুহৰ উজ্জ্বল একোটি মনৰ দেশ৷
সূৰ্য্যৰ সোণালী কিৰণে আৱৰা
এইখন মোৰ দেশ
মইতো নাজানো মোৰ দেশখন
কোনে স্ৰৰজিলে 
কোনে নাম দিলে
আইৰ বুকুৰ সম্পদবোৰ 
আজি কোনে কাঢ়ি নিলে?
নাজানো মই এই দেশৰ
আকাশ,বতাহ,পানী,জীৱজন্তু
কোনে স্ৰৰজিলে ইয়ালৈ আহি
দেশৰ বাগিছাত চোৱা
ফুলিছে নানা ফুলৰ পাহি৷
এই দেশৰ মাটি 
এই দেশৰেই সকলো
থিয় হৈ আছে পৰ্বত-পাহাৰ
এইদেশ মোৰ অতি মৰমৰ
ক’তজনে এইদেশৰ মাটিত দিলে দেহা
তাৰ যে হিচাপ একো নাই
কিমানজনে ল’লে জনম
মোৰ আই সকলোৰে পালক
আই আছেহি কি যে বেশত৷
এইখন আমাৰ দেশ
কাৰো লগত তুলনা নাই
দিনক দিনে আমাৰ দেশ 
যায় যেন আগুৱাই৷

বতাহ আৰু ত’ৰা

ভাল লাগে দেহ মন
জুৰোৱা বতাহত বহি
নানা তৰহৰ কথা ভাবি,
ৰাতিৰ আকাশৰ তলত বহি
বৰ ভাল লাগে
আকাশৰ ত’ৰা লেখি৷
নানা প্ৰশ্নই জুমুৰি দি ধৰে
বহু কথাই আহে মনলৈ,
মন নাযায়নে বাৰু
ত’ৰাৰ লগত লুকাভাকু খেলিবলৈ৷
কিন্তু ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি!
কৰি যোৱা কাম চেষ্টাৰ অসাধ্য একো নাই
নেওচি আগুৱাই যোৱা
জীৱন বাটৰ বিপদ বিঘিণি৷
অলপতে নহ’বা হতাশ
মনত লোৱা নতুন উদ্যম প্ৰেৰণা,
ভাবিলেই হব জানো পূৰণ
মনৰ বাসনা৷
বতাহৰ হো-হোৱনি
ত’ৰাৰ জিকমিক
সদায় আমি দেখিছো,
কিন্তু তাৰ আচল অৰ্থ আমি
কেতিয়াবা জানো ভাবি চাইছো?

তোমাক বিচাৰি যাওঁ

বহুত দিন ভাবি আছো
তোমাৰ কথা মোৰ মনত
তোমাকে বিচাৰো মৰমী কাষতে
মোৰ দুদিনীয়া জীৱনত৷
সদায় কল্পনা কৰো
মধুৰ মধুৰ সপোন ৰচো
হঠাতে কল্পনাৰ কাৰেং সাজি
হঠাতে ভাঙি চুৰমাৰ কৰো৷
নাজানো তোমাৰ প্ৰতি কিয় মোৰ
ইমান মৰম চেনেহ ভালপোৱা
তুমিয়েই হৈছা একমাত্ৰ নাৰী
হৃদয়ত আলফুলকৈ গুজি বহা!
কথাৰে প্ৰকাশ কৰিব নোৱাৰো
মোৰ মনৰ কথা তোমাৰ আগত
ভগৱানৰ কি যে মনোৰম সৃষ্টি
আতৰি নাযাবা তুমি লাজত৷
এটি মৌ মিঠা মাত দি
মোৰ অন্তৰ নিয়া শাঁত পেলাই
মোৰ এই অবুজ ভালপোৱাই
তোমাক মাথো বিচাৰি যায়৷
বহাগ অহাৰ বাতৰি লৈ
কুলিয়ে বিনাই কুউ কুউ কৈ
শয়নে সপোনে বিচাৰো তোমাকে
মনে সদায় বিচাৰে কাষত
তোমাৰ প্ৰতিছবি আঁকিলো সংগোপনে
মোৰ হিয়াৰ ভাজত৷
মচিব নোৱাৰো সেই প্ৰতিছবি
মোৰ হিয়াৰ পৰা
তুমি হবা মোৰ বিয়াৰ কইনা
মই হম তোমাৰ দৰা৷
দুয়ো বিয়া পাতি
সুখৰ সংসাৰ গঢ়িম
এই বিনন্দীয়া পৃথিৱীত
তোমাকে আপোন কৰিম৷

Thursday, 23 April 2020

চকুৰ চিনাকি

চকুৰ চিনাকি হলেই নহব
যদি নোহোৱা হৃদয়ৰ আপোন
দেখিলেই জান নহব
যদি দিঠক নহয় সপোন৷
ক্ষন্তেক কাষত থাকিলেই নহব
যদি লগৰী নোহোৱা জীৱনৰ
বুজামনো মই কেনেকৈ
তুমি মোৰ কিমান মৰমৰ৷

লগৰী হলেই জানো হব কোৱা
যদি সঁচা মৰম নিদিয়া
তাতোকৈ দূৰত থকাই ভাল
যদি মোৰ আপোন নোহোৱা৷

আহি থাকিবা কাষত সদায়
আপোনমনে মনৰ কথা পাতিম
তুমি মোক মৰম দিলে
মইও তোমাক মৰম দিম
মন মিলিলে আপোন কৰিম৷
সঁচা মৰমৰ প্ৰতিশ্ৰুতিৰে
দুয়ো মিলি এক হম
চিৰসংগী জীৱনৰে
বুকুত সজাই থম৷

৩০ আগষ্ট ২০০৯

এটা কবিতা

আজি মোৰ এটা কবিতা লিখিব মন গৈছে
মই বৰকৈ আৱেগিক হৈ পৰিছো নেকি
কবিতাৰ কিছুমান ভাষাই আজি বৰ আমনি কৰিছে
নিলিখো বুলিও থাকিব পৰা নাই মই
কি হৈছে মোৰ আজি?
মই জানিব খুজিছো শীতৰ অত্যাচাৰত
নঙঠা হৈ থকা কাঞ্চন জোপাক
দূবৰিত লাগি থকা নিয়ৰৰ টোপালক আৰু
ডাৱৰ,ডাৱৰ লগা কুৱলীজাকক!
সিহঁতে জানে নেকি মোৰ কথা কিবা
প্ৰস্তৰ যুগৰ পৰা আজিলৈকে একে থকা
মাটি চপৰাটোক সুধিব মন গৈছে
মোক যদি বুজাই দিলেহেঁতেন!
সেইয়া চোৱা পাহাৰৰ খোৰোং বোৰত মেঘ
আৰু কুৱলীৰ ধোঁৱা বৰণীয়া অন্ধকাৰত
ৰ’দালিয়ে ধেমালি খেলা
উৰণীয়া ডাৱৰৰ পৰা মুক্ত হোৱা জোনটো
আৰু তিৰবিৰাই থকা ত’ৰাবোৰ৷
মই ফুলপাহক সুধিছো
হে,গোলাপ তোমাৰ পাহিৰ ৰং আৰু কোমলতাবোৰ কোনে দিলে
মোক অলপ দিবা নেকি
হে,আজলী হৰিণীজনী তোমাৰ দুচকুৰ নীলাবোৰ
বিলাই দিবা নেকি চাৰিওফালে৷
মোৰ চোন আজি ইমান ঠাণ্ডাতো
বৰ গৰম লাগিছে
বুকুখন ঢিপিং ঢিপিং কৰিছে
দুগালৰ চকুলো ও ইমান তপল!
ফুলনিত ফুলি থকা ফুল
বতাহত উৰি থকা পখিলাৰ আনন্দকণ
মই পোৱা হলে!
হে,কপৌপাহি তোমাক এটি কথা কওঁ
আজিৰ মানুহৰ হিয়াখন শিলৰ নেকি
কিয় অন্তৰৰ কথাবোৰ যে নুবুজে
হে,কেকটাছ তুমি হবলা দান দিলা
তোমাৰ কাইটবোৰ বিন্ধিবলৈ৷
তোমাৰ ঠুনুকাবোৰ মোক দিলা
হিয়া চূৰ্ণ বিচূৰ্ণ হ’ল
মৰুভূমিৰ মৰিচীকা আজি
সকলোলৈ বিয়পি আহিল
আইচবাৰ্গ অলপ গাত বান্ধি লওঁ নেকি
বাৰিষাৰ নৈৰ গড়া
খৰালিৰ খৰাংবোৰ কিয় মোৰ বুকুত?

Wednesday, 22 April 2020

জীয়াই থাকিম কেনেকৈ

হেৰাল ভাষা
হেৰাল আশা,
সঘনাই উচুপো
নিৰ্জন নিশা৷
সূদূৰ আকাশৰ জোন
বহুতে সোধে মই কোন?
কোন ক’ত আছা
অলপ সহায় কৰাচোন!
জীৱনটো বৰ আহুকাল হ’ল
সুখৰ দিন নিমিষতে মাৰ গ’ল
যাৰ চকুত চকু থৈ সপোন দেখো
তেওঁ যে দূৰলৈ আতৰি গ’ল৷
সঘনাই মন খেলিমেলি
কোনেও নাচায় মোক চকুমেলি
হে বিধাতা তুমি কপালত
কিনো দিলা লিখি?
সকলো ডুব যায়
সপোনৰ সুকোমল কোলাত,
মইহে উচুপি কটাও উজাগৰী ৰাতি
অকলশৰীয়া নিৰ্জন নিশাত৷
তুমিও গ’লা গুচি দূৰলৈ
মোৰ মৰম দলিয়াই থৈ,
যোৱাৰ আগত নকলা কিয়
জীয়াই থাকিম কেনেকৈ?

Monday, 20 April 2020

নদীৰ পাৰৰ গাঁও

নদীৰ পাৰৰ এইখন আমাৰ গাওঁ
প্ৰবল বানপানী,গৰাখহনীয়াই আমাক
সদায় জুৰুলা কৰে
নহয় বাৰিষা কেতিয়াও খেতিবাতি
দুখ কষ্ট আমাৰ উভৈনদী
বানপানীত সকলো তল যায়
সকলো শেষ হৈ যায়
দুখীয়াৰ জীয়াই থকাৰ উপায় নাই!
ক’ত দিন অনাহাৰে
ক’ত দিন আধাপেটী থাকো
আমি মৰি মৰিয়েই জীয়াই থাকো৷
বালিৰ মথাউৰি বৰষুণতে ভাঙে
উন্নয়নৰ ধন সোমায় কাৰোবাৰ জেপত
শোষণ কৰিবলৈকে ভগৱানৰ ওচৰত
লয় তেওঁলোকে শপত৷
বাৰীৰ শাক পাচলি,পথাৰৰ ধান
গোহালিৰ গৰু,মহ,ছাগলী
মোৰ কোলাৰ সৰু পোনাটি হেৰাল
বানৰ বুকুত
আজি মই নিঠৰুৱা
কোনোবাই কৰিবনে আমাৰ সমস্যা সমাধান
গঢ়িবনে সোণালী গাওঁ৷

প্ৰাৰ্থনা

মানুহৰ ভিতৰত নতুন সৃষ্টিশীল
বিচাৰ শক্তি উৎপন্ন কৰা
তোমাৰ মাত্ৰ কাম,
সফল জীৱন যাপনৰ বাবে
মানুহক তুমি সজাই তোলা
প্ৰাৰ্থনা তোমাৰ নাম৷
সকলো সম্পদ মনৰ মাজত
মানুহৰ নিহিত হৈ থাকে,
প্ৰাৰ্থনা এক পৰম শক্তি
মানুহৰ মন নিকা কৰে৷
মানুহৰ চেতনাৰ মাজতে বিদ্যমান
নানান বিচাৰধাৰা
এই সকলোবোৰক মুক্তি দি
দিয়া বিকাশ আৰু প্ৰকাশৰ সুবিধা৷
সফলভাৱে কাম কৰাত
নিয়া আমাক সকলোকে আগুৱাই,
প্ৰাৰ্থনাৰ মহত্ত্ব বুজাব নোৱাৰি
নানে আমালৈ বিপদ চপাই৷
ঈশ্বৰে আমাৰ মন আৰু ব্যক্তিত্বত
ভাবিব নোৱাৰা শক্তি,সামৰ্থ দিছে,
প্ৰাৰ্থনাই আমাৰ সকলোৰে বাবে
এখন মহান জগত ৰচিছে৷
প্ৰাৰ্থনাৰ জৰিয়তে আমি শক্তি সামৰ্থ্য
বিকাশ সাধন কৰিব পাৰো,
আহা আমি সকলোৱে মিলিজুলি
সদায় প্ৰাৰ্থনা কৰো৷


পানেই জংকী

তোমাৰ নাম পানেই থলো
মোৰ নাম জংকী ল’লো
আৰু কি কৰিলো জানা
দিম তোমাক জীৱনেে মৰণে নেৰাৰ প্ৰতিশ্ৰুতি
যদি দিয়া মৰম সঁচা!
মিৰিজীয়ৰী পানেইৰ দৰে
মোক হিয়া দিবানে?
জীৱন মৰণৰ লগৰী
তুমি বাৰু হবানে?
সোৱণশিৰী বৈ যায় বহু দূৰলৈ
মনত পৰা নাইনে তোমাৰ
সৰু কালৰ খেল-ধেমালি বোৰলৈ?
মই জংকী হৈ ফুৰিম তোমাক বিচাৰি
তুমি যদি থাকা ক’ৰবাত পলাই
মানুহে মৰমক নুবুজে কিয়নো
হিয়াখন যে ভাঙি চিঙি যায়!
এই জনমত মিলনত নহলেও
হ’ম গৈ পিছৰ জনমত
তথাপিও ঘুণ লাগিব নিদিবা
আমাৰ সঁচা মৰমত৷
একেলগেই জীয়াই থাকিম
লাগিলে মৰিম একেলগে
পিছৰ জনমতো ভগৱানে
আমাক শান্তি নিদিবনে চাগে!
ঘৰখনে মিলনত বাধা দিলেও
আমি দুয়ো থাকিম একেলগে
আমি আতৰি গলে
সকলোৱে মৰম বুজিব চাগে৷
অ’ মোৰ পানেইজনী মোৰ
তোমাৰ বাবেই দিম সকলো
সোৱনশিৰিত ধুম গৈ দুধাৰি চকুলো৷

Wednesday, 15 April 2020

গুগলৰ (Google) বিষয়ে জানো আহক

১/গুগলৰ আৰম্ভণি ( স্থাপন) ১৯৯৮ চনৰ ৪ ছেপ্তেম্বৰত হৈছিল৷
২/গুগলৰ সংস্থাপক হ’ল লেৰী পেজ ( Larry Page ) আৰু চাৰ্জে ব্ৰীন ( Sergey Brin)
৩/গুগুলৰ মুখ্য কাৰ্যালয় ( Headquarter) ১৬০০ এম্পিথিয়েটাৰ,পাৰ্ক ৱে মাউণ্টেইন ভিউ, কেলিফৰ্ণিয়াত ( 1600 Amphitheater,Park way Mountain View,California) আছে৷
৪/সুন্দৰ পিচাই (Sundar Pichai) গুগলৰ বৰ্ততমানৰ CEO ৷
৫/ৰুথ পোৰাট ( Ruth Porat) গুগুলৰ বৰ্তমানৰ CFO ৷
৬/গুগলৰ সংস্থাপক Larry Page আৰু Sergey Brin ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ( Stanford University)  Ph.D ৰ Student আছিল৷
৭/গুগল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ( আমেৰিকা USA ) এটা প্ৰযুক্তি  কোম্পানী৷
৮/গুগলৰ মুঠ Net Worth প্ৰায় 632 বিলিয়ন৷
৯/গুগলৰ মুঠ কৰ্মচাৰী প্ৰায় ১১৪০৯৬ জন৷
১০/গুগল চীনদেশত নিষিদ্ধ কৰা আছে৷
১১/গুগল প্ৰায় ১০৯ টা ভাষাত উপলব্ধ৷
১২/Google ৰ সম্পূৰ্ণ ৰূপটো  হৈছে Global Organization of Oriented Group Language of Earth 
১৩/গুগলত যিকোনো প্ৰশ্নৰ উত্তৰ মজুত আছে৷
১৪/গুগলে অতি ক্ষিপ্ৰতাৰে উত্তৰ প্ৰদান কৰে৷
১৫/google.com বিশ্বৰ আটাইতকৈ বেছি Visit কৰা ৱেবছাইট৷
১৬/২০০৪ চনৰ ১৯ আগষ্টত Google পাব্লিক লিমিটেড  কোম্পানীলৈ পৰিণত হয়৷
১৭/গুগলৰ বৰ্তমানৰ CEO সুন্দৰ পিচাই এজন ভাৰতীয়৷
১৮/আমি সাধাৰণতে গুগল Search Engine হিচাপে ব্যৱহাৰ কৰো৷
১৯/Google Pixel গুগলে নিৰ্মাণ কৰা Smartphone
২০/Google Dua আৰু Hangout ৰ সহায়ত ভিডিঅ’ কলিং আৰু মেছেজ কৰিব পাৰি৷
২১/গুগলে Gmail ৰ দ্্বাৰা Email ৰ সেৱা প্ৰদান কৰে৷
২২/Google Translate ৰ সহায়ত বিশ্বৰ যিকোনো ভাষা অন্য বেলেগ ভাষালৈ সহজে
অনুবাদ কৰিব পাৰি৷
২৩/Google Map ৰ সহায়ত বিশ্বৰ বিভিন্ন ঠাইৰ মানচিত্ৰ অতি সহজতে পাব পাৰো৷
২৪/গুগলে Google docs,Google sheets,Google drive,Google earth,Google keep আদিৰ সহায়ত বিভিন্ন সেৱা আগবঢ়াই৷
২৫/Google Calendar ৰ সহায়ত দিন,বাৰ,তাৰিখৰ লগতে দিৱসসমূহ জনাত সহাায়ক হয়৷
২৬/গুগলৰ সহায়ত Google sites আৰু blog site বনাব পাৰি৷
২৭/গুগল কোম্পানীৰ Unofficial Slogan হ’ল “Don't be evil”
২৮/ক্ৰেইগ চিলভাৰষ্টেইনক ( Craig Silverstein) গুগলে প্ৰথম কৰ্মচাৰী হিচাপে hire কৰিছিল৷
২৯/১৯৯৭ চনৰ ১৫ চেপ্তেম্বৰত গুগলে নিজৰ Domain Name পঞ্জীয়ন কৰিছিল৷
৩০/Google Adsense আৰু Admobe ৰ সহায়ত টকা উপাৰ্জন কৰিব পাৰি৷
৩১/বিশ্বৰ ৫০ খন দেশত গুগলৰ ৭০ টা কাৰ্যালয় আছে৷
৩২/Google ৰ Headquarter ৰ নাম হল Google Plex
৩৩/গুগলৰ মালিক ( Owner) হ’ল Alphabet Inc.
৩৪/গুগলৰ CEO সুন্দৰ পিচাই বছৰি ২ মিলিয়ন দৰমহা হিচাপে লাভ কৰে৷
৩৫/প্ৰতি ছেকেণ্ডত প্ৰায় ৬৩০০০ লোকে Google চাৰ্চ (Search) কৰে৷
৩৬/গুগুলত চাৰ্চ কৰাক শীৰ্ষত ফেচবুক,ইউটিউব,আমাজন,জিমেইল অন্যতম৷
৩৭/Google Play Store ত Android ৰ ব্যৱহাৰ উপযোগী App সমূহ উপলব্ধ৷
৩৮/Android Operating System Developed ৰ কাম Google য়ে কৰে৷
৩৯/Google ৰ শুদ্ধ ৰূপটো হৈছে Googol ৷ ইয়াৰ অৰ্থ হৈছে ১ পিঠিত ১০০ টা শূন্য৷
৪০/গুগলৰ ৰ প্ৰথম নাম BackRub আছিল৷



*তথ্য সমূহ ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা 

Monday, 13 April 2020

ফেচবুকৰ (Facebook)বিষয়ে জানো আহক

১/ফেচবুকৰ আৰম্ভ ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে হৈছিল৷
২/ফেচবুকৰ আৰম্ভ মাৰ্ক জুকাৰবাৰ্গেে কৰিছিল৷
৩/প্ৰথমে ফেচবুকৰ নাম The Facebook আছিল৷
৪/২০০৫ চনৰ আগষ্ট মাহত The Facebook ৰ সলনি Facebook নাম দিয়া হয়৷
৫/ফেচবুকৰ সংস্থাপক কেইজন হল -- মাৰ্ক জুকাৰবাৰ্গ,এডুৱাৰ্ড চাভেৰিন,ডাষ্টিন মস্কভাইট,ক্ৰিছ হিউজেছ
৬/ফেচবুকৰ মুখ্য কাৰ্যালয় মেনলো আল্টো ,কেলিফৰ্ণিয়া আমেৰিকাত আছে৷
৭/মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ বৰ্তমানৰ CEO
৮/ফেচবুক ব্যৱহাৰ কৰিবৰ বাবে একাউণ্ট খুলিব লাগিব তাত নিজৰ নাম,বয়স,শিক্ষাগত অৰ্হতা,শিক্ষানুষ্ঠানৰ নাম,ঠিকনা আদি দিব লাগে৷
৯/ফেচবুকত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৩৯৬৫১ জন৷
১০/ফেচবুকত এজন ব্যক্তিয়ে ৫০০০ জনৰ লগত বন্ধুত্ব কৰিব পাৰে৷
১১/২০০৯ চনৰ ৯ ফেব্ৰুৱাৰীত ফেচবুকত লাইক (Thumbs up)বুটাম (Button) আৰম্ভ কৰা হৈছিল৷
১২/২০১০ চনৰ জুন মাহত ফেচবুকত কমেণ্ট বুটাম সংযোগ কৰিছিল৷
১৩/২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকত Love, Haha, Wow,Sad,Angry বুটাম সংযোগ কৰা হৈছিল৷
১৪/ফেচবুকৰ বিশ্বৰ আটাইতকৈ বেছি লোকে ব্যৱহাৰ কৰা Social Networking Site হয়৷
১৫/ফেচবুকৰ জৰিয়তে মেচেজ কৰিব পাৰি৷এই Facebook Chat বা মেছেজ দিয়া প্ৰক্ৰিয়া ২০০৮ চনত আৰম্ভ হৈছিল৷
১৬/ফেচবুক Story ত ফটো বা ভিডিঅ’ বন্ধুৰ লগত ২৪ ঘণ্টাৰ বাবে চেয়াৰ কৰিব পাৰি৷
১৭/ফেচবুক প্ৰায় ১০১ টা ভাষাত উপলব্ধ৷
১৮/ফেচবুকৰ নেট ৱৰ্থ (Net Worth)প্ৰায় ৮২ বিলিয়ন৷
১৯/ফেচবুকত প্ৰায় ২.৪৫ বিলিয়ন মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী ( Monthly Active Users)আছে৷
২০/ফেচবুকে মেছেঞ্জাৰ (Messenger) ২০১১ চনৰ ১৯ অক্টোবৰ তাৰিখে Launched কৰিছিল৷
*তথ্য সমূহ ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা

Sunday, 12 April 2020

স্বপ্নদ্ৰষ্টা

বহুতে যে কয় চকুৰ আতৰ হলে মনৰো আতৰ হয়
ক’তা মোৰ দেখোন মনৰপৰা
এখন্তেকো আতৰ নহলা তুমি!
কেইটা বসন্ত,কেইটা শৰৎ পাৰ হৈ গল
মোৰ ক’ত সপোনৰ স্বপ্নভংগ হল
এটি সপোনে মাত্ৰ জীয়াই থকাৰ প্ৰেৰণা দিয়ে!
গোলাপক সুধিলো তোমাৰ কথা
আৰু সুধিলো শালিকা চৰাইজনীক
তুমি বোলে ব্ৰহ্মপুত্ৰৰ সিপাৰে আছা৷
বহুজনে অতীতক পাহৰি যায়
সপোন সপোন বুলি হাবাথুৰি খায়
মই যে স্বপ্নদ্ৰষ্টা 
এদিন তোমাক নিশ্চয় লগ পাম!
১২/১২/২০১২

Friday, 10 April 2020

সপোনত বাস্তৱত

ব্ৰিটিছ আছিল খেদি দিলো
ধুনীয়া দেখি তাইক পলুৱাই নিলো৷
নিজকে ভাৱে ঝাণ্সীৰ ৰাণী
মোৰ চকুত চকুপানী৷
প্ৰথম কেইদিনমান মৰম দিলে
আজি ৰাতিপুৱাই ঘটং দিলে৷
লগৰ বোৰক দেখুৱাব নোৱাৰো মুখ
তাইক নিয়াৰ পৰাই বহু দুখ!
ধুনীয়া দেখি নিলো হৰণ কৰি 
এতিয়া কথাই কথাই ভাঙে ভৰি৷
কৰিব লাগে মই ঘৰৰ কাম
মাজে মাজে পাহৰো নিজৰেই নাম!
তাইক লাগে দামী শাৰী
বুজা নাছিলো তাই চলনাময়ী নাৰী৷
ভাবিলো তাইৰ বিপক্ষে আন্দোলন কৰিম
লগৰ দুটামানক মাতি অনশন কৰিম৷
তাই আহিল কালী মা হৈ
তই এইবোৰ কি কৰিছ’ ঐ?
ভয়ে ভয়ে জপিয়াই দিলো
তেতিয়াই আচল কথাটো গম পালো
সকলো ঘটিছিল সপোনত
বিয়া পতা নাই বাস্তৱত!😊

এটি স্বপ্ন এটা সাধুকথা

সেইদিন মোৰ এটি স্বপ্ন
আইতাৰ মুখৰ এটি সাধুকথা
যাত্ৰী মই কণ্টকময় পথৰ
সেইদিনা আশাই বাট দেখুৱাইছিল
আৰু আজি ভাঙি গল বালিঘক!
ফুল হালিজালি আছিল বতাহত
সুগন্ধই সকলোৰে মন হৰণ কৰিছিল
কাইটীয়া গছৰ ফুল হল এতিয়া৷
খাল,নৰ্দমাক নদী বুলি মই ভুল কৰিছিলোঁ
সেইদিন মোৰ এটি স্বপ্ন৷
নামিছিল তেতিয়া দুধাৰি শীতল চকুলো
ভাবি ভাল লাগিছিল আজিৰ কথা
সকলো বুজিব খুজিছিলোঁ সপোনৰ মাজেৰে৷
চোৱা ফুটপাথৰ এজন ভিক্ষাৰীক
তেওঁৰ একো নাই হাতত
ভবা কথাবোৰত খেলিমেলি লগাই কিহে
আজি দেখা পাওঁ চিনাকিজনৰ অচিনাকি চাৱনি!
মোৰ কোঠা কাঁইটেৰে শুৱনি
চক্ খাই যাওঁ মই
হিয়াত সপোন ফুলাৰ সেইদিনাৰ কথা ভাবি!
নভবাবোৰ কিয় হয় বাৰু
বিস্মৃতি মোৰ লগৰী হোৱা হলে!
মই অনুৰোধ কৰো
নয়ন তুমি দুনাই স্বপ্ন নেদেখিবা
পুৰণি পাতত মচি যোৱা এটি ছবি
ইমান আন্ধাৰ পোহৰৰ মাথো চকামকা
অন্তৰত এটি শব্দ দুৰু দুৰু
ৰক্তত জুবুৰিয়াই দিলো হাত
সেইদিন মোৰ মাথোঁ এটি স্বপ্ন
আইতাৰ মুখৰ এটি সাধুকথা
১২/০৮/২০০৯

Wednesday, 8 April 2020

প্ৰেমত নপৰা ছোৱালীজনী

প্ৰেমত নপৰা ছোৱালীজনীয়ে জানেনে
মৰমৰ সংজ্ঞা কাৰোবাৰ হিয়াৰ ঠিকনা
বুজি পাইনে চাগৈ অভিমানবোৰ
আৰু অনুভৱ কৰিব পাৰেনে
প্ৰেমৰ তৃপ্তি-অতৃপ্তিৰ সুবাস৷
তাই হয়তো মৰুভূমিত
মৰিচীকা দেখা নাই
সজায়নে নাই হিয়াত আশাৰ বালিঘৰ!
তাই তন্ময় হৈ থাকেনে
শকুন্তলাৰ দৰে ভাবুক হৈ?
প্ৰেমৰ নামত হা-হুমুনিয়াহ কঢ়া নাই
আমনি লাগেনে কাৰোবাৰ অপেক্ষাত ৰৈ!
তাই মাজৰাতি সাৰপাই নে চাগৈ
কেতিয়াবা ডুব যায়নে চাগৈ অজান অনুভূতিত!
কাকো জানো তাইৰ ভাল নালাগে
কবলৈ মন নাযায়নে
মনৰ মিঠা লগা কথাবোৰ
হিয়াই নিবিচাৰেনে এজন প্ৰিয় মানুহ?
দুচকুৱে দেখেনে সপোন
প্ৰেমত নপৰা ছোৱালীজনীয়ে?
ভাবেনে কেতিয়াবা তাজমহল বিষয়ে
অথবা জুলিয়েট,পাৰু,আনাৰকলিৰ
লেইলাৰ কথা!
২৮/০৫/২০১০

ঈশ্বৰ

ঈশ্বৰ হল প্ৰেমৰ প্ৰতীক
ঈশ্বৰেই জগতৰ সকলোবোৰ,
সদায় কৰা ঈশ্বৰক প্ৰাৰ্থনা
দুখ বেদনা হব মষিমূৰ৷
ঈশ্বৰক প্ৰেম ভাৱেৰে
কৰিবা সদায় ভক্তি ,
তেহে পাবা তুমি সদায়
ঈশ্বৰৰ নতুন শক্তি৷
কৰিলে সদায় প্ৰাৰ্থনা
হৃদয়ত আনন্দই আৱৰি ধৰে,
তেওঁহে বুজিব প্ৰাৰ্থনাৰ মূল
যি সদায় ঈশ্বৰক চিন্তা কৰে৷
হৃদয়ৰ আনন্দৰ ভাগ তুমি
সকলোকে দিয়াচোন বিলাই,
মনৰ দুখ আমাৰ আতৰাই নিব
অদৃশ্য দয়ালু বিধাতাই৷
ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি
যদি কৰি যোৱা নিজৰ কাম,
তেহে এদিন সুভাগ্যৰ সুফল
উপভোগ কৰিবলৈ পাম৷
বিশ্বাস কৰি যদি তুমি
নকৰা কাম একোকে
তেন্তে একো লাভ নাই
কাৰ্যৰ দ্বাৰাহে বিশ্বাস প্ৰকাশ পায়৷
ঈশ্বৰে আমাৰ সকলোৰে মংগল কৰক
সেউজী পৃথিৱীখন যেন
তেওঁ শান্তিৰে সজাই তোলক৷
ঈশ্বৰক পুৱা গধূলি সদায়
আহা আমি প্ৰাৰ্থনা কৰো,
তেওঁৰ আৰ্শীবাদ আমি সকলোৱে
শান্তিৰে বুকুু পাতি ধৰো৷

মিলিজুলি

কেতিয়াবা কোনোবাই দেখে জানো নিজৰ দোষ,
দোষৰ কথা কলে এপাচি যেন কৰে মুখ৷
হে প্ৰভু,মোৰ ভুল দেখুৱাই দি
শুধৰাই দিবা
মোৰ মনত থাকিব সদায়
দেশমাতৃৰ সকলো কথা৷
নিজেই নিজক সদায় সকলোৰে আগত
বৰ ভাল বুলি কওঁ,
নিজৰ যশ নিজেই মিছাতে কৈ
পাপৰ ভাৰ গোটাই লওঁ৷
লোকৰ চৰিত্ৰ সদায় আমি
বাৰে বাৰে বেয়া দেখো
ভগৱানৰ নাম এৰি কিয়
লোকৰ দোষৰ আলোচনা কৰো!
নিজে বাৰে বাৰে দোষ কৰিলেও
সেইয়া একোৱেই যে নহয়,
নিজৰ ভুল লুকুৱাই ৰাখো
কোনেনো স্বীকাৰ কৰি কয়?
নিজৰ মনত সদায় নিজে ভাল
কৰো বাৰে বাৰে অহংকাৰ,
ভগৱানৰ নাম এৰি লোকৰ চৰ্চা কৰি
মুক্তি বাৰু আছেনে কাৰোবাৰ?
লোকে ভুলটো দেখুৱাই দিলে যাতে
আমি সকলোৱে শুদ্ধ কৰিব লাগে
ডাঙৰ সৰু সকলোকে 
সমান চকুৰে চাব লাগে৷
সকলোৰে এক আত্মা
একেখন পৃথিৱীতে বসবাস কৰে
বহুত নিৰাপদ হব
আমি সকলো মিলিজুলি থাকিলে!
লোকৰ চৰ্চা এৰি
নিজে আমি ভাল হওঁ আহা
পাহৰি যাওঁ দুখ যাতনা,
সকলোৱে মিলিজুলি শান্তিৰে বসবাস কৰি
সকলোৰে দীৰ্ঘায়ু কৰিছো কামনা৷

Tuesday, 7 April 2020

ভাৰতৰ ৰাষ্ট্ৰপতি সকলৰ নাম

১/ড° ৰাজেন্দ্ৰ প্ৰসাদ ( কাৰ্যকাল ২৬ জানুৱাৰী  পৰাা ১৩ মে ১৯৬২ লৈকে)
২/ড° সৰ্বপল্লী ৰাধাকৃষ্ণন ( কাৰ্যকাল ১৩ মে ১৯৬২   ৰ পৰা ১৩ মে ১৯৬৭ লৈকে)
৩/ড° জাকিৰ হুছেইন ( কাৰ্যকাল ১৩ মে ১৯৬৭ ৰ পৰা  ৩ মে১৯৬৯ লৈকে)
*বৰাহগিৰি ভেংকটগিৰি ( Acting কাৰ্যকাল ৩ মে ১৯৬৯ ৰ  পৰা ২০ জুলাই )
*জাষ্টিছ মহম্মদ হিদয়াটুল্লাহ ( Acting কাৰ্যকাল ২০ জুলাই  ১৯৬৯ ৰ পৰাা ২৪ 
আগষ্ট ১৯৬৯ লৈকে)
৪/বৰাহগিৰি ভেংকটগিৰি ( কাৰ্যকাল ২৪ আগষ্ট ১৯৬৯ ৰ পৰা ২৪ আগষ্ট ১৯৭৪ লৈকে)
৫/ফখৰুদ্দিন আলি আহমেদ ( কাৰ্যকাল ২৪ আগষ্ট ১৯৭৪ ৰ পৰা ১১ ফেব্ৰুৱাৰী  ১৯৭৭ লৈকে)
*বি.টি. জাট্টি (  Acting কাৰ্যকাল ১১ ফেব্ৰুৱাৰী ১৯৭৭ ৰ পৰা ১৫  জুুুলাই ১৯৭৭ লৈকে)
৬/নীলম সঞ্জীৱ ৰেদ্দী ( কাৰ্যকাল ২৫ জুলাই  ১৯৭৭ ৰ পৰা ২৫ জুুুুলাই ১৯৮২ লৈকে)
৭/গিয়ানী জৈল সিংহ ( কাৰ্যকাল ২৫ জুুুুলাই ১৯৮২ ৰ পৰা  ২৫ জুলাই   ৷ ১৯৮৭ লৈকে)
৮/আৰ. ভেংকটৰমন (কাৰ্যকাল ২৫ জুলাই ১৯৮৭ ৰ পৰা ১৯৯২ লৈকে)
৯/ড° শংকৰ দয়াল শৰ্মা ( কাৰ্যকাল ২৫ জুলাই ১৯৯২ ৰ পৰা ২৫ জুলাই ১৯৯৭ লৈকে)
১০/কে.আৰ. নাৰায়নন ( কাৰ্যকাল ২৫ জুলাই ১৯৯৭ ৰ পৰা ২৫। জুুুলাই ২০০২ লৈকে)
১১/ড° এ.পি.জে. আব্দুল কালাম ( কাৰ্যকাল ২৫ জুলাই ২০০২ ৰ পৰা ২৫ জুুুলাই ২০০৭ লৈকে)
১২/প্ৰতিভা পাটিল ( কাৰ্যকাল ২৫ জুলাই ২০০৭ ৰ পৰা ২৫ জুুুলাই ২০১২ লৈকে)
১৩/প্ৰণৱ মূখাৰ্জী ( কাৰ্যকাল ২৫ জুলাই ২০১২  ৰ  পৰা ২৫ জুলাই ২০১৭ লৈকে)
১৪/ৰাম নাথ কোবিন্দ ( কাৰ্যকাল ২৫ জুলাই ২০১৭ ৰ  পৰা

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সকলৰ নাম

১/জৱাহৰলাল নেহৰু ( কাৰ্যকাল১৫ আগষ্ট ১৯৪৭ ৰ পৰা ২৭ মে ১৯৬৪ লৈকে)
* গুলজাৰী লাল নন্দ (কাৰ্যকাল Acting ২৭ মে ১৯৬৪ ৰ পৰা ৯ জুন ১৯৬৪ লৈকে)
২/লাল বাহাদুৰ শাস্ত্ৰী ( কাৰ্যকাল ৯ জুন ১৯৬৪ ৰ পৰা ১১ জানুৱাৰী ১৯৬৬ লৈকে)
* গুলজাৰী লাল নন্দ (কাৰ্যকাল Acting ১১ জানুৱাৰী ৰ পৰা ২৪ জানুৱাৰীৰ পৰা ১৯৬৬ লৈকে)
৩/ইন্দিৰা গান্ধী (কাৰ্যকাল ২৪ জানুৱাৰী ১৯৬৬ ৰ পৰা ২৪ মাৰ্চ ১৯৭৭ লৈকে)
৪/মোৰাৰজী দেশাই ( কাৰ্যকাল ২৪ মাৰ্চ ১৯৭৭ ৰ পৰা ২৮ জুলাই ১৯৭৯ লৈকে)
৫/চৰন সিংহ ( কাৰ্যকাল২৮ জুলাই ১৯৭৯ ৰ পৰা ১৪ জানুৱাৰী ১৯৮০ লৈকে)
৬/ইন্দিৰা গান্ধী ( কাৰ্যকাল ১৪ জানুৱাৰী ১৯৮০ ৰ পৰা ৩১ অক্টোবৰ ১৯৮৪ লৈকে)
৭/ৰাজীৱ গান্ধী ( কাৰ্যকাল ৩১ অক্টোবৰ ১৯৮৪ ৰ পৰা ১ ডিচেম্বৰ ১৯৮৯ লৈকে)
৮/বিশ্বনাথ প্ৰতাপ সিংহ ( কাৰ্যকাল ২ ডিচেম্বৰ  ১৯৮৯ ৰ পৰা ১০ নৱেম্বৰ ১৯৯০ লৈকে)
৯/চন্দ্ৰচেখৰ (কাৰ্যকাল  ১০ নৱেম্বৰ ১৯৯০ ৰ পৰা ২১ জুন ১৯৯১ লৈকে)
১০/পি.ভি.নৰসিংহ ৰাও ( কাৰ্যকাল ২১ জুন ১৯৯১ ৰ পৰা ১৬ মে ১৯৯৬ লৈকে)
১১/অটল বিহাৰী বাজপেয়ী ( কাৰ্যকাল  ১৬ মে ১৯৯৬ ৰ পৰা ১ জুন ১৯৯৬ লৈকে)
১২/এইছ.ডি.দেৱ গৌড়া ( কাৰ্যকাল১ জুন ১৯৯৬ ৰ পৰা ২১ এপ্ৰিল ১৯৯৭ লৈকে)
১৩/আই. কে. গুজৰাল ( কাৰ্যকাল২১ এপ্ৰিল ১৯৯৭ ৰ পৰা ১৮ মাৰ্চ ১৯৯৮ লৈকে)
১৪/অটল বিহাৰী বাজপেয়ী ( কাৰ্যকাল ১৯ মাৰ্চ ১৯৯৮ ৰ পৰা  ২২ মাৰ্চ ২০০৪ লৈকে)
১৫/ড° মনমোহন সিংহ ( কাৰ্যকাল ২২মে ২০০৪ ৰ পৰা ২৬ ম ২০১৪ লৈকে)
১৬/ নৰেন্দ্ৰ মোডী ( কাৰ্যকাল ২৬ মে ২০১৪ ৰ পৰা ---

Sunday, 5 April 2020

ৰূপকোঁৱৰ হব নোৱাৰাৰ দুখ

আই,কেতিয়াবা বৰ বেজাৰ লাগে
মানুহৰ কথাবোৰে মনটো ভাঙে
কিয়,কিয় বাৰু মানুহবোৰেে মোক
আপচু মুৰীয়া বুলি হাঁহে৷

নকৰিবি দুখ সোন 
যিয়েই যি কয় কওক
নিজৰ কামতে মন দে
জীৱনত উন্নতি হওক৷

কিয় আই মানুহবোৰে 
চেহেৰা চাই মুখখন কোচাই
কিছুমানৰ কথাই জাননে আই
শৰে বিন্ধাদি বিন্ধে৷

যাৰ কাম নাই
সিহঁতে আনৰ কথাত সময় কৰে নষ্ট
আনৰ কথা শুনি তই
নিজকে নিদিবি কষ্ট৷

জাননে আই মানুহে বৰ
চকু,নাক,চুলি,গাৰ ৰং চাই
ধুনীয়া নোহোৱা মানুহবোৰৰ
একোটা জানো মন নাই৷


ৰূপে কি কৰে গুনে সংসাৰ তৰে
জ্ঞানীলোকে কয়
যাৰে তাৰে কথা শুনি থাকিলে
জীৱনত আগুৱাই যাব নোৱাৰিবি তই৷

জাননে আই মই একো নুবুজো
মোৰ ৰূপকোঁৱৰ হব মন যায়
ধুনীয়া হলেই জানো
একো নকৰিলে হয় আই?

ৰূপকোঁৱৰ হব নালাগে সোন
ভগৱানে যিটো দিছে সেইটোৱে হব
এদিন সকলোৰে দেহা 
মাটিত তলতে পোত যাব৷

জাননে আই চুলিক লৈ ধেমালি
গাৰ বৰণক লৈ ধেমালি কৰে
ৰূপকোঁৱৰ হব নোৱাৰাৰ দুখত মোৰ
টপটপ চকুলো সৰে৷

ধুনীয়াবোৰ ক্ষন্তেকীয়া
গুনবোৰ কিন্তু মৃত্যুৰ পাছতো থাকি যায়
মহান মনিষীৰ কথাবোৰচোন
কিতাপতে পায়৷

জাননে আই মানুহবোৰে
চাপৰ-ওখ,কলা-বগা সকলো বাচ বিচাৰ কৰে
এই কণা,অন্ধ,বোবা মানুহবোৰক লৈও
ৰগৰ কৰি হাঁহিব ধৰে৷

ভগৱানে সকলোকে ৰূপকোঁৱৰ কৰিব নোৱাৰে
সকলোকে দিয়ে কিবা এটা গুণ,
যাৰে তাৰে কথা শুনি
মন বেয়া নকৰিবি মোৰ সোন৷

আনৰ কথাত আৰু আজিৰ পৰা
লাগি নাথাকো মই
কৰ্ম কৰি যাম নিজৰ
বিফলতাবোৰ কৰিম জয়৷

ৰূপৰ কথা বাদ দি
গুনতে দে তই মন
তেহে পাবি সকলোবোৰ
মান-যশ- ধন৷

যিয়ে যি কয় কৈ থাকক
কামেৰে দিম পৰিচয়
ৰূপকোঁৱৰ হব নোৱাৰা বাবে
আজি দুখী নহয় মই৷


Thursday, 2 April 2020

এলেহুৱা

পৃথিৱীৰ বুকুত বহি
মনত অসংখ্য সপোন ৰচি
নকৰিলে হব জানো কিবা কাম,
সকলো কৰিব লাগিব
তেতিয়াহে পোৱা যাব
যশ মান সন্মান৷
এলেহুৱা জীৱনত বাৰু কোনোবাই
কিবা জানো উন্নতি কৰিব পাৰে,
নিজৰ এলেহুৱা জীৱনটো
যেনেতেনে কটাব ধৰে৷
তেনেদৰে থাকি নোপোৱা একো তুমি
হোৱাচোন এজন কৰ্মী
কৰি যোৱা নিজৰ কাম,
নিজৰো উন্নতি, দেশৰো উন্নতি
পোৱা হয় নিজ কৰ্মৰ ফল
মাটিত পেলাব লাগিব ঘাম৷
কৰ্মময় জীৱন,ব্যস্তময় সময়ত
অনুভৱ কৰিব নোৱাৰি দুখৰ,
সদায়েই পোৱা হয় কৰ্মফল 
হ’ব উন্নতি জীৱনৰ৷
এলেহুৱা নহৈ হওঁ আহা কৰ্মী
কৰি যাওঁ সকলোৱে দেশসেৱা,
এলেহুৱাক কোনেও ভাল নাপায়
সি হৈ থাকে জীৱন্ত অৱস্থাতে মৰা৷

তুমি পাৰিবা জানো?

তুমি পাৰিবানে কোৱা
সাতুঁৰিব সাগৰৰ বিশাল বুকুত
উৰিব পাৰিবানে তুমি
এই সুবিশাল আকাশত?
লেখিব পাৰিবানে তুমি
আকাশত থকা ত’ৰাৰ সংখ্যা
খেলিব পাৰিবা জানো
জোন বেলি ত’ৰাৰ সৈতে?
আগ্নেয়গিৰিৰ বুকুত বহি
তপস্যা কৰিব পাৰিবানে
পাৰিবানে তুমি উদ্ধাৰ কৰিব
বাৰমুডাৰ গোপন ৰহস্য?
ধুমকেতুৰ নেজত ধৰি যাব পাৰিবানে
এই সুবিশাল পৃথিৱী গোটেইখন
খোজকাঢ়ি চলাথ কৰিব?
অগ্নিৰ বুকুত শুই
সাগৰ,মহাসাগৰ সিঁচি
আহিব পাৰিবানে হৈ
তুমি বিশ্ববিজয়ী?
হ’ব পাৰিবা জানো 
গোটেই পৃথিৱীৰ অধীশ্বৰ
অমৰ হৈ জীয়াই থাকিবানে তুমি?
পাৰিবানে যাবলৈ সূৰ্য্যৰ বুকুলৈ
দিনক পাৰিবা জানো ৰাতি কৰিব
কোৱা তুমি সকলো পাৰিবানে
দিয়া চোন মোক তোমাৰ উত্তৰ?

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...